আগন্তুক বৰ্ষত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব গুণোৎসৱ

শিক্ষাৰ গুণগত মান উন্নীতকৰণৰ বাবে আগন্তুক বৰ্ষত ৰাজ্যখনত অনুষ্ঠিত হ’বলগীয়া গুণোৎসৱৰ বিভিন্ন দিশ পর্যালোচনা কৰাৰ উদ্দেশ্যৰে আজি জনতা ভৱনস্থিতি মুখ্যমন্ত্ৰীৰ সভাকক্ষত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত এক বৈঠক অনুষ্ঠিত হয়। আজিৰ এই বৈঠকতে দুটা পৰ্যায়ত গুণোৎসৱ আয়োজন কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰা হয়।

২০২২ চনৰ ৫, ৬ আৰু ৭ এপ্ৰিলত প্রথম পর্যায় আৰু ২০, ২১ আৰু ২২ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত হ’ব। ইয়াৰ জৰিয়তে প্ৰথম শ্ৰেণীৰ পৰা দশম শ্রেণীলৈ ৰাজ্যখনৰ ৪২,৫১,৫২৪ গৰাকী ছাত্ৰ-ছাত্ৰীক সামৰি লোৱা হ’ব। ৰাজ্যখনৰ চৰকাৰী, প্ৰাদেশীকৃত আৰু চাহ বাগিচা ব্যৱস্থাপনাৰে সামৰি লোৱা ৪৬,২৫১ খন বিদ্যালয়ত গুণোৎসৱ অনুষ্ঠিত হ’ব। বৈঠকত মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত শিক্ষাৰ গুণগত মান অধিক উন্নতকৰণৰ বাবে গুণোৎসৱ সফলভাবে অনুষ্ঠিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ছাত্ৰ-ছাত্ৰীসকলে অৰ্জন কৰা জ্ঞানৰ সঠিক মূল্যায়নৰ বাবে পৰীক্ষা আৰু মূল্যাংকন পদ্ধতি অধিক শক্তিশালী কৰাৰ বাবে শিক্ষা বিভাগৰ বিষয়াসকলক নির্দেশ দিয়ে।

বৈঠকত শিক্ষা বিভাগৰ শীৰ্ষ বিষয়াসকলে গুণোৎসৱৰ বাবে বিভাগে গ্রহণ কৰা বিভিন্ন ব্যৱস্থাৰাজীৰ সম্পৰ্কত মুখ্যমন্ত্ৰীক অৱগত কৰে। আজিৰ এই বৈঠকত শিক্ষা বিভাগৰ উপদেষ্টা ড° ননী গোপাল মহন্ত, শিক্ষা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তী ধৰি শিক্ষা বিভাগৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...