মহানগৰ আৰক্ষীৰ জালত গভাইত গাড়ী চোৰৰ গেং

মহানগৰ আৰক্ষীৰ জালত গভাইত গাড়ী চোৰৰ গেং। পৃথক পৃথক স্থানৰ পৰা গ্ৰেপ্তাৰ চোৰৰ দলৰ একাধিক সদস্যক। প্ৰথমে মেঘালয়ৰ জোৱাইৰ পৰা ভঙাগড় আৰক্ষীয়ে কৰায়ত্ত কৰে ২টা চোৰক। খেদি খেদি এই চোৰ দুটাক কৰায়ত্ত কৰে ভঙাগড় আৰক্ষীয়ে । লগতে আৰক্ষীয়ে জব্দ কৰে এখন চুৰি গাড়ী। ABC ৰ এজন ব্যৱসায়ীৰ বলেৰ’ পিক আপ চুৰি কৰি লৈ গৈছিল শ্বিলং অভিমুখে। চুৰি হোৱা বলেৰ’ পিক আপ গাড়ীখনত লগোৱা আছিল GPS। GPSৰ সহায় লৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চোৰকেইটাক । গ্ৰেপ্তাৰ হোৱা চোৰ কেইটাৰ নাম আজিজুল আলী, জনিনুদ্দিন আলী। ধৃত চোৰ দুটাৰ স্বীকাৰোক্তিৰ ভিত্তিত আজাৰাৰ পৰা আন দুটা চোৰক গ্ৰেপ্তাৰ। আজাৰাত গ্ৰেপ্তাৰ আমিৰ আলী আৰু ৰাজাক আলী নামৰ চোৰ দুটা। লগতে আজাৰাৰ পৰা জব্দ কৰে এখন আৰ্তিকা গাড়ী। গাড়ী চোৰৰ গেংটোৰ বিৰুদ্ধে মহানগৰীৰ কেইবাখনো থানাত আছে গোচৰ। ফটাশিল আমবাৰী থানাই গ্ৰেপ্তাৰ কৰে আন ৪ টা বাইক চোৰক। ধৃত ৰেকিবুল হুছেইন, চামহেদ আলী, জাকিৰ হুছেইন, বিপাল হুছেইন। বাইক চুৰি গেঙটোৱে মহানগৰীৰ পৰা কেইবাখনো বাইক চুৰি কৰি বিক্ৰী কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...