ইউক্ৰেইনৰ পৰা পঢ়া আধাতে সামৰি ঘূৰি অহা শিক্ষাৰ্থীৰ বাবে ভাল খবৰ

ইউক্ৰেইনত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম আধৰুৱা কৰি প্ৰত্যাৱৰ্তন কৰা বিদেশী ছাত্ৰ-ছাত্ৰীসকলক ৰাছিয়াৰ বিশ্ববিদ্যালয়ত নামভৰ্তিৰ সুযোগ দিয়া হ’ব। ৰাছিয়াৰ লগতে ক্ৰিমিয়াৰ একাংশ চিকিৎসা বিশ্ববিদ্যালয়ত নামভৰ্তিৰে পাঠ্যক্ৰম সম্পূৰ্ণ কৰিব পাৰিব এইসকল ছাত্ৰ-ছাত্ৰীয়ে। যুদ্ধৰ বাবে ইউক্ৰেইন ত্যাগ কৰা বিদেশী ছাত্ৰ-ছাত্ৰীসকললৈ এই সুযোগ আগবঢ়াইছে ৰাছিয়াই। কোনো অতিৰিক্ত ব্যয় আৰু প্ৰৱেশ পৰীক্ষা অবিহনে ৰাছিয়াৰ চিকিৎসা বিশ্ববিদ্যালয়ত নামভৰ্তিৰ সুযোগ পাব এই ছাত্ৰ-ছাত্ৰীসকলে। ইয়াৰ পূৰ্বে ইউক্ৰেইন ত্যাগ কৰা চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলক অনুৰূপ সুযোগ আগবঢ়াইছিল কাজাখস্তান, জৰ্জিয়া, আৰ্মেনিয়া, বেলাৰুছ আৰু পোলেণ্ডেও। উল্লেখ্য যে ৰাছিয়াৰ আক্ৰমণৰ পিছতে প্ৰায় ১৮ হাজাৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰীক স্বদেশলৈ ওভতাই অনা হয় যদিও ১৪০ জন ছাত্ৰ-ছাত্ৰীয়ে ভাৰতলৈ অহাৰ পৰিৱৰ্তে ইউক্ৰেইনৰ প্ৰতিবেশী ৰাষ্ট্ৰ মালড’ভাত আশ্ৰয় লৈছিল। একাংশই ইতিমধ্যে মালড’ভাৰ চৰকাৰী চিকিৎসা বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চীনে সাজু কৰিছে ‘জলবোমা’

চীনে সাজু কৰিছে ‘জলবোমা’। উদ্বিগ্ন অৰুণাচলৰ লগতে চিয়াং, ব্ৰহ্মপুত্ৰৰ...

কন্যাৰ বিয়াৰ দিনটোতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু পিতৃৰ

ঢকুৱাখনাত শোকাৱহ ঘটনা। কন্যাৰ বিয়াৰ দিনটোতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু...

অস্বাভাৱিকভাৱে শুকাই গৈছে পাগলাদিয়া নৈৰ জলস্তৰ

অস্বাভাৱিকভাৱে শুকাই গৈছে নলবাৰীৰ পাগলাদিয়া নৈৰ জলস্তৰ। ভৰ বাৰিষাৰ...

পত্নীৰে বিবাহ বিচ্ছেদ কৰি আনন্দ উল্লাস এজন লোকৰ

পত্নীৰে বিবাহ বিচ্ছেদ কৰি আনন্দ উল্লাস এজন লোকৰ। আনন্দত...