আহোম পোছাকত নিশিতাৰ ৰূপ দেখি ছচিয়েল মিডিয়াত ধুমুহা

অসমৰ প্ৰতিটো জনগোষ্ঠীৰে সুকীয়া পোছাক আছে। বিভিন্ন জাতি-জনগোষ্ঠীৰ সুকীয়া কলা-কৃষ্টি থকাৰ লগতে বিশেষ সাজপাৰো আছে। টাই আহোমসকলৰ পোছাকত অসমৰ যুৱতীসকলক অপূৰ্ব দেখা যায়। অতীজৰে পৰা নিজৰ ঐতিহ্য তথা পৰম্পৰা ধৰি ৰখাৰ বাবে নিজৰ পোছাক পৰিধান কৰি আহিছে আহোম ৰমণীসকলে।

শেহতীয়াভাবে অসমৰ জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীয়ে আহোম পোছাক পৰিধান কৰি আপলোড কৰে ফটো।

ফটোখনৰ কেপচনত নিশিতাই লিখিছে-এই যে বৰ অসমখনৰ ভেঁটি গঢ়ি থৈ গৈছিল আহোম সকলে , কিমান ধুনীয়া আছিল তেওঁলোকৰ সাজ-সজ্জা । গাত লৈ কিবা যেন এক অনাবিল আনন্দ পোৱা যায় । সেই ৰাজকীয় , পৰম্পৰাগত, ঐতিহ্য বহনকাৰী কাপোৰযোৰ মেৰিয়াই লৈ কিছু মূহুৰ্ত সাঁচি ৰাখিলোঁ।

উল্লেখ্য যে, অভিনেত্ৰীগৰাকীয়ে প্ৰায়ে সামাজিক মাধ্যমত এক্টিভ থাকে। বিভিন্ন স্থান ভ্ৰমণ, ফটো আৰু নিজৰ সাংস্কৃতিক আৰু প্ৰমচনেল কাম-কাজৰ তথ্য প্ৰচাৰ কৰে অনুৰাগীৰ মাজত। ইয়াৰ লগতে সামাজিক বিষয়সমূহৰ ওপৰতো নিজৰ মতামত দাঙি ধৰি আহিছে অভিনেত্ৰীগৰাকীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...