কৃষক নেতা ৰাকেশ টিকেইটক হত্যাৰ ভাবুকি, আঁৰত কোন?

ৰাকেশ টিকেইট, দেশজুৰি চৰ্চিত এক নাম। দেশৰ অন্নদাতা কৃষকসকলক একত্ৰিত কৰি মোদী চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলনৰ গুৰি ধৰিছিল এইগৰাকী কৃষক নেতাই। ৰাকেশৰ নেতৃত্বতে কৃষকৰ ওচৰত সেও মানি ৩ কৃষি আইন প্ৰত্যাহাৰ কৰিছিল মোদী চৰকাৰে। সেইগৰাকী ৰাকেশ টিকেইটক হত্যাৰ ভাবুকি দিছে। ভাৰতীয় কিষাণ ইউনিয়নৰ ৰাষ্ট্ৰীয় মুখপাত্ৰগৰাকীক এজন অচিনাক্ত ব্যক্তিয়ে ফোনযোগে মৃত্যুৰ ভাবুকি দিছে। ফোনযোগে অশ্ৰাব্য গালি-গালাজ আৰু হত্যাৰ ভাবুকিৰ পিছতে আৰক্ষীয়ে ৰাকেশৰ বাসগৃহত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। মুজাফ্ফৰনগৰ আৰক্ষীয়ে এই ভাবুকিৰ আঁৰত এতিয়াও স্পষ্ট কৰা নাই যদিও অনুসন্ধান অব্যাহত ৰাখিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চীনে সাজু কৰিছে ‘জলবোমা’

চীনে সাজু কৰিছে ‘জলবোমা’। উদ্বিগ্ন অৰুণাচলৰ লগতে চিয়াং, ব্ৰহ্মপুত্ৰৰ...

কন্যাৰ বিয়াৰ দিনটোতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু পিতৃৰ

ঢকুৱাখনাত শোকাৱহ ঘটনা। কন্যাৰ বিয়াৰ দিনটোতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু...

অস্বাভাৱিকভাৱে শুকাই গৈছে পাগলাদিয়া নৈৰ জলস্তৰ

অস্বাভাৱিকভাৱে শুকাই গৈছে নলবাৰীৰ পাগলাদিয়া নৈৰ জলস্তৰ। ভৰ বাৰিষাৰ...

পত্নীৰে বিবাহ বিচ্ছেদ কৰি আনন্দ উল্লাস এজন লোকৰ

পত্নীৰে বিবাহ বিচ্ছেদ কৰি আনন্দ উল্লাস এজন লোকৰ। আনন্দত...