শশীকান্ত দাস চৰকাৰৰ মানুহ, মোৰ লগত সকলো বিধায়কৰে সম্পৰ্ক আছে : মুখ্যমন্ত্ৰী

দিল্লীলৈ যোৱাৰ পূৰ্বে ৰাজ্যসভা নিৰ্বাচনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হোটেল ৰেডিছন ব্লুত মিত্ৰজোঁটৰ বিধায়কৰে আলোচনাৰ অন্তত সংবাদ মাধ্য়মৰ আগত পুনৰবাৰ আত্মবিশ্বাসেৰে ঘোষণা কৰে-দুয়োখন আসনতে আমি জয়লাভ কৰিম। ইতিমধ্যেই সকলো চূড়ান্ত হৈ আছে। কেৱল দুয়োখন আসনতে জয়ী হোৱাই নহয়, আমি ভাল ভোট পাম বুলি মন্তব্য কৰে। আনহাতে, শ্বেৰমান আলী আহমেদৰ ভোট ল’লে মই নিজেই বদনামী হ’ব লাগিব। শ্বেৰমান আলীক ভোট দিবলৈ মই মানা কৰিছোঁ বুলি মন্তব্য কৰে। শ্বেৰমান আলীৰ ভোট আমাক নালাগে। একেদৰে AIUDFৰ ভোট আমাক নালাগে বুলি সদম্ভে ঘোষণা কৰে। আনহাতে, কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশীকান্ত দাস সন্দৰ্ভতো বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰীৰ। শশীকান্ত দাস চৰকাৰৰ মানুহ। চৰকাৰী কামত তেখেত আহিবই। মোৰ লগত সকলো বিধায়কৰে সম্পৰ্ক আছে। তেওঁলোকে ফোন নকৰিলেও মই কৰোঁ। আজি ২৭ বছৰে মইহে তেওঁলোকৰ লগত আছোঁ বুলি মন্তব্য প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কংগ্ৰেছ–ৰাইজৰ দলৰ মিত্ৰতা ভংগ! অখিল গগৈৰ দলৰ সৈতে সকলো ৰাজনৈতিক সম্পৰ্ক ছিন্ন কংগ্ৰেছৰ

অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলৰ সৈতে সকলো ৰাজনৈতিক মিত্ৰতা...

ভয়ংকৰ জলবায়ু সংকট! ভাৰতৰ কোটি কোটি লোকলৈ ‘তাৎক্ষণিক বিপদ’ৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

গোলকীয় উষ্ণতা বৃদ্ধিৰ ভয়ংকৰ পৰিণতিৰ সন্দৰ্ভত নতুনকৈ সতৰ্কবাণী জাৰি...

MiG-21ৰে পাকিস্তানী F-16 ভূপতিত কৰা অভিনন্দনৰ নতুন ইনিংছ আৰম্ভ

২০১৯ৰ ভাৰত-পাকিস্তানৰ আকাশী সংঘৰ্ষত পাকিস্তানৰ F-16 ভূ-পতিত কৰি চৰ্চালৈ...

ৰোহিত শৰ্মাক লৈ BCCIৰ ডাঙৰ বৈঠক, কি হ’ব ‘হিটমেন’ৰ ভৱিষ্যৎ?

মুম্বাইত বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব ভাৰতীয় ক্ৰিকেটৰ শীৰ্ষ বিষয়াসকলৰ এখন...