শ্বাহবাজ শ্বৰিফ হ’ব নেকি পাকিস্তানৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী?

পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমাৰাণ খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন। পাক সংসদত অনাস্থা প্ৰস্তাৱ উত্থাপন কৰে বিৰোধী নেতা তথা পাকিস্তান মুছলিম লীগ (নাৱাজ)ৰ অধ্যক্ষ শ্বাহবাজ শৰিফে। সোমবাৰে অনাস্থা প্ৰস্তাৱ উত্তাপনৰ পিছতে ইমাৰাণ খানে পদত্যাগ কৰাৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে। দুদিন বিৰতিৰ পিছত আৰম্ভ হোৱা পাকিস্তানৰ নিম্ন সদনৰ বৈঠকৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰে সন্মিলিত বিৰোধী পক্ষই। কিন্তু অনাস্থা প্ৰস্তাৱ উত্থাপনৰ পিছতে সদনত সৃষ্টি হয় হুলস্থুলীয়া পৰিস্থিতিৰ। ফলত ৩১ মাৰ্চ পৰ্যন্ত সংসদৰ অধিৱেশন স্থগিত ৰখাৰ ঘোষণা কৰে উপাধ্যক্ষ কাছিম খান সুৰিয়ে। ইয়াৰ পিছতে একাংশ পাক সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি আস্থা ভোটৰ পূৰ্বে সংখ্যাগৰিষ্ঠতা নথকাৰ বাবে পদত্যাগ কৰিব পাৰে প্ৰধানমন্ত্ৰী ইমৰাণ খানে।

আনহাতে, ইমৰাণ খানৰ পিছত বিৰোধী নেতা শ্বাহবাজ শ্বৰিফ পাকিস্তানৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ’ব বুলিও চলিছে ব্যাপক চৰ্চা। উল্লেখযোগ্য যে, ৩৪২খন আসনৰ পাক নেচনেল এচেম্বলীত মেজিক নম্বৰ ১৭২। ইমৰানৰ নিজৰ দলৰ সদস্যৰ সংখ্যা ১৫৫জন। বুধবাৰে ইমৰাণখান চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰে MQM-Pৰ ৭জন আৰু BAP দলৰ ৫জন সদস্যই। বৰ্তমান বিৰোধী মিত্ৰজোঁটৰ শক্তি হৈছেগৈ ১৬০ৰো অধিক। ইয়াৰ উপৰি, ইমৰানৰ দলৰ ১৫৫জনৰ ৩০ জনে বিৰোধীৰ অনাস্থা প্ৰস্তাৱত সমৰ্থনৰ ইংগিত দিছে। এনে পৰিস্থিতিত পাক সেনাৰ ফালৰ পৰাও ইমৰানক পদত্যাগ কৰাৰ হেচা প্ৰয়োগ কৰা হৈছে বুলি চৰ্চা চলিছে পাক সংবাদ মাধ্যমত। ফলত ক্ৰিকেটৰ পৰা ৰাজনীতিৰ পথাৰত নমা ইমৰাণ খানৰ পটন প্ৰায় নিশ্চিত হৈ পৰিছে। এনে পৰিস্থিতি দেওবাৰে ইছলামাবাদত এক বিশাল জনসভাত অংশ গ্ৰহণ কৰি বিদেশী ধনৰ সহায়ত পাকিস্তানত চৰকাৰ সলনিৰ ষড়যন্ত্ৰ চলা বুলি অভিযোগ কৰে ইমৰাণ খানে। পাকিস্তানক স্বাধীন বিদেশ নীতিৰ পথেৰে নিয়াৰ বাবে কিছু প্ৰভাৱশালী বিদেশী শক্তিৰ পছন্দ হোৱা নাই বুলিও অভিযোগ কৰিছে পাক প্ৰধানমন্ত্ৰীজনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...