ছাত্ৰীৰ ব্যক্তিগত ফটো ভাইৰেল কৰি আৰক্ষীৰ জালত ২ ছাত্ৰ

এটা উদ্বেগজনক ঘটনা সংঘটিত হৈছে দেৰগাঁৱত। এগৰাকী ছাত্ৰীৰ ব্যক্তিগত ফটো ভাইৰেল কৰি আৰক্ষীৰ জালত পৰিছে ২ ছাত্ৰ। উচ্চতৰ মাধ্যমিকত অধ্যয়নৰত দুই ছাত্ৰই ভাইৰেল কৰিলে ফটো। ভুক্তভোগী ছাত্ৰীগৰাকী এইবাৰ অৱতীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত। তথ্য অনুসৰি ছাত্ৰীগৰাকীৰ কিছু বক্তিগত আপত্তিজনক ফটো ভাইৰেল কৰিছিল দুই ছাত্ৰই। ইয়াৰ লগতে ফটো ভাইৰেল কৰাৰ ভাবুকিৰে মানসিক হাৰাশাস্তি চলাইছিল ছাত্ৰীগৰাকীক। অৱশেষত ছাত্ৰীগৰাকীৰ পৰিয়ালে এই কথা জানিব পাৰি এজাহাৰ দাখিল কৰে দেৰগাঁও আৰক্ষীক। দেৰগাওঁ আৰক্ষীয়ে 63/22 ত U/S 376 DA, RW 6 of Posco, RW sec 67B IT ধাৰাত গোচৰ ৰুজু কৰিছে। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ দেৰগাঁৱত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰথমবাৰৰ বাবে বিজেপিৰ মেয়ৰ নিৰ্বাচিত হ’ব মুম্বাইত

মহাৰাষ্ট্ৰৰ বৃহন্মুম্বাই পৌৰ নিগমকে ধৰি ২৯খন পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল...

খাৰুৱা তেলক কিয় বিশ্ব অৰ্থনীতিৰ ইঞ্জিন বুলি কোৱা হয়?

যেতিয়াই আমি পেট্ৰ’ল পাম্পত আমাৰ বাহনত তেল ভৰাওঁ তেতিয়া...

নিজে লাভ কৰা নোবেল বঁটা ট্ৰাম্পক দিলে মাচাডোৱে, এই বঁটা হস্তান্তৰ কৰিব পাৰিনে?

ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাডোৱে বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি...

চীন, ভাৰত আৰু ইউৰোপ… নতুন বিশ্ব ব্যৱস্থাৰ কথা কিয় চলিছে, কানাডা নেতা হ’ব নেকি?

কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে বিশ্ব বাণিজ্যৰ দিশ নিৰ্ধাৰণৰ অভিযানত...