ভাল খবৰ, কাজিৰঙাত বৃদ্ধি পালে ২০০টা গঁড়

0 34

অসমৰ প্ৰতিখন ৰাষ্ট্ৰীয় উদ্য়ান আৰু অভয়াৰণ্যতে বৃদ্ধি পাইছে গঁড়ৰ সংখ্যা। চোৰাংচিকাৰীৰ হাতত এশিঙীয়া গঁড়ৰ নিধন হ্ৰাস পোৱাৰ লগে লগে অসম গৌৰৱ গঁড়ৰ সংখ্যা বৃদ্ধি হৈছে। শেহতীয়া গণনাত কাজিৰঙাত বৃদ্ধি পালে ২০০টা গঁড়। বৰ্তমান কাজিৰঙাত ২,৬১৩টা গঁড়ে বসবাস কৰে। আনহাতে, ২০১৮ৰ গঁড় পিয়লত ২,৪১৩টা গঁড় পোৱা গৈছিল।

বন বিষয়া, বিশেষজ্ঞ আৰু বনকৰ্মীৰ উপস্থিতিত কাজিৰঙাত সম্পন্ন হয় ১৪ সংখ্যক গঁড় পিয়ল ৷ ইয়াৰ পূৰ্বে পবিতৰা আৰু মানাহতো গঁড়ৰ সংখ্য়া বৃদ্ধি পাইছিল।

Leave A Reply

Your email address will not be published.