উৰুকাৰ দিনা গুৱাহাটীত বিক্ৰী হ’ল ২.৭৫ কোটি টকাৰ সুৰা

পাৰ হ’ল উৰুকাৰ নিশা। লগে ভাগে এসাঁজ খাই অসমীয়াই উদযাপন কৰিলে হেঁপাহৰ ভোগালী বিহুটি। পুৱাতে উঠি মেজি জ্বলাই কোনোৱে নাচিলে কঁকাল ভাঙি। কিন্তু কেনে গ’ল আপোনাৰ উৰুকাৰ নিশাটি। হয়, যেন গুৱাহাটী মহানগৰীত পুনৰাবৃত্তি হ’ল থাৰ্টী ফাৰ্ষ্টৰ নাইট। ৩১ ডিচেম্বৰৰ নিশা নাছিল সান্ধ্য আইন। কিন্তু উৰুকাৰ নিশা ১১ বজাৰ পৰা আৰম্ভ হোৱা সান্ধ্য আইনৰ কবলত আইন উলংঘাকাৰী। ৰাজপথত সুৰাপায়ী চালকৰ বিৰুদ্ধে চলিল পৰিবহণ বিভাগৰ অভিযান। নেতৃত্বত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী।

অভিযানকাৰী দলে উৰুকাৰ নিশা গুৱাহাটীত সংগ্ৰহ কৰিলে ১১.৫০ লাখ টকা। সুৰাপান কৰি বাহনখন লৈ ৰাজপথলৈ ওলাই অহা সুৰাপায়ী চালকৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু কৰিলে ৪৮টাকৈ গোচৰ। অভিযানকাৰী দলৰ পৰা সাৰি নগ’ল এজনো আইন উলংঘাকাৰী। তাৰ মাজতে উৰুকাৰ নিশাটোত দুৰ্ঘটনা শূন্য হৈ ৰ’ল ৰাজধানী গুৱাহাটী মহানগৰী।

ইয়াৰ মাজতে ভোগালীৰ উৰুকাৰ দিনা ৰাজ্যত ব্যাপক হাৰত বিক্ৰী হ’ল বিলাতী সুৰা। খোদ এইখন গুৱাহাটী মহানগৰীতে অভিলেখ গঢ়িলে সুৰা বিক্ৰীৰ সংখ্যাই। উৰুকাৰ নিশা ভোজৰ নামত মহানগৰীত সুৰাপায়ীয়ে ব্যাপক হাৰত কিনিলে সুৰা। আপুনি জানি আচৰিত হ’ব উৰুকাৰ দিনা গুৱাহাটী মহানগৰীতে বিক্ৰী হ’ল ২.৭৫ কোটি টকাৰ সুৰা।

কেৱল গুৱাহাটীয়েই নহয়, আৰক্ষীৰ তালাচী চলিল ৰাজ্যৰ ভিন্ন প্ৰান্তত। ধুবুৰী, নাজিৰাতো একেই পৰিৱেশ। সুৰাপায়ীৰ বিৰুদ্ধে চলিল অভিযান। মুঠতে ভোগৰ উৎসৱ ভোগালীত মাছে মঙহে লগ লাগি উদৰপুৰাই এসাঁজ খালে সকলোৱে। তাৰ মাজতে একাংশই সুৰাপান কৰি ৰাজপথলৈ ওলাই অহা চালক পৰিল এনেদৰে আৰক্ষীৰ জালত। লাগিলে যিয়েই নহওক, উৎসৱ বুলিলেই সুৰা লাগিবই। সেই কথা পুনৰ প্ৰমাণ কৰিলে সুৰাপায়ীয়ে ক্ৰয় কৰা অভিলেখসংখ্যক সুৰা বিক্ৰীৰ তথ্যই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ…

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ। ৰিচা চাড্ডা...

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...

কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা, আতংকিত ৰাইজ

পুনৰ কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা। নিশা নহয় এইবাৰ দিন-দুপৰতেই চাঞ্চল্যকৰ...