ইঞ্জিনত হোৱা বিসংগতিৰ বাবে হৈছিল ৰে’ল দুৰ্ঘটনা!

বৃহস্পতিবাৰে সন্ধিয়া বিকানেৰ-গুৱাহাটী এক্সপ্ৰেছ ৰে’লখনৰ ১২টা ডবা লাইনচ্যুত হোৱাৰ পিছত শুকুৰবাৰে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে। এই ৰে’ল দূৰ্ঘটনাত ৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হয়। দুৰ্ঘটনাটোৰ বিষয়ে বিৱৰণ প্ৰদান কৰি মন্ত্ৰীজনে কয়, ৰে’লখনৰ Locomotive সঁজুলিত বিসংগতি সন্দেহ কৰা হৈছে। অৱশ্যে, দুৰ্ঘটনাটোৰ মুখ্য কাৰণটো এতিয়াও নিশ্চিত হোৱা নাই।

এই ৰে’ল দুৰ্ঘটনাত নিহত হোৱা পৰিয়াললৈ ৫ লাখ টকাকৈ সাহায্য। গুৰুতৰভাৱে আহতসকললৈ ১ লাখ টকাৰ সাহায্য, আহতসকললৈ ২৫,০০০ টকাৰ সাহায্য আগবঢ়াইছে ৰে’ল বিভাগে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বলীউডৰ ছবিত জিলিকিল শিৱসাগৰৰ ৩ যুৱক; ছুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে কাম কৰাৰ সুযোগ লাভ

বলীউডৰ ছবিজগতত নিজৰ প্ৰতিভাৰে খোজ পেলাইছে শিৱসাগৰৰ তিনি অসমীয়া...

মেনিলাৰ সমীপত আকাশমাৰ্গত সংঘৰ্ষ ফিলিপাইনছৰ দুই সামৰিক বিমানৰ, নিহত ৪ পাইলট

ফিলিপাইনছৰ বায়ুসেনাই শনিবাৰে এক বিবৃতিযোগে জনায় যে, শুকুৰবাৰে ফাৰ্নাণ্ডো...