মুদ্ৰাস্ফীতিৰ মাজতে ডাঙৰ সিদ্ধান্ত RBIৰ; RBI-এ বৃদ্ধি কৰিলে ৰেপো ৰেট, ৫.২৫ শতাংশৰ পৰা ৫.৫ শতাংশলৈ বৃদ্ধি ৰেপো ৰেট

দেশত ক্ৰমাৎ বৃদ্ধি পোৱা মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰাৰ লক্ষ্যৰে ভাৰতীয় ৰিজাৰ্ভ বেংকে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ নেতৃত্বত অনুষ্ঠিত মনিটাৰী পলিচি কমিটিৰ বৈঠকত ৰেপ’ ৰেট ২৫ বেচিচ পইণ্ট বৃদ্ধি কৰি ৫.৫০% কৰাৰ সিদ্ধান্ত লোৱা হৈছে। উল্লেখ্য যে, বিগত প্ৰায় ৪ বছৰৰ ভিতৰত কেন্দ্ৰীয় বেংকটোৱে এইদৰে সুতৰ হাৰ বৃদ্ধি কৰা এয়াই প্ৰথম। ইয়াৰ পূৰ্বে ৰেপ’ ৰেট আছিল ৫.২৫%। আনহাতে, ৪–২ সংখ্যাগৰিষ্ঠতাৰে RBI-এ নিজৰ মৌদ্ৰিক নীতিৰ স্থিতি নিউ ট্ৰেলৰ পৰা সলনি কৰি কেলিব্ৰেটেড টাইটনিং কৰিছে। ইয়াৰ স্পষ্ট অৰ্থ হৈছে যে আগন্তুক দিনবোৰত সুতৰ হাৰ হ্ৰাস হোৱাৰ সম্ভাৱনা একেবাৰেই নাই।

কিয় বাঢ়িল সুতৰ হাৰ?
RBI-এ বিত্তীয় বৰ্ষ ২০২৭ৰ বাবে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ ৫.১% হ’ব বুলি পূৰ্বানুমান কৰিছে। অৱশ্যে, দেশৰ শক্তিশালী অৰ্থনীতিৰ প্ৰতি লক্ষ্য ৰাখি GDP বৃদ্ধিৰ হাৰ ৬.৭% ৰ পৰা ৭.১% লৈ বৃদ্ধি কৰিছে। পশ্চিম এছিয়াত চলি থকা যুদ্ধসদৃশ পৰিস্থিতিৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ১০০ ডলাৰৰ ওপৰলৈ বৃদ্ধি পাইছে। ইয়াৰ ফলত দেশত আমদানিজনিত মুদ্ৰাস্ফীতিৰ আশংকা বাঢ়িছে। এল নিনোৰ প্ৰভাৱৰ বাবে দেশৰ ভিন্ন প্ৰান্তত অস্বাভাৱিক আৰু অনিয়মিত মৌচমী বৰষুণ হৈছে, যাৰ পোনপটীয়া প্ৰভাৱ খাদ্য সামগ্ৰীৰ মূল্যৰ ওপৰত পৰিছে।

আপোনাৰ ক্ষেত্ৰত প্ৰভাৱ কেনে হ’ব?
ৰেপ’ ৰেট হৈছে সেই সুতৰ হাৰ, যি হাৰত বাণিজ্যিক বেংকসমূহক RBI-এ ঋণ দিয়ে। গতিকে এই সালসলনিয়ে সাধাৰণ গ্ৰাহকক পোনপটীয়া প্ৰভাৱ পেলাব। ঋণ লওঁতাসকলৰ বাবে (বৃদ্ধি পাব EMI)। আপোনাৰ গৃহ ঋণ যদি ফ্লটিং ৰেট বা ৰেপ’ ৰেটৰ সৈতে সংযোজিত হৈ আছে, তেন্তে আপোনাৰ সুতৰ হাৰো ০.২৫% বৃদ্ধি পাব। বৃদ্ধি পাব মাহিলী খৰচ। উদাহৰণস্বৰূপ, ২০ বছৰীয়া সময়সীমাৰ এক ৫০ লাখ টকীয়া গৃহ ঋণৰ সুতৰ হাৰ ৮.৫০% ৰ পৰা ৮.৭৫% লৈ বৃদ্ধি পালে, প্ৰতিমাহে প্ৰায় ৭৯৪ টকাকৈ EMI বৃদ্ধি পাব। কিছুমান বেংকে EMI বৃদ্ধি কৰাৰ পৰিৱৰ্তে ঋণ পৰিশোধৰ সময়সীমাও বৃদ্ধি কৰিব পাৰে। গাড়ীৰ ঋণ, ব্যক্তিগত ঋণ আৰু ব্যৱসায়িক ঋণো আগন্তুক দিনত ব্যয়বহুল হৈ পৰিব।

সঞ্চয়কাৰী আৰু ফিক্সড ডিপজিট কৰাসকলৰ বাবে ভাল খবৰ। বেংকসমূহে এতিয়া গ্ৰাহকক আকৰ্ষিত কৰিবলৈ নিজৰ ফিক্সড ডিপজিট বা স্থায়ী আমানতৰ ওপৰত সুতৰ হাৰ বৃদ্ধি কৰিব। আপোনাৰ পুৰণি FDসমূহ পুৰণি সুতৰ হাৰতে চলি থাকিব। যদি আপুনি নতুনকৈ ডাঙৰ অংকৰ ধন এফ ডি কৰিব বিচাৰিছে, তেন্তে বেংকসমূহে নতুন সুতৰ হাৰ ঘোষণা নকৰালৈকে ১-২ সপ্তাহমান অপেক্ষা কৰাটো লাভজনক হ’ব।

নতুন RBI পলিচী কৰিডৰ (নতুন আৰ্থিক গাঁথনি)
নতুন সিদ্ধান্তৰ পিছত বেংকসমূহৰ লেনদেনৰ বাবে তলত দিয়া ধৰণে সুতৰ হাৰ নিৰ্ধাৰণ কৰা হৈছে:
পলিচী ৰেপ’ ৰেট: ৫.৫০%
ষ্টেণ্ডিং ডিপজিট ফেচিলিটি: ৫.২৫% (ই হৈছে কৰিডৰৰ সৰ্বনিম্ন সীমা)
মাৰ্জিনেল ষ্টেণ্ডিং ফেচিলিটি (এমএছএফ) আৰু বেংক ৰেট: ৫.৭৫% (ই হৈছে সৰ্বোচ্চ সীমা)

সামগ্ৰিকভাৱে ক’বলৈ গ’লে, ৰিজাৰ্ভ বেংকৰ এই সিদ্ধান্তই এক স্পষ্ট ইংগিত বহন কৰিছে যে দেশৰ অৰ্থনৈতিক বিকাশ সুস্থিৰ হ’লেও আগন্তুক দিনত মুদ্ৰাস্ফীতি আৰু বজাৰৰ বৰ্ধিত মূল্যই সাধাৰণ জনতাক জুৰুলা কৰাৰ সম্ভাৱনা আছে। যাৰ বাবে কেন্দ্ৰীয় বেংকটোৱে অৰ্থনীতি নিয়ন্ত্ৰণ কৰিবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলগীয়া হৈছে। আৰ বি আইৰ এই সিদ্ধান্তৰ ফলত যদিও সাধাৰণ মধ্যবিত্ত ঋণগ্ৰস্ত লোকসকলৰ মাহিলী বাজেটত কিছু অতিৰিক্ত বোজা পৰিব, তথাপিও ফিক্সড ডিপজিট কৰা সঞ্চয়কাৰীসকলৰ বাবে ই আশাৰ ৰেঙণি কঢ়িয়াই আনিছে। বৰ্তমানৰ এই গোলকীয় আৰু দেশীয় প্ৰত্যাহ্বানৰ সময়ত বজাৰত টকাৰ প্ৰবাহ নিয়ন্ত্ৰণ কৰি মুদ্ৰাস্ফীতি ৰোধ কৰাই এতিয়া ৰিজাৰ্ভ বেংকৰ বাবে আটাইতকৈ ডাঙৰ অগ্ৰাধিকাৰ হিচাপে বিবেচিত হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মাজুলীত বিধ্বস্ত পথৰ ভয়ংকৰ পৰিণতি; চিকিৎসালয় পোৱাৰ পূৰ্বেই বাহনতে সন্তান প্ৰসৱ

মাজুলীত বিধ্বস্ত বাট-পথে উদঙাইছে উন্নয়নৰ আন এক ছবি। বিধ্বস্ত...

ভূগৰ্ভস্থ টেংকীত বিষাক্ত গেছ; উত্তৰ প্ৰদেশৰ মথুৰাত ৪ ছাত্ৰৰ কৰুণ মৃত‍্যু

ভূগৰ্ভস্ত টেংকীত বিষাক্ত গেছ। উত্তৰ প্ৰদেশৰ মথুৰাত ৪ ছাত্ৰৰ...

১২০খন চৰকাৰী চাকৰিৰ বাবে আবেদন; তিনিখন ‘বুক অৱ ৰেকৰ্ডছ’ত নাম দীপজ্যোতিৰ

আমগুৰিৰ এগৰাকী যুৱকৰ অধ্যৱসায় আৰু নেৰানেপেৰা প্ৰচেষ্টাই লাভ কৰিছে...

জাল নথিৰে ৪০ লাখ টকাৰ বেংক ঋণ কেলেংকাৰী; CIDৰ জালত মূল অভিযুক্ত জান শইকীয়াসহ তিনিজন

জাল নথিপত্ৰ ব্যৱহাৰ কৰি বাহন ক্ৰয়ৰ নামত বেংকৰ পৰা...