ভাৰতৰ বিৰুদ্ধে টেষ্ট শৃংখলাত ইংলেণ্ডে আনিব নিজা CHEF

ভাৰতীয় খাদ্য নাখায় ইংৰাজ বাহিনীয়ে
ভাৰতৰ বিৰুদ্ধে টেষ্ট শৃংখলাত ইংলেণ্ডে আনিব নিজা CHEF
ইংলেণ্ড ক্ৰিকেট দলৰ এই সিদ্ধান্তত সৰৱ চৰ্চা

২৫ জানুৱাৰীৰ পৰা ভাৰতত অনুষ্ঠিত হ’ব ভাৰত আৰু ইংলেণ্ডৰ মাজত বহু গুৰুত্বপূৰ্ণ টেষ্ট শৃংখলা। দক্ষিণ আফ্ৰিকাত টেষ্ট শৃংখলা ১-১ৰ ব্যৱধানত সমতা স্থাপনৰ কৰাৰ পিছত ঘৰুৱা মাটিত টেষ্ট শৃংখলা জয়ৰ লক্ষ্যৰে খেলপথাৰত নামিব টীম ইণ্ডিয়া। কিন্তু শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বেই ক্ৰিকেট মহলত চলিছে বিৰ্তক। খবৰ অনুসৰি ইংলেণ্ডৰ ক্ৰিকেট দলে আগন্তুক ভাৰত ভ্ৰমণত আনিব ইংলেণ্ডৰ পৰা CHEF।
মানচেষ্টাৰ ইউনাইটেডৰ চেফৰ সৈতে ভ্ৰমণ কৰাৰ সিদ্ধান্ত দলটোৰ

উল্লেখযোগ্য, যে ভাৰতৰ বিভিন্ন অঞ্চলত থাদ্যত মচলাযুক্ত সামগ্ৰী ব্যৱহাৰ হয়। সেইহে ৭ সপ্তাহ দীঘল শৃংখলাত কোনো খেলুৱৈ যাতে অসুস্থ নহয় তাৰ বাবে এই সিদ্ধান্ত লৈছে বুলি জানিব পৰা গৈছে। দ্য টেলিগ্ৰাফৰ বাতিৰ অনুসৰি ২৫ জানুৱাৰীত CHEFজন হায়দৰাবাদ পাবহি চেফজন।
চেফ ওমৰ মেজিয়ানে খাদ্য ৰান্ধিব দলটোৰ বাবে

ইয়াৰ পূৰ্বেই ওমৰ মেজিয়ানে ২০২২ চনত ইংলেণ্ড দলটোৰ সৈতে পাকিস্তানলৈ ভ্ৰমণ কৰিছিল। এই খবৰ পোহাৰলৈ অহাৰ পিছত ক্ৰিকেট মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ বীৰেন্দ্ৰ ছেহৱাগে ইংলেণ্ড দলৰ এই সিদ্ধান্তক কৰে কঠোৰ সমালোচনা। দুয়ো দলৰ মাজত ২৫ৰ পৰা ২৯ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব প্ৰথমখন টেষ্ট।
দ্বিতীয়খন টেষ্ট অনুষ্ঠিত হ’ব ২ৰ পৰা ৬ ফেব্ৰুৱাৰীলৈ
তৃতীয়খন টেষ্ট অনুষ্ঠিত হ’ব ১৫ৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈ
২৩ৰ পৰা ২৭ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব চতুৰ্থখন টেষ্ট
পঞ্চমখন টেষ্ট অনুষ্ঠিত হ’ব ৭ৰ পৰা ১১ মাৰ্চলৈ

উল্লেখ্য যে, ইংলেণ্ডে অন্তিমবাৰৰ বাবে ২০১২ চনত ভাৰতত টেষ্ট শৃংখলাত জয়লাভ কৰিছিল। অৱশ্যে, ইংলেণ্ডৰ পূৰ্বেই আফগানিস্তানৰ বিৰুদ্ধে T-20 শৃংখলাত আগবঢ়াব প্ৰতিদ্বন্দিতা।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...