চিকিৎসালয়ৰ পৰা ঘৰলৈ গ’ল গোবিন্দা

চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হ’ল গোবিন্দাক। দুৰ্ভাগ্যবশতঃ নিজৰ ৰিভলভাৰেৰে গুলীবিদ্ধ হৈছিল অভিনেতাজন।

দুৰ্ঘটনাৰ পিছতে ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল গোবিন্দাক। শুকুৰবাৰে চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয় অভিনেতাজনক। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়াৰ ভিডিঅ’।

হুইলচেয়াৰত বহি থকা দেখা গৈছে গোবিন্দাক। ১ অক্টোবৰৰ পুৱা প্ৰায় ৪ বাজি ৪৫ মিনিটত গুলীবিদ্ধ হৈছিল অভিনেতাজন৷ নিজৰ অনুজ্ঞাপত্ৰ থকা ৰিভলভাৰটো পৰীক্ষা কৰি থাকোঁতেই অভাৱনীয়ভাৱে সংঘটিত হৈছিল সেই দুৰ্ঘটনা। বাওঁভৰিত আঘাতপ্ৰাপ্ত হৈছিল জনপ্ৰিয় অভিনেতাজন। লগে-লগে মুম্বাইৰ ক্ৰিটিকেয়াৰ হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল গোবিন্দাক। শুকুৰবাৰে তেওঁক অব্যাহতি দিয়া হৈছে চিকিৎসালয়ৰ পৰা। চিকিৎসালয়ৰ বাহিৰত পৰিয়ালৰ সদস্যসকলৰ সৈতে দেখা গ’ল গোবিন্দাক৷

গোবিন্দাৰ সৈতে দেখা গ’ল পত্নী সুনীতা আহুজা আৰু জীয়াৰী টিনা আহুজাক। দেশজুৰি অগণন অনুৰাগী আছে ১৯শ শতিকাৰ পৰা বলিউডত দপদপাই থকা চিৰসেউজ অভিনেতা গোবিন্দাৰ। অভিনেতাজনৰ সুস্থতাই সুখী কৰিছে অনুৰাগীসকলক।

Popular

More like this
Related

দিল্লী কেপিটেলছৰ বলিং প্ৰশিক্ষক মুনাফ পেটেলক জৰিমনা বিহিলে BCCIয়ে

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আইপিএল) এক গুৰুত্বপূৰ্ণ ঘটনাত দিল্লী কেপিটেলছৰ...

BGTৰ বিপৰ্যয়ৰ পিছত ভাৰতীয় দলৰ বেটিং প্ৰশিক্ষক অভিষেক নায়াৰ, ফিল্ডিং প্ৰশিক্ষক টি দিলীপক বৰ্খাস্ত কৰিলে BCCIয়ে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) অষ্ট্ৰেলিয়া Tourত ভাৰতীয় দলৰ...

IPLৰ সৈতে সংযুক্ত অংশীদাৰসকলক এজন ‘সন্দেহজনক’ ব্যৱসায়ীৰ পৰা সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ BCCIৰ

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আইপিএল)...