এটা সোণালী যুগৰ অৱসান; আৰ্জেণ্টিনাৰ জাৰ্চিত শেষবাৰৰ বাবে খেলপথাৰত নামিল ফুটবলৰ মহাতাৰকা লিঅ’নেল মেছি

২১ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় ফুটবল কেৰিয়াৰৰ অন্ত পেলাই আৰ্জেণ্টিনাৰ জাৰ্চিত শেষবাৰৰ বাবে খেলপথাৰত নামিল ফুটবল মহাতাৰকা লিঅ’নেল মেছি। মঙলবাৰে বেনিনৰ বিৰুদ্ধে ৩-০ গ’লত জয়ী হয় আৰ্জেণ্টিনা। আৰ্জেণ্টিনাৰ জাৰ্ছীত আৰু খেলপথাৰত দেখা নাযাব মেছিক।

বিদায়ী মেচখনত মেছিয়ে পেনাল্টিৰে এটা গ’ল কৰাৰ লগতে দলটোৰ আন দুটা গ’লতো সহায় আগবঢ়ায়। এই মেচখন আছিল ৰাষ্ট্ৰীয় দলৰ হৈ মেছিৰ ২০৮সংখ্যক আন্তঃৰাষ্ট্ৰীয় মেচ।

মেছিৰ ২১ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত ১২৬টা গ’ল, দুটা কোপা আমেৰিকা খিতাপ আৰু এটা বিশ্বকাপ জয়ৰ কৃতিত্ব আছে। ২০২২ চনত কাতাৰ বিশ্বকাপত আৰ্জেণ্টিনাক চেম্পিয়ন কৰাই মেছিয়ে দেশবাসীৰ বহুদিনীয়া অপেক্ষাৰ অন্ত পেলাইছিল।

বুয়েনছ আয়ৰেছৰ ৮৫ হাজাৰৰো অধিক দৰ্শকে মেছিক শেষবাৰৰ বাবে খেলপথাৰত চাবলৈ ভিৰ কৰে। মেচখনৰ ১০ম মিনিটত তেওঁৰ ১০ নম্বৰ জাৰ্চিৰ প্ৰতি সন্মান জনাই খেল বন্ধ কৰি দৰ্শকে এক মিনিট ধৰি হাত চাপৰি বজায়।

মেচৰ অন্তত সতীৰ্থসকলে মেছিক বিদায় জনায়। ষ্টেডিয়ামত হাজাৰ হাজাৰ অনুৰাগীয়ে ‘মেছি, মেছি’ ধ্বনিৰে পৰিৱেশ মুখৰিত কৰি তোলে।

আৱেগিক হৈ মেছিয়ে অনুৰাগীসকলক কয় যে তেওঁ আৰ্জেণ্টিনাক ভাল পায়, দেশখনক মিছ কৰিব আৰু আৰ্জেণ্টিনাত জন্ম লোৱাৰ বাবে ভগৱানৰ ওচৰত কৃতজ্ঞ।

এসময়ত মেছিৰ দেশপ্ৰেম আৰু আৰ্জেণ্টিনাৰ প্ৰতি দায়বদ্ধতাক লৈ প্ৰশ্ন উত্থাপন হৈছিল। কিন্তু ২০২১ চনৰ কোপা আমেৰিকা আৰু ২০২২ চনৰ বিশ্বকাপ জয়ৰ পাছত সেই সকলো সমালোচনাৰ অন্ত পৰে। মেছি হৈ পৰে আৰ্জেণ্টিনাৰ জাতীয় নায়ক।

মেছিৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ পৰিসমাপ্তিৰ লগে লগে আৰ্জেণ্টিনা এতিয়া মেছিবিহীন এখন ৰাষ্ট্ৰীয় দল। মেছিৰ দৰে এগৰাকী কিংবদন্তিৰ স্থান পূৰণ কৰাটো হ’ব দলটোৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান।

ইফালে, ইণ্টাৰ মিয়ামিৰ সৈতে মেছিৰ চুক্তি ২০২৮ চনলৈকে আছে। সেয়েহে ক্লাব ফুটবলত তেওঁক এতিয়াও খেলপথাৰত দেখা যাব। কিন্তু আৰ্জেণ্টিনাৰ জাৰ্চিত মেছিক দেখাৰ সেই যুগৰ অৱসান ঘটিল মঙলবাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জাল নথিৰে ৪০ লাখ টকাৰ বেংক ঋণ কেলেংকাৰী; CIDৰ জালত মূল অভিযুক্ত জান শইকীয়াসহ তিনিজন

জাল নথিপত্ৰ ব্যৱহাৰ কৰি বাহন ক্ৰয়ৰ নামত বেংকৰ পৰা...

ভাৰতীয় বায়ুসেনাই লাভ কৰিলে নতুন মুৰব্বী, ৩১ অক্টোবৰত দায়িত্ব ল’ব এয়াৰ মাৰ্শ্বাল আশুতোষ দীক্ষিতে

এয়াৰ মাৰ্শ্বাল আশুতোষ দীক্ষিতক ভাৰতীয় বায়ুসেনাৰ (IAF) পৰৱৰ্তী Chief...

মিজোৰামৰ চিকিৎসা ক্ষেত্ৰত নতুন মাইলৰ খুঁটি; আইজল চিভিল হাস্পতালত প্ৰথমবাৰৰ বাবে লিডলেছ পেচমেকাৰ সংস্থাপন

মিজোৰামে উন্নত হৃদৰোগ চিকিৎসাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি...

এম্বুলেন্সতো চোৰৰ চাফাই অভিযান; মাজুলী–নিমাতী ১০৮ নৌকা এম্বুলেন্সত চুৰি

মাজুলী–নিমাতী সংযোগী ১০৮ নৌকা এম্বুলেন্সৰ পৰা চুৰি হ’ল দুটা...