প্ৰধানমন্ত্ৰী মোদীৰ শেহতীয়া লাক্ষাদ্বীপ ভ্ৰমণক লৈ ব্যাপক জল্পনা–কল্পনা

0 137

প্ৰধানমন্ত্ৰী মোদীৰ শেহতীয়া লাক্ষাদ্বীপ ভ্ৰমণক লৈ ব্যাপক জল্পনা–কল্পনা
প্ৰতিবেশী মালদ্বীপক চাপত ৰাখিবলৈ মোদীৰ লাক্ষাদ্বীপ ভ্ৰমণ নেকি?
মোদীৰ ভ্ৰমণক তীব্ৰ সমালোচনা মালদ্বীপৰ কেইবাগৰাকীও মন্ত্ৰীৰ
লাক্ষাদ্বীপক পৰ্যটন কেন্দ্ৰৰূপে গঢ়ি তুলি মালদ্বীপক বিপদত পেলোৱাৰ অভিযোগ মন্ত্ৰীকেইগৰাকীৰ

লাক্ষা দ্বীপপুঞ্জৰ সমীপৱৰ্তী মালদ্বীপত এতিয়া পৰ্যটনৰ জোৱাৰ আহিছে। আন্তৰ্জাতিক পৰ্যটকে ভিৰ কৰে মালদ্বীপৰ সাগৰীয় উপকূলসমূহত। বীচ্চ পৰ্যটনৰ বাবে মালদ্বীপ বিশ্বখ্যাত।

ভাৰতৰ বন্ধু ৰাষ্ট্ৰ হিচাপে চিহ্নিত মালদ্বীপ এতিয়া হৈ পৰিছে ভাৰত বিৰোধী
নতুন চৰকাৰ অহাৰ পিছতে মালদ্বীপৰ ভাৰত বিৰোধিতা প্ৰকট
মহম্মদ মুইজুৱে ৰাষ্ট্ৰপতিৰ দায়িত্ব লোৱাৰ পাছতে সলনি দেশখনৰ ভাৰত নীতি
প্ৰাক্তন ৰাষ্ট্ৰপতি মহম্মদ ছলিৰ INDIA FIRST নীতিৰ পৰিৱৰ্তন
ভাৰত বিৰোধিতাৰে নিৰ্বাচনত জয়ী হৈছিল ৰাষ্ট্ৰপতি মহম্মদ মুইজু

মালদ্বীপত দীৰ্ঘ দিন ধৰি অৱস্থান কৰে ভাৰতীয় সেনাই। মালদ্বীপৰ গুৰুত্বপূৰ্ণ প্ৰশাসনীয় আৰু উদ্যোগিক ক্ষেত্ৰৰ নিৰাপত্তাৰ দায়িত্বত আছিল ভাৰতীয় সেনা। মালদ্বীপৰ দূৰৱৰ্তী দ্বীপসমূহলৈ ঔষধ আৰু অত্যাৱশ্যকীয় সামগ্ৰী পৰিবহণত নিয়োজিত হৈ আহিছিল ভাৰতীয় বায়ু সেনাৰ হেলিকপ্টাৰ। এতিয়া ভাৰতীয় সেনাক মালদ্বীপৰ পৰা প্ৰত্যাহাৰৰ বাবে হেঁচা দিছে প্ৰগ্ৰেছিভ পাৰ্টী অব মালদ্বীপৰ নতুন চৰকাৰখনে। নিৰ্বাচনী প্ৰচাৰৰ কালত মালদ্বীপৰ পৰ ভাৰতীয় সেনা প্ৰত্যাহাৰ আছিল দলটোৰ অন্যতম শ্লোগান।

মুইজুৰ INDIA OUT নীতিৰ সুবিধা ল’ব বিচাৰিছে চীনে
ভাৰত ঘনিষ্ঠতা এৰি চীনলৈ বন্ধুত্বৰ হাত মেলিছে মালদ্বীপে

মালদ্বীপত চৰকাৰ গঠনৰ পিছতে নতুন ৰাষ্ট্ৰপতিয়ে ভাৰত ভ্ৰমণ কৰাটো এক পৰম্পৰাৰ লেখিয়া হৈ পৰিছে। কিন্তু এইবাৰ নতুন ৰাষ্ট্ৰপতি মহম্মদ মুইজুৱে সেই নিয়ম ভংগ কৰিলে। ৰাষ্ট্ৰপতি হৈয়েই মুইজুৱে বিদেশ ভ্ৰমণ আৰম্ভ কৰিলে ভাৰত বিৰোধী বুলি পৰিচিত তুৰস্কলৈ। ইয়াৰ পাছতে মুইজুৱে যাবলৈ প্ৰচেষ্টা চলাইছে চীনলৈ। তাৰ মাজতে মালদ্বীপৰ উপকূলত লংগৰ পেলোৱাৰ অনুমতি দিছে চীনৰ যুদ্ধ জাহাজক। নতুন চৰকাৰৰ এই ভাৰত বিৰোধী তৎপৰতাই স্বাভাৱিকতে অস্বস্তিত পেলাইছে মোদী চৰকাৰক।

এই পৰিপ্ৰেক্ষিতত মোদীৰ লাক্ষাদ্বীপ ভ্ৰমণ তাৎপৰ্যপূৰ্ণ হিচাপে চিহ্নিত
ক’ভিডৰ ধাক্কাত ভাৰতত নিশেষ হৈছিল পৰ্যটন উদ্যোগ
তাৰ পিছতেই মোদীয়ে কাশ্মীৰ ভ্ৰমণ কৰাত কাশ্মীৰত থন ধৰি উঠে পৰ্যটন
মোদীৰ শেহতীয়া লাক্ষাদ্বীপ ভ্ৰমণে পৰ্যটনৰ প্লাৱন আনিব বুলি আশাৰ সঞ্চাৰ
পৰ্যটন মানচিত্ৰত মালদ্বীপৰ বিকল্প হৈ উঠিব পাৰে ৩৬টা দ্বীপৰ লাক্ষাদ্বীপপুঞ্জ

শেহতীয়াভাবে এই আশংকাতে মোদীৰ লাক্ষাদ্বীপ ভ্ৰমণৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে মালদ্বীপৰ কেইবাগৰাকীমন্ত্ৰী। টুইটযোগে মোদীৰ বিৰুদ্ধে বিষোদগাৰ মন্ত্ৰীকেইগৰাকীৰ। মন্ত্ৰী কেইগৰাকীৰ কাৰ্যক গৰিহণা দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মহম্মদ নাছিদৰ। অৱশ্যে তাৰ পাছতেই মালদ্বীপ চৰকাৰে মন্ত্ৰীকেইগৰাকীৰ বক্তব্যক ব্যক্তিগত আৰু চৰকাৰৰ নহয় বুলি অভিমত প্ৰকাশ কৰিছে। পুনৰ এনে মন্তব্য প্ৰকাশ কৰিলে ব্যৱস্থা ল’বলৈ পিছ নুহুকিব বুলি সতৰ্ক কৰি দিছে চৰকাৰে। ভাৰতৰ সীমাৰ পৰা নাতিদূৰত থকা মালদ্বীপে এতিয়া INDIA OUT, CHINA IN নীতি নে আন নীতি গ্ৰহণ কৰে সেয়া হ’ব লক্ষ্যনীয়।

Leave A Reply

Your email address will not be published.