পুনৰ বানত বুৰিল গুৱাহাটী

মুখ্যমন্ত্ৰীয়ে কয়, গুৱাহাটীত পূৰ্বৰ দৰে বান হোৱা নাই। কৰ’বাত ২০০ মিটাৰ পানী। কৰ’বাত ৩০০ মিটাৰ পানী। বুধবাৰে নিশা মুষলধাৰ বৰষুণ। তাৰ পাছতেই পুনৰ বানত বুৰিল গুৱাহাটী। এহাতে ছাটি এহাতে ছেণ্ডেল লৈ কৰ্মস্থলীলৈ ওলাল গুৱাহাটীৰ জনতা। অনিল নগৰত কলহত গেলাপানী ভৰাই অতিষ্ঠ জনতাৰ ক্ষোভ।

বুধবাৰে নিশা মূষলধাৰ বৰষুণ। মেঘে গাজিলেও পানী হোৱা গুৱাহাটীত পুৱালৈ পূৰ্বৰ দৰেই পৰিৱেশ। মহানগৰীৰ আভিজাত্য নলাৰ লেতেৰা পানীত উটি গল। লগতে উটিল নিষিদ্ধ কৰিম নকৰোঁ বুলি চৰকাৰ চৰম বিভ্ৰান্তিত থকা পানীৰ বটলো। বাকী ৰাইজৰ হাহাকাৰ। কোনোবা কলেজলৈ ওলাইছে। কোনোবা কাৰ্যালয়লৈ। এহাতে চেণ্ডেল, এহাতে ছাটি লৈ লক্ষ্যস্থানলৈ ৰাওনা মহানগৰৰ জনতা। এয়া চিনাকি অনিল নগৰ।
অসম হেনো ৫ উন্নত ৰাজ্যৰ শাৰীলৈ যাব…

গেলাপানীৰ মাজেৰেই আগবাঢ়িল সকলো। খোজকাঢ়ি যাব পৰা ঠাইলৈ ১০০টকা ভৰি ৰিক্সাত যাবলগীয়া হৈছে।

অসম ৫ নম্বৰলৈ যাব কেনেকৈ?
অনিল নগৰবাসীৰ ক্ষোভ। কিয় আমাক এই ঘিণলগা পৰিৱেশৰ পৰা মুক্ত নকৰে।
হেলিকপ্তাৰত ঘূৰে মন্ত্ৰী
ৰজাই বান নেদেখে

অনিল নগৰত কলহ। কিন্তু অমৃতো নহয়। মাটিও নহয়। প্ৰতিবাদ অনিল নগৰৰ জনতাৰ। মোৰ মাটি মোৰ দেশ, পানী আছে, মাটি শেষ।

যান্ত্ৰণা সাধাৰণ জনতাৰ। মুষলধাৰ বৰষুণৰ পৰিণতি এয়া। গীতানগৰত খহিল চিৰিয়াখানাৰ গাৰ্ডৱাল। ভয় শংকাত সকলো। যিকোনো মুহূৰ্তত ওলাই আহিব পাৰে চিৰিয়াখানাৰ জন্তু। ভূমিস্খলন জু-নাৰেংগী ৰোডৰ ভাস্কৰ নগৰতো। ৱাল আৰু মাটি খহি পৰিল এঘৰত। কথমপি প্ৰাণৰক্ষা। বৃহস্পতিবাৰে অধিক ভয়াৱহ পৰিস্থিতি গুৱাহাটীত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...