কৃষক নেতা ৰাকেশ টিকেইটক হত্যাৰ ভাবুকি, আঁৰত কোন?

ৰাকেশ টিকেইট, দেশজুৰি চৰ্চিত এক নাম। দেশৰ অন্নদাতা কৃষকসকলক একত্ৰিত কৰি মোদী চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলনৰ গুৰি ধৰিছিল এইগৰাকী কৃষক নেতাই। ৰাকেশৰ নেতৃত্বতে কৃষকৰ ওচৰত সেও মানি ৩ কৃষি আইন প্ৰত্যাহাৰ কৰিছিল মোদী চৰকাৰে। সেইগৰাকী ৰাকেশ টিকেইটক হত্যাৰ ভাবুকি দিছে। ভাৰতীয় কিষাণ ইউনিয়নৰ ৰাষ্ট্ৰীয় মুখপাত্ৰগৰাকীক এজন অচিনাক্ত ব্যক্তিয়ে ফোনযোগে মৃত্যুৰ ভাবুকি দিছে। ফোনযোগে অশ্ৰাব্য গালি-গালাজ আৰু হত্যাৰ ভাবুকিৰ পিছতে আৰক্ষীয়ে ৰাকেশৰ বাসগৃহত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। মুজাফ্ফৰনগৰ আৰক্ষীয়ে এই ভাবুকিৰ আঁৰত এতিয়াও স্পষ্ট কৰা নাই যদিও অনুসন্ধান অব্যাহত ৰাখিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

এতিয়াৰে পৰা গুৱাহাটীৰ পৰাই কেইবাখনো দেশৰ ভিছাৰ বাবে কৰিব...

মুখ্যমন্ত্ৰীৰ ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ

অসমৰ ৫.৪২ লাখ শিক্ষাৰ্থীলৈ প্ৰথম কিস্তিৰ চেক বিতৰণৰ শুভাৰম্ভ...

গুৱাহাটীত প্ৰায় ৮ কোটি টকাৰ ড্ৰাগছ জব্দ; গ্ৰেপ্তাৰ দম্পতী

মহানগৰীৰ দিছপুৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা এক বৃহৎ অভিযানত...