ওদালগুৰিৰ ৰৌতাত প্ৰৱঞ্চকৰ দৌৰাত্ম্য

ওদালগুৰিৰ ৰৌতাত চৰকাৰী চাকৰিৰ প্ৰলোভন দি লাখ লাখ টকা সংগ্ৰহ প্ৰৱঞ্চকৰ দলৰ। ভুৱা নিযুক্তি পত্ৰৰে ৩ প্ৰৱঞ্চকে লুটিলে ৫ লক্ষাধিক টকা। মন্ত্ৰী পীয়ুষ হাজৰিকাৰ ঘণিষ্ঠ বুলি নিজকে চিনাকী দি ৰমেশ ডেকা নামৰ লোকজনৰ পৰা ৫ লাখ ৫০ হাজাৰ টকা লৈছিল আহমদ আলী, কিছমত আলী আৰু কুৰবান আলী নামৰ তিনি প্ৰৱঞ্চকে। চাকৰি নাপাই অৱশেষত ৰৌতা আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী ৰমেশ ডেকা।

চাকৰিৰ মোহ
মুখ্যমন্ত্ৰীয়ে কয়- চাকৰিৰ বাবে ঘোচ নিদিব।
কিন্তু আজিও টকা দি চাকৰি বিচাৰে মানুহে।

ওদালগুৰি ৰৌতাৰ ঝাৰগাঁৱৰ এই লোকজনৰ নাম ৰমেশ ডেকা। চাকৰিৰ বাবে বৃহৎ পৰিমাণৰ ধন দি এতিয়া সৰ্বস্বান্ত ৰমেশ ডেকাৰ পৰিয়াল। এখন স্কুলৰ পিয়নৰ চাকৰিৰ বাবে ৫.৫০ লাখ টকা দিছিল ৰমেশ ডেকাই। চাকৰি হোৱাৰ কথা আছিল কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত।

চাকৰিৰ প্ৰলোভন দিছিল ৩ জন লোকে। দলগাঁৱৰ বেছিমাৰীৰ আহমদ আলী, কিছমত আলী ওৰফে ৰহিমুদ্দিন আৰু কুৰবান আলী। নিজকে মন্ত্ৰী পীয়ুষ হাজৰিকাৰ ঘণিষ্ঠ বুলি কৈছিল ৩ প্ৰৱঞ্চকে। মন্ত্ৰী পীয়ুষৰ নাম শুনি মাটি বিক্ৰী কৰি কিস্তি কিস্তিকৈ ৩ প্ৰৱঞ্চকক ৫ লাখ ৫০ হাজাৰ টকা দিছিল ৰমেশ ডেকাই। কিন্তু চাকৰি নহ’ল।

প্ৰৱঞ্চকৰ দলটোৱে ৰমেশ ডেকাক প্ৰথমে দিলে এখন ভুৱা নিযুক্তি পত্ৰ। ভুৱা নিযুক্তি পত্ৰখন এইখন। এই নিযুক্তি পত্ৰখনেৰে কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত পিয়নৰ চাকৰি নহ’ল ৰমেশ ডেকাৰ। এইবাৰ প্ৰৱঞ্চকৰ দলে ৰমেশ ডেকাক দিলে নতুন টোপ। শিক্ষা বিভাগ নহয়, অন্য বিভাগত হ’ব চাকৰি। নতুনকৈ বিদ্যুৎ বিভাগ অথবা শক্তি বিভাগত চাকৰিৰ প্ৰলোভন। কিন্তু চাকৰি পোৱাৰ সৌভাগ্য নহ’ল ৰমেশ ডেকাৰ। চৰকাৰী চাকৰিৰ আশাত মাটি বিক্ৰী কৰি প্ৰৱঞ্চকক ৫.৫০ লাখ দি এতিয়া হাহাকাৰ ৰমেশ ডেকাৰ পৰিয়ালটোৰ।

উপায়ন্তৰ হৈ দুমাহ পূৰ্বেই ৰৌতা আৰক্ষী থানাত ৩ প্ৰৱঞ্চক আহমদ আলী, কিছমত আলী আৰু কুৰবান আলীৰ বিৰুদ্ধে গোচৰ দিছিল ভুক্তভোগী লোকজনে। কিন্তু ৩ প্ৰৱঞ্চকৰ বিৰুদ্ধে কোনো ব্যৱস্থাই নল’লে ৰৌতা আৰক্ষীয়ে। প্ৰৱঞ্চক তিনিজনৰ বিৰুদ্ধে দুমাহ পিছত পুণৰ ৰৌতা আৰক্ষীৰ শৰণাপন্ন হৈছে ৰমেশ ডেকা। লোকজনৰ শেষ ভৰষাই এতিয়া আৰক্ষী। অভিযোগ অনুসৰি ৩ প্ৰৱঞ্চকে সমগ্ৰ ৰৌতা অঞ্চলৰ বিভিন্নজনৰ পৰা চৰকাৰী চাকৰিৰ নামত সংগ্ৰহ কৰিছিল বৃহৎ পৰিমাণৰ ধন। ৰৌতাৰ আঘোনঝাৰৰ লীন দৈমাৰী নামৰ লোকজনৰ পৰাও ৩৩ হাজাৰ টকা সংগ্ৰহ কৰাৰ অভিযোগ আহমদ, কিছমত আৰু কুৰবানৰ বিৰুদ্ধে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...