দ্বিতীয়বাৰৰ বাবে গ্ৰেমী এৰ্ৱাড জয় ভাৰতীয় সুৰকাৰ ৰিকি কেজৰ

প্ৰতি বছৰে গ্ৰেমীয়ে যথোপযুক্ত সন্মান প্ৰদৰ্শন কৰে সংগীত শিল্পী, গীতিকাৰ তথা মিউজিক এলবামসমূহক। ১৯৫৯ চনৰ পৰা প্ৰত্যেক বছঠৰেই অনুষ্ঠিত হৈ আহিছে এই গ্ৰেমী এৱাৰ্ডছ। এই বৰ্ষৰ গ্ৰেমী এৱাৰ্ড প্ৰদান অনুষ্ঠান প্ৰথমে অনুষ্ঠিত হোৱাৰ কথা আছিল ৩১ জানুৱাৰীত। কিন্তু আন বহু অনুষ্ঠানৰ দৰেই কৰোণা ভাইৰাছৰ অমিক্ৰন প্ৰজাতিৰ প্ৰাদুৰ্ভাৱৰ বাবে অনুষ্ঠানটো পিছুৱাই দিয়া হৈছিল। সেয়েহে আমেৰিকাৰ নেভাডাৰ লাছ ভেগাছৰ এমজিএম গ্ৰেণ্ড গাৰ্ডেন এৰেনাত অনুষ্ঠিত হৈছিল ৬৪সংখ্যক গ্ৰেমী বঁটা প্ৰদান অনুষ্ঠান।

India's Ricky Kej wins his second Grammy award

উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে এই ঠাইত অনুষ্ঠিত হৈছিল গ্ৰেমী বঁটা প্ৰদান অনুষ্ঠান। ভাৰতবাসীক গৌৰৱান্বিত কৰি দ্বিতীয়বাৰৰ বাবে গ্ৰেমী এৰ্ৱাড জয় কৰিলে ভাৰতীয় সুৰকাৰ ৰিকি কেজে। ‘ডিভাইন টাইডছ’ নামৰ মিউজিক এলবাম খনৰ বাবে ৰিকি কেজলৈ আগবঢ়োৱা হল গ্ৰেমী।

একেদৰে গ্ৰেমীৰ ৫টাকৈ বঁটা লাভ মাৰ্কিন গায়ক জন বাটিষ্টৰ। মাৰ্কিন গায়িকা তথা অভিনেত্ৰী অলিভিয়া ৰ’ড্ৰিগে লাভ কৰিলে ৩টাকৈ বঁটা। বঁটা গ্ৰহণ কৰি আৱেগিক হৈ পৰিল অলিভিয়া। কম বয়সীয়া তথা নৱাগতা অলিভিয়াৰ বঁটা লাভৰ বিষয়টোৱে আন বহু ন ন শিল্পীৰ মনত বোৱালে উত্সাহৰ নতুন সুঁতি।

একেদৰে গায়ক ব্ৰুনো মাৰ্চ আৰু ৰেপাৰ, গায়ক এণ্ডাৰছনক লৈ গঠিত সংগীত যুটি চিল্ক চনিক”ৰ বাবে ৰেকৰ্ড অফ দা ইয়েৰ আৰু ছং অফ দা ইয়েৰ শ্ৰেণীত আগবঢ়োৱা হয় গ্ৰেমী বঁটা। ভাৰতৰ পৰা এ আৰ ৰহমানেও গ্ৰেমীত ভাগ লবলৈ উপস্থিত হয়গৈ আমেৰিকাত। আৰু এইদৰেই সমাপন হৈ যায় আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত গ্ৰেমী বঁটা প্ৰদান অনুষ্ঠান।

Olivia Rodrigo wins 3 Grammys, Zelenskyy appeals for Ukraine
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰথমবাৰৰ বাবে বিজেপিৰ মেয়ৰ নিৰ্বাচিত হ’ব মুম্বাইত

মহাৰাষ্ট্ৰৰ বৃহন্মুম্বাই পৌৰ নিগমকে ধৰি ২৯খন পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল...

খাৰুৱা তেলক কিয় বিশ্ব অৰ্থনীতিৰ ইঞ্জিন বুলি কোৱা হয়?

যেতিয়াই আমি পেট্ৰ’ল পাম্পত আমাৰ বাহনত তেল ভৰাওঁ তেতিয়া...

নিজে লাভ কৰা নোবেল বঁটা ট্ৰাম্পক দিলে মাচাডোৱে, এই বঁটা হস্তান্তৰ কৰিব পাৰিনে?

ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাডোৱে বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি...

চীন, ভাৰত আৰু ইউৰোপ… নতুন বিশ্ব ব্যৱস্থাৰ কথা কিয় চলিছে, কানাডা নেতা হ’ব নেকি?

কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে বিশ্ব বাণিজ্যৰ দিশ নিৰ্ধাৰণৰ অভিযানত...