APSCৰ অনিয়মৰ বিৰুদ্ধে চৰকাৰৰ পদক্ষেপ

অসম চৰকাৰে এ পি এছ চিৰ ২০১৩ বৰ্ষৰ ACS, APS আৰু অন্যান্য সেৱাৰ বাবে নির্বাচিত ৩৪জন বিষয়াৰ বিৰুদ্ধে বিভাগীয় কাৰ্যব্যৱস্থা গ্ৰহণৰ পদক্ষেপ লৈছে। ন্যায়াধীশ বি কে শর্মা আয়োগৰ প্ৰতিবেদনৰ আধাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা মৰ্মে চৰকাৰে এই উদ্যোগ গ্রহণ কৰিছে। সমগ্র বিষয়টোৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী শৰ্মাই কঠোৰ স্থিতি লৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ জাৰি কৰিছে। একেদৰে ২০১৫ বৰ্ষৰ ১২ মে’ত ফলাফল ঘোষণা কৰা APSCৰ প্ৰাৰম্ভিক আৰু মূল পৰীক্ষাৰ টেবুলেশন শীটত নম্বৰৰ বিসংগতিত নাম সাঙোৰ খোৱা বিষয়াৰ বিৰুদ্ধেও আয়োগৰ প্ৰতিবেদন মর্মে ব্যৱস্থা গ্ৰহণৰ পদক্ষেপ লোৱা হৈছে। উল্লেখ্য যে, ২০১৩ আৰু ২০১৪ বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত ঘটা অনিয়ম সন্দৰ্ভত ইতিমধ্যে ৫৭ জন ACS, APS আৰু অন্যান্য সেৱাৰ বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ…

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ। ৰিচা চাড্ডা...

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...

কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা, আতংকিত ৰাইজ

পুনৰ কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা। নিশা নহয় এইবাৰ দিন-দুপৰতেই চাঞ্চল্যকৰ...