১২০খন চৰকাৰী চাকৰিৰ বাবে আবেদন; তিনিখন ‘বুক অৱ ৰেকৰ্ডছ’ত নাম দীপজ্যোতিৰ

আমগুৰিৰ এগৰাকী যুৱকৰ অধ্যৱসায় আৰু নেৰানেপেৰা প্ৰচেষ্টাই লাভ কৰিছে বিশেষ স্বীকৃতি। শিৱসাগৰৰ কালুগাঁও খেমদৈ কাকতি গাঁৱৰ দীপজ্যোতি কাকতিয়ে ২০১৯ চনৰ পৰা ২০২১ চনৰ ভিতৰত মুঠ ১২০খন চৰকাৰী চাকৰিৰ বাবে আবেদন কৰি তিনিখনকৈ ‘বুক অৱ ৰেকৰ্ডছ’ত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে।

দীপজ্যোতি কাকতিৰ নাম Assam Book of Records, National Book of Records আৰু India Book of Recordsত অন্তৰ্ভুক্ত হৈছে। ১২০খন চৰকাৰী চাকৰিৰ বাবে আবেদন কৰাৰ পাছত তেওঁ তিনিখন চাকৰিৰ নিযুক্তিপত্ৰ লাভ কৰে। ইয়াৰে দুটা চাকৰিৰ পৰা পিছত ইস্তফা দি বৰ্তমান নিজৰ পছন্দৰ চাকৰিত যোগদান কৰিছে।

চৰকাৰী চাকৰিৰ আশাত অসংখ্য প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হৈ কেইবাবাৰো বিফল হোৱাৰ পাছতো হাৰ মনা নাছিল দীপজ্যোতিয়ে। তেওঁৰ এই নেৰানেপেৰা চেষ্টা, ধৈৰ্য আৰু অধ্যৱসায়ে এতিয়া আন বহু শিক্ষিত নিবনুৱা যুৱক-যুৱতীৰ বাবেও প্ৰেৰণাৰ উৎস হৈ পৰিছে।

দীপজ্যোতিৰ এই ব্যতিক্ৰমী সাফল্যই প্ৰমাণ কৰিছে যে বিফলতাই লক্ষ্যত উপনীত হোৱাৰ পথ ৰুদ্ধ কৰিব নোৱাৰে, যদি থাকে অবিৰত চেষ্টা আৰু দৃঢ় সংকল্প।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মাজুলীত বিধ্বস্ত পথৰ ভয়ংকৰ পৰিণতি; চিকিৎসালয় পোৱাৰ পূৰ্বেই বাহনতে সন্তান প্ৰসৱ

মাজুলীত বিধ্বস্ত বাট-পথে উদঙাইছে উন্নয়নৰ আন এক ছবি। বিধ্বস্ত...

ভূগৰ্ভস্থ টেংকীত বিষাক্ত গেছ; উত্তৰ প্ৰদেশৰ মথুৰাত ৪ ছাত্ৰৰ কৰুণ মৃত‍্যু

ভূগৰ্ভস্ত টেংকীত বিষাক্ত গেছ। উত্তৰ প্ৰদেশৰ মথুৰাত ৪ ছাত্ৰৰ...

মুদ্ৰাস্ফীতিৰ মাজতে ডাঙৰ সিদ্ধান্ত RBIৰ; RBI-এ বৃদ্ধি কৰিলে ৰেপো ৰেট, ৫.২৫ শতাংশৰ পৰা ৫.৫ শতাংশলৈ বৃদ্ধি ৰেপো ৰেট

দেশত ক্ৰমাৎ বৃদ্ধি পোৱা মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰাৰ লক্ষ্যৰে ভাৰতীয়...

জাল নথিৰে ৪০ লাখ টকাৰ বেংক ঋণ কেলেংকাৰী; CIDৰ জালত মূল অভিযুক্ত জান শইকীয়াসহ তিনিজন

জাল নথিপত্ৰ ব্যৱহাৰ কৰি বাহন ক্ৰয়ৰ নামত বেংকৰ পৰা...