এয়াৰ মাৰ্শ্বাল আশুতোষ দীক্ষিতক ভাৰতীয় বায়ুসেনাৰ (IAF) পৰৱৰ্তী Chief of the Air Staff হিচাপে নিযুক্তি দিয়া হৈছে। অহা ৩১ অক্টোবৰত তেওঁ বৰ্তমানৰ বায়ুসেনা প্ৰধান এয়াৰ চীফ মাৰ্শ্বাল এ. পি. সিঙৰ পৰা দায়িত্ব গ্ৰহণ কৰিব। সেইদিনাই এয়াৰ চীফ মাৰ্শ্বাল এ. পি. সিঙে অৱসৰ গ্ৰহণ কৰিব।

বৰ্তমান ভাইচ চীফ অৱ দ্য এয়াৰ ষ্টাফ হিচাপে দায়িত্ব পালন কৰি থকা দীক্ষিত হ’ব ভাৰতীয় বায়ুসেনাৰ ২৯সংখ্যক মুৰব্বী আৰু দায়িত্ব গ্ৰহণৰ পাছত তেওঁ এয়াৰ চীফ মাৰ্শ্বাল পদমৰ্যাদা লাভ কৰিব।
১৯৮৬ চনৰ ৬ ডিচেম্বৰত ভাৰতীয় বায়ুসেনাৰ ফাইটাৰ ষ্ট্ৰিমত কমিছন লাভ কৰা দীক্ষিতৰ প্ৰায় চাৰি দশকৰ সুদীৰ্ঘ কেৰিয়াৰত আছে বহু গুৰুত্বপূৰ্ণ operational, instructional আৰু command দায়িত্ব।
Experimental Test Pilot আৰু Qualified Flying Instructor হিচাপে তেওঁ ৩,৫০০ ঘণ্টাতকৈ অধিক উৰণৰ অভিজ্ঞতা অৰ্জন কৰিছে। Mirage-2000, বিভিন্ন MiG ভেৰিয়েণ্ট, Jaguar, Kiran, IL-78, Hawk আৰু Tejasকে ধৰি বহু বিমান উৰুৱাইছে তেওঁ।
দীক্ষিতৰ কেৰিয়াৰৰ অন্যতম উল্লেখযোগ্য অধ্যায় হৈছে Mirage-2000 ফাইটাৰ স্কোৱাড্ৰনৰ কমাণ্ডাৰ হিচাপে দায়িত্ব পালন। Mirage-2000 স্কোৱাড্ৰনৰ নেতৃত্ব দিয়াৰ পাছত বায়ুসেনাৰ মুৰব্বী হোৱা তেওঁ প্ৰথমগৰাকী বিষয়া।
তেওঁ পশ্চিম খণ্ডৰ এটা ফ্ৰণ্টলাইন ফাইটাৰ বেছ আৰু দক্ষিণ খণ্ডৰ এটা প্ৰধান ফাইটাৰ ট্ৰেইনিং বেছ কমাণ্ড কৰাৰ লগতে Air Force Test Pilots Schoolতো Directing Staff হিচাপে দায়িত্ব পালন কৰিছে। Air Headquartersতো Deputy Chief of the Air Staffকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈছে।
Operation Safed Sagar, Operation Rakshak, Cope India আৰু Operation Sindoorকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সামৰিক অভিযান আৰু অনুশীলনৰ সৈতে জড়িত আছিল দীক্ষিত।
Chief of Integrated Defence Staff (CISC) হিচাপে দায়িত্ব পালন কৰাৰ সময়ত তেওঁ তিনিওটা সেনাৰ মাজত jointness আৰু integration অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। তেওঁৰ কাৰ্যকালত একাধিক joint doctrine আৰু order জাৰি কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰত সশস্ত্ৰ বাহিনীৰ সামৰ্থ্য বৃদ্ধিৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছিল।
আধুনিক যুদ্ধৰ পৰিৱৰ্তিত ৰূপ সন্দৰ্ভতো দীক্ষিতে গুৰুত্বপূৰ্ণ মত প্ৰকাশ কৰি আহিছে। বিশেষকৈ unmanned aerial systems, robotic warfare আৰু manned-unmanned teamingৰ ক্ৰমবৰ্ধমান ভূমিকাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰিছে।
সুদীৰ্ঘ সেৱাৰ স্বীকৃতি হিচাপে তেওঁ লাভ কৰিছে Vayu Sena Medal (2006), Vishisht Seva Medal (2011), Ati Vishisht Seva Medal (2023) আৰু Param Vishisht Seva Medal (2026)।
ফাইটাৰ অপাৰেচন, টেষ্ট ফ্লাইং, এয়াৰ ডিফেন্স, প্ৰশিক্ষণ আৰু সামৰিক নেতৃত্বৰ বিস্তৃত অভিজ্ঞতাৰে ৩১ অক্টোবৰত ভাৰতীয় বায়ুসেনাৰ নতুন মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰিব এয়াৰ মাৰ্শ্বাল আশুতোষ দীক্ষিতে।
