পুনৰ বানত বুৰিল গুৱাহাটী

মুখ্যমন্ত্ৰীয়ে কয়, গুৱাহাটীত পূৰ্বৰ দৰে বান হোৱা নাই। কৰ’বাত ২০০ মিটাৰ পানী। কৰ’বাত ৩০০ মিটাৰ পানী। বুধবাৰে নিশা মুষলধাৰ বৰষুণ। তাৰ পাছতেই পুনৰ বানত বুৰিল গুৱাহাটী। এহাতে ছাটি এহাতে ছেণ্ডেল লৈ কৰ্মস্থলীলৈ ওলাল গুৱাহাটীৰ জনতা। অনিল নগৰত কলহত গেলাপানী ভৰাই অতিষ্ঠ জনতাৰ ক্ষোভ।

বুধবাৰে নিশা মূষলধাৰ বৰষুণ। মেঘে গাজিলেও পানী হোৱা গুৱাহাটীত পুৱালৈ পূৰ্বৰ দৰেই পৰিৱেশ। মহানগৰীৰ আভিজাত্য নলাৰ লেতেৰা পানীত উটি গল। লগতে উটিল নিষিদ্ধ কৰিম নকৰোঁ বুলি চৰকাৰ চৰম বিভ্ৰান্তিত থকা পানীৰ বটলো। বাকী ৰাইজৰ হাহাকাৰ। কোনোবা কলেজলৈ ওলাইছে। কোনোবা কাৰ্যালয়লৈ। এহাতে চেণ্ডেল, এহাতে ছাটি লৈ লক্ষ্যস্থানলৈ ৰাওনা মহানগৰৰ জনতা। এয়া চিনাকি অনিল নগৰ।
অসম হেনো ৫ উন্নত ৰাজ্যৰ শাৰীলৈ যাব…

গেলাপানীৰ মাজেৰেই আগবাঢ়িল সকলো। খোজকাঢ়ি যাব পৰা ঠাইলৈ ১০০টকা ভৰি ৰিক্সাত যাবলগীয়া হৈছে।

অসম ৫ নম্বৰলৈ যাব কেনেকৈ?
অনিল নগৰবাসীৰ ক্ষোভ। কিয় আমাক এই ঘিণলগা পৰিৱেশৰ পৰা মুক্ত নকৰে।
হেলিকপ্তাৰত ঘূৰে মন্ত্ৰী
ৰজাই বান নেদেখে

অনিল নগৰত কলহ। কিন্তু অমৃতো নহয়। মাটিও নহয়। প্ৰতিবাদ অনিল নগৰৰ জনতাৰ। মোৰ মাটি মোৰ দেশ, পানী আছে, মাটি শেষ।

যান্ত্ৰণা সাধাৰণ জনতাৰ। মুষলধাৰ বৰষুণৰ পৰিণতি এয়া। গীতানগৰত খহিল চিৰিয়াখানাৰ গাৰ্ডৱাল। ভয় শংকাত সকলো। যিকোনো মুহূৰ্তত ওলাই আহিব পাৰে চিৰিয়াখানাৰ জন্তু। ভূমিস্খলন জু-নাৰেংগী ৰোডৰ ভাস্কৰ নগৰতো। ৱাল আৰু মাটি খহি পৰিল এঘৰত। কথমপি প্ৰাণৰক্ষা। বৃহস্পতিবাৰে অধিক ভয়াৱহ পৰিস্থিতি গুৱাহাটীত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...