কালৱাৰ সমাজ অসমৰ সমাজ জীৱনৰ অবিচ্ছেদ্য অংগ: মুখ্যমন্ত্রী

0 44

অখিল অসম কালৱাৰ সমাজৰ মহাসভাত অংশগ্রহণ মুখ্যমন্ত্ৰীৰ

‘কালৱাৰ সমাজ অসমৰ সমাজ জীৱনৰ অবিচ্ছেদ্য অংগ। বৰ অসমৰ ভেটি শক্তিশালীকৰণৰ দিশত কালৱাৰ সমাজৰ ভূমিকা অপৰিসীম। ৰাজ্যখনৰ বিকাশৰ দিশত আগবঢ়োৱা অপৰিসীম ভূমিকাৰ কথা বিবেচনা কৰি কালৱাৰ সমাজৰ আৰ্থ-সামাজিক, শৈক্ষিক আৰু সাংস্কৃতিক দিশত আগুৱাই নিয়াৰ বাবে ৰাজ্য চৰকাৰ সদায় দায়বদ্ধ।’- শোণিতপুৰৰ শ্বহীদ নগৰী ঢেকিয়াজুলিত আয়োজিত অখিল অসম কালৱাৰ সমাজৰ চতুৰ্থ মহাসভাত মুখ্য অতিথি হিচাপে অংশ গ্রহণ কৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়। মুখ্যমন্ত্রীয়ে ঢেকিয়াজুলিৰ শ্বহীদসকলৰ প্ৰতিও গভীৰ শ্রদ্ধা জ্ঞাপন কৰে।

মুখ্যমন্ত্ৰীয়ে কয় যে, ভাৰতৰ সাংস্কৃতিক আৰু সামাজিক জীৱনধাৰা শক্তিশালী কৰাত কালৱাৰ সমাজৰ এক সমৃদ্ধ ইতিহাস আছে। প্রাচীন ভাৰতৰ মূলসুঁতিৰ সামাজিক আৰু সাংস্কৃতিক ব্যৱস্থাৰ বাহকৰূপী কালৱাৰসকল বিশ্ববিজয়ী সপ্তদীশৰ চক্ৰৱৰ্তী সম্রাট আৰু স্মৃতিগামী ভগৱান সহস্রার্জুন তথা ভগবান বলোভদ্ৰৰ সতি সন্ততি বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে অখণ্ড ভাৰতৰ অতি বিশ্বাসী ধৰ্মপৰায়ণ লোক হিচাপে কালৱাৰ সমাজ ইতিহাসৰ পাতত সদায়ে জিলিকি থাকিব। তেওঁ লগতে কয় যে কেইবা শতিকা পূৰ্বে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কালৱাৰ সমাজৰ লোক অসমলৈ আহিছিল আৰু ইয়াৰ জীৱনধাৰাৰ সৈতে মিলি গৈ ৰাজ্যখনৰ আৰ্থ-সামাজিক বিকাশত যথেষ্ট অৱদান যোগাই আহিছে। মহাভাৰতৰ কথা উল্লেখ কৰি তেওঁ কয় যে অসম আৰু কালৱাৰ সমাজৰ মাজত পাঁচহাজাৰ বছৰীয়া সম্বন্ধ আছে। ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে কালৱাৰ সমাজৰ বহু সুযোগ্য সন্তানে ভাৰত মাতৃৰ শিৰ উজ্বলাই আহিছে বুলিও কয়। ভাৰতীয় সভ্যতা-সংস্কৃতিক উজ্জীবিত কৰি ৰাখিবলৈ কালৱাৰ সমাজৰ লোকসকলে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অখণ্ড ভাৰতৰ হিন্দু, জৈন, শিখ আৰু বৌদ্ধ সমাজৰ বহু মঠ-মন্দিৰ এই সমাজৰ লোকসকলে গঢ়ি তুলিছে। আনকি কম্বোডিয়াত থকা অংকোৰৱাট মন্দিৰো কালৱাৰ সমাজৰ দ্বাৰা নির্মিত বুলিও তেওঁ কয়। মুখ্যমন্ত্রীয়ে লগতে কয় যে কালৱাৰ সমাজৰ বহু লোকে বিভিন্ন উদ্যোগ, খেতি-বাতি, ব্যৱসায়-বাণিজ্য আদিত জড়িত হৈছে আৰু কিছু সংখ্যক লোক চাহ বাগিচাৰ কামতো নিয়োজিত হৈ আহিছে। অসমৰ প্ৰায়বোৰ নগৰৰ মাজ মজিয়াত কালৱাৰ সমাজৰ লোকে বসৱাস কৰি অহাৰ লগতে গাঁৱে-ভূঞে এই সমাজৰ লোকসকল বাস কৰি আহিছে বুলিও তেওঁ কয়।

মুখ্যমন্ত্ৰীয়ে কয়যে অসমৰ সমাজ জীৱনত ঢেকিয়াজুলিৰ এক বিশেষ গুৰুত্ব আছে আৰু ভাৰতৰ স্বাধীনতা আন্দোলনৰ এক গৰিমামণ্ডিত সাক্ষী ঢেকিয়াজুলি। বিয়াল্লিছৰ গণবিপ্লৱত ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কার্যসূচীত অংশ লৈ আৰু লাঠিচালনাত মনবৰ নাথ, কুমলী দেৱী, মহিৰাম কোচ, বতন কছাৰী, সৰুনাথ চুতীয়া, মণিৰাম কছাৰী, তিলেশ্বৰী বৰুৱা, লেৰেলা কছাৰী, দয়াল দাস পানিকা, খহুলী দেবী, মংগল কুকু আদিয়ে দেশমাতৃৰ হকে আত্মবলিদান দিছিল বুলিও মুখ্যমন্ত্রীয়ে কয়। মুখ্যমন্ত্রীয়ে লগতে কয় যে দেশপ্ৰেমৰ ধাৰা নিৰবধি বৈ থকা ঢেকিয়াজুলিয়ে অসমৰ অর্থনীতি শক্তিশালী কৰাৰ দিশত অৱদান আগবঢ়াই আহিছে। তেওঁ মন্তব্য কৰে যে ঢেকিয়াজুলিৰ সেউজ পৰিৱেশ সমৃদ্ধ কৰি অহা চাহ বাগিচাসমূহে ৰাজ্যৰ পৰ্যটন আৰু বাণিজ্য, এই দুয়োটা দিশতে প্রভাৱ বিস্তাৰ কৰি আহিছে। মুখ্যমন্ত্ৰীয়ে আজিৰ এই অনুষ্ঠানত মুক্তিযোদ্ধা ঠগীৰাম বৰাক সম্বৰ্দ্ধনা জনায়। আনহাতে, অনুষ্ঠানৰ লগত সংগতি ৰাখি প্রকাশ কৰা স্মৰণিকা এখনো তেওঁ উন্মোচন কৰে।

এই অনুষ্ঠানত গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা আদি বিভাগৰ মন্ত্রী অশোক সিংহল, বিধায়কসকল ক্রমে মানৱ ডেকা, গণেশ লিম্বু, কৃষ্ণ কমল তাঁতী, বিহাৰৰ প্রাক্তন উপ মুখ্যমন্ত্রী তাৰিকশ্বৰ প্রসাদ, অখিল অসম কালৱাৰ সমাজৰ সভাপতি সন্তোষ জয়চোৱাল, উত্তৰ প্রদেশ, বিহাৰ, ঝাৰখণ্ডৰ কেইবাগৰাকী বিধায়ক মণিষ কুমাৰ জয়চোৱাল, অনুপমা জয়চোৱাল, পৱন জয়চোৱাল, ৰমেশ জয়চোৱাল প্রমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.