জাল নথিৰে ৪০ লাখ টকাৰ বেংক ঋণ কেলেংকাৰী; CIDৰ জালত মূল অভিযুক্ত জান শইকীয়াসহ তিনিজন

জাল নথিপত্ৰ ব্যৱহাৰ কৰি বাহন ক্ৰয়ৰ নামত বেংকৰ পৰা প্ৰায় ৪০ লাখ টকা ঋণ লৈ আত্মসাৎ কৰাৰ অভিযোগত CID-এ তিনিজনক গ্ৰেপ্তাৰ কৰিছে। ঘটনাৰ মূল অভিযুক্ত ৰমেন শইকীয়া ওৰফে জান শইকীয়া, তেওঁৰ পত্নী জুৰি মহন্ত শইকীয়া আৰু পুত্ৰ সমুদ্ৰজ্যোতি কাশ্যপক গ্ৰেপ্তাৰ কৰা হৈছে।

CIDৰ তদন্ত অনুসৰি, কানাড়া বেংকৰ MSME বাহন আঁচনিৰ অধীনত জাল নথিপত্ৰ দাখিল কৰি ঋণ লোৱাৰ অভিযোগ উত্থাপন হৈছে। উলুবাৰীস্থিত কানাড়া বেংকৰ কৰ্তৃপক্ষই দাখিল কৰা এজাহাৰৰ ভিত্তিত এই তদন্ত আৰম্ভ হয়।

অভিযোগ অনুসৰি, জান শইয়াকীয়াৰ নামতো ৮ লাখ টকাৰ বাহন ঋণ লোৱা হৈছিল। একেদৰে ভুৱা নথিপত্ৰ ব্যৱহাৰ কৰি আন চাৰিজন ব্যক্তিৰ নামতো মুঠ ৩২ লাখ টকা ঋণ সৰকোৱাৰ অভিযোগ উত্থাপন হৈছে। কানাড়া বেংকৰ পাঁচটা শাখাৰ ঋণত এই ধৰণৰ অনিয়ম সংঘটিত হোৱাৰ অভিযোগ CIDৰ তদন্তত পোহৰলৈ আহিছে।

ঋণৰ ক্ষেত্ৰত জাল Quotation, RC আৰু Insurance নথি দাখিল কৰাৰ অভিযোগ উঠিছে। ঋণসমূহ NPA হোৱাৰ পাছত বেংক কৰ্তৃপক্ষৰ নজৰলৈ আহে সমগ্ৰ ঘটনাটো। পৰৱৰ্তী সময়ত বেংকৰ তদন্তত নথিপত্ৰসমূহত বিসংগতি ধৰা পৰে।

CIDৰ তথ্য অনুসৰি, ৬ অক্টোবৰত নিজ বাসগৃহৰ পৰা মূল অভিযুক্ত জান শইকীয়াক গ্ৰেপ্তাৰ কৰা হয়। এই ঘটনাৰ সৈতে জুৰি মহন্ত শইকীয়া, মধুপৰ্ণা চৌধুৰী, লেলিন ৰাভা আৰু সমুদ্ৰজ্যোতি কাশ্যপৰ নামো জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে।

ইফালে, সমগ্ৰ ঋণ কেলেংকাৰীৰ আঁৰত থকা নেটৱৰ্ক বা ‘নেক্সাছ’ৰ সন্ধানত CIDৰ তদন্ত অব্যাহত আছে। তদন্ত আগবঢ়াৰ লগে লগে এই ঘটনাৰ সৈতে জড়িত আন লোকৰ ভূমিকাও পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এটা সোণালী যুগৰ অৱসান; আৰ্জেণ্টিনাৰ জাৰ্চিত শেষবাৰৰ বাবে খেলপথাৰত নামিল ফুটবলৰ মহাতাৰকা লিঅ’নেল মেছি

২১ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় ফুটবল কেৰিয়াৰৰ অন্ত পেলাই আৰ্জেণ্টিনাৰ জাৰ্চিত...

ভাৰতীয় বায়ুসেনাই লাভ কৰিলে নতুন মুৰব্বী, ৩১ অক্টোবৰত দায়িত্ব ল’ব এয়াৰ মাৰ্শ্বাল আশুতোষ দীক্ষিতে

এয়াৰ মাৰ্শ্বাল আশুতোষ দীক্ষিতক ভাৰতীয় বায়ুসেনাৰ (IAF) পৰৱৰ্তী Chief...

মিজোৰামৰ চিকিৎসা ক্ষেত্ৰত নতুন মাইলৰ খুঁটি; আইজল চিভিল হাস্পতালত প্ৰথমবাৰৰ বাবে লিডলেছ পেচমেকাৰ সংস্থাপন

মিজোৰামে উন্নত হৃদৰোগ চিকিৎসাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি...

এম্বুলেন্সতো চোৰৰ চাফাই অভিযান; মাজুলী–নিমাতী ১০৮ নৌকা এম্বুলেন্সত চুৰি

মাজুলী–নিমাতী সংযোগী ১০৮ নৌকা এম্বুলেন্সৰ পৰা চুৰি হ’ল দুটা...