বি টি আৰৰ উন্নয়নৰ বাবে কেইবাটাও প্ৰকল্পৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ

বৰমা-ধমধমা-তামুলপুৰ পথত পকী দলঙৰ শুভ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে

বি টি আৰৰ উন্নয়নৰ বাবে কেইবাটাও প্ৰকল্পৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি তামুলপুৰ জিলাৰ জাৰতালুকত বৰ্মা ধমধমা-তামুলপুৰ পথত নৱনিৰ্মিত পকী দলংখন শুভ উদ্বোধন কৰি ৰাইজৰ সেৱাত উৎসর্গা কৰে। উল্লেখযোগ্য যে ২০২১ চনৰ ২৬ ফেব্ৰুৱাৰীত ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ অধীনত ২৯ কোটি ৫৭ লাখ টাকা বায় সাপেক্ষে দলংখনৰ আধাৰশিলা স্থাপন কৰা হৈছিল। এই দলংখনৰ দৈৰ্ঘ্য ১৯৩.৪৮০ মিটাৰ। এই দলংখনে তামুলপুৰ জিলাৰ লগত বাক্সা জিলা সংযোগ সাধন কৰিব। পূৰ্বতে এই দুয়োখন জিলা সংযোগ কৰিবলৈ কোনো বিকল্প পথ যোগাযোগ নাছিল।

এই উপলক্ষে তামুলপুৰত অনুষ্ঠিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই দলংখনৰ শুভ উদ্বোধনৰ লগে লগে বি টি আৰৰ পথ যোগাযোগ ব্যৱস্থাই এক নতুন মাত্ৰা লাভ কৰিলে। এতিয়া তামুলপুৰ আৰু বাক্সাৰ মাজত যাতায়াত ব্যৱস্থা সূচলতৰ হোৱাৰ লগতে তামুলপুৰ-মুছলপুৰৰ মাজত ভ্ৰমণৰ দূৰত্ব ৭৪ কিঃমিঃৰ পৰা ৩৭ কিঃমিঃলৈ আৰু যাত্ৰাৰ সময় ২ ঘণ্টাৰ পৰা ১ ঘণ্টালৈ হ্ৰাস পাব বুলিও তেওঁ কয়। পাগলাদিয়া নদীৰ ওপৰত নির্মিত এই দলংখনে কমেও ২৫ হাজাৰ লোকক প্ৰত্যক্ষভাৱে উপকৃত কৰিব।

মুখ্যমন্ত্ৰীয়ে কয় যে জনসাধাৰণৰ সহায়ক হোৱাকৈ ৰাজ্য চৰকাৰে তামুলপুৰ জিলা ঘোষণা কৰিছিল। সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ বাবে সাময়িকভাৱে কিছুদিনৰ কাৰণে জিলাখনৰ স্বীকৃতি স্থগিত কৰিবলগীয়া হৈছিল যদিও বৰ্তমান তামুলপুৰ জিলাই পূৰ্বৰ মৰ্যাদা ওভতাই পাইছে বুলি উল্লেখ কৰি তেওঁ কয় যে জিলা আয়ুক্তয়ো নিয়মীয়া কাম-কাজ আৰম্ভ কৰিছে। কুমাৰীকাটা-কাউলি-গুৱাবাৰী পথত মটঙা নদীৰ ওপৰত দুখন, বাল্টি নদীৰ ওপৰত এখন, দক্ষিণ কুমাৰীকাটা-নাগ্ৰীজুলি পথৰ ওপৰত মটঙা নদীৰ ওপৰত আন এখন পকী দলঙৰ আধাৰশিলা স্থাপন কৰা হৈছিল আৰু ইয়াৰ নিৰ্মাণকাৰ্য অব্যাহত আছে বুলি মুখ্যমন্ত্রীয়ে কয়। মুখ্যমন্ত্রীয়ে কয় যে পাগলাদিয়া নৈৰ ওপৰত আন এখন দলঙ নিৰ্মাণৰ পদক্ষেপ হাতত লোৱা হৈছে। এই দলংখন সম্পূৰ্ণ হৈ উঠিলে তামুলপুৰ আৰু বাক্সা জিলাৰ মাজত যোগাযোগ ব্যৱস্থা অতি সুচল হৈ পৰিব।

মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে ধৰ্মধমাৰ পৰা তামুলপুৰলৈ ২৬ কিঃমিঃ দৈৰ্ঘ্যৰ পথটো অসম মালা অধীনত দ্বৈতপথ কৰা হ’ব। এই ক্ষেত্ৰত ৰাইজে সহযোগিতা আগবঢ়াব লাগিব বুলিও তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰ আৰু বি টি চি চৰকাৰে বি টি আৰৰ আৰ্থ-সামাজিক আৰু শৈক্ষিক বিকাশ অধিক দ্রুত কৰাৰ বাবে নিৰন্তৰ কাম কৰি আহিছে। ৬০০ কোটি টকা ব্যয় সাপেক্ষ তামুলপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ কাম পূর্ণ গতিত চলি আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালখন নিৰ্মাণ হৈ উঠিলে জনসাধাৰণ বিশেষকৈ বি টি আৰৰ অন্তৰ্গত লোকসকলৰ স্বাস্থ্য সেৱাৰ দিশত বহু সহায়ক হৈ উঠিব।

মুখ্যমন্ত্ৰীয়ে তামুলপুৰত সংহত উপায়ুক্তৰ কাৰ্যালয় নিৰ্মাণৰ বাবে ২৫ কোটি টকা, তামুলপুৰ আৱৰ্ত্ত ভৱনৰ বাবে ৫ কোটি টকা আৰু তামুলপুৰত ষ্টেডিয়াম নিৰ্মাণৰ বাবে ৫০ কোটি টকাৰ প্ৰকল্প ৰূপায়ণ কৰা হ’ব বুলিও ঘোষণা কৰে। এই কামসমূহ অহা জানুৱাৰীৰ পৰা আৰম্ভ কৰা হ’ব বুলিও তেওঁ কয়। মখ্যমন্ত্রীয়ে কয় যে অনাগত দিনত যোগ্য মহিলাসকলক অৰুণোদয় হিতাধিকাৰীৰ তালিকাত অন্তর্ভুক্ত কৰা হ’ব।

আজিৰ এই অনুষ্ঠানত হস্ততাঁত আৰু বস্ত্রশিল্প বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰহ্ম, বি টি চিৰ সদস্য প্রমোদ বড়ো, সাংসদ দিলীপ শ‍ইকীয়া, বিধায়ক জলেন দৈমাৰী, বি টি চিৰ অধ্যক্ষ ব কার্যবাহী সদস্য প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...