৪ লাখ টকাত বিক্ৰী হৈছে কিডনী, দালালক দিব লাগে ৫০ হাজাৰ

উজনিত পুনৰ সক্ৰিয় মানৱ অংগ সৰবৰাহকাৰী। এইবাৰো এই চক্ৰটোৰ বলি হৈছে চাহ শ্ৰমিক। ধনৰ লোভ দেখুৱাই সহজ-সৰল চাহ শ্ৰমিকৰ পৰা কাটি লোৱা হৈছে দেহৰ অংগ। আর্থিকভাৱে দুৰ্বল একাংশ চাহ শ্ৰমিকে কেইটামান টকাৰ বিনিময়তে এইদৰে বিক্ৰী কৰি দিছে নিজ অংগ। শ্ৰমিক সকলৰ দৰিদ্ৰতাৰ সুযোগ লৈ একাংশ দালালে চলাই আছে মানৱ দেহৰ এই ৰমৰমীয়া বেহা। এইবাৰৰ স্থান ডিব্ৰুগড়ৰ মোহনবাৰী চাহ বাগিচা। এই বাগিচাৰেই মতি মির্ধা নামৰ এগৰাকী শ্ৰমকে ৪ লাখ টকাৰ বিনিময়ত নিজৰ এটা বৃক্ক বিক্ৰী কৰিছে। মোহনবাৰীৰ নেপালীপট্টিৰ এজন দালালে ৫০ হাজাৰ টকা দালালি লৈ মতি মিৰ্ধাৰ এটা বৃক্ক জনৈক ব্যক্তিক বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে। বৃক্ক এটা বিক্ৰী কৰি দুমাহ দিন কলিকতাত থাকি নিজ গৃহলৈ ঘূৰি আহিছে। এই ঘটনাটো পোহৰলৈ অহাৰ পিছতে বাগিচাৰ লোকসকলৰ মাজত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই চক্ৰটোৰ সতে জড়িত ব্যক্তি সকলক কৰায়ত্ত কৰি উপযুক্ত শাস্তি প্ৰদানৰো দাবী উত্থাপন কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজ্যৰ প্ৰশাসনত ব্যাপক ৰদ-বদল

IAS এছ আব্বাছিক জলসিঞ্চন বিভাগৰ বিশেষ মুখ্য সচিবৰ দায়িত্বগৃহ...

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বাবে সুখবৰ; Quality Council of Indiaৰ পৰা লাভ কৰিলে বিশেষ স্বীকৃতি

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (GMCH)ৰ বাবে আহিল এটা অত্যন্ত গুৰুত্বপূৰ্ণ...

WhatsApp হেক হৈছে নেকি? এই গোপন ক’ডটো ডায়েল কৰক আৰু WhatsApp একাউণ্ট পুনৰুদ্ধাৰ কৰক

হোৱাটচএপ একাউণ্ট হেৰুৱাই আকৌ ঘূৰাই পোৱাটো আজিকালিৰ এটা ভয়ংকৰ...