পাকিস্তানলৈ যাব কেন্দ্ৰীয় বিদেশ মন্ত্ৰী এছ জয়শংকৰ

পাকিস্তানলৈ যাব কেন্দ্ৰীয় বিদেশ মন্ত্ৰী এছ জয়শংকৰ। সুষমা স্বৰাজৰ পিছত পাকিস্তান যাবলৈ ওলোৱা প্ৰথমজন বিদেশ মন্ত্ৰী জয়শংকৰ। ইছলামাবাদত হ’বলগীয়া ছাংহাই সহযোগিতা সংস্থাৰ বৈঠকত অংশ ল’ব জয়শংকৰে। অহা ১৫-১৬ অক্টোবৰত ইছলামাবাদত হ’ব এই সংস্থাৰ শীৰ্ষ সন্মিলন। পাকিস্তানে এই বৈঠকৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জনাইছিল আমন্ত্ৰণ। পুলৱামা কাণ্ডৰ পিছতে অধিক তিক্ত হৈ পৰিছিল ভাৰত-পাকিস্তানৰ সম্পৰ্ক। জম্মু-কাশ্মীৰত অনুচ্ছেদ ৩৭০ বিলুপ্ত কৰাক লৈ পাকিস্তানে কৰি আহিছিল আপত্তি। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাতো যোৱা সপ্তাহত পাকিস্তানক সতৰ্কবাণী শুনাইছিল বিদেশ মন্ত্ৰীজনে। আন্তঃসীমান্ত সন্ত্ৰাসবাদৰ বাবে পাকিস্তানক কঠোৰ সকীয়নি জয়শংকৰৰ। এই সংস্থাৰ সদস্যৰূপে ভাৰত, পাকিস্তানৰ উপৰিও আছে চীন আৰু ৰাছিয়া। কাজাঘস্তান, কিৰ্গিজ ৰিপাব্লিক, তাজিকিস্তান এই সংস্থাৰ সদস্য।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াত ১,০০০তকৈও অধিক ড্ৰোন আক্ৰমণ ইউক্ৰেইনৰ; মস্কোত ইতিহাসৰ আটাইতকৈ বৃহৎ আক্ৰমণ

ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীয়ে ৰাছিয়াৰ বিভিন্ন প্ৰান্তত ১,০০০তকৈও অধিক ড্ৰোনৰে...

কবি আনিছ উজ জামানৰ জীৱনাসান, শোক প্ৰকাশ অসম সাহিত্য সভাৰ

অসম সাহিত্য সভাৰ ‘জাতীয় কবি’ অভিধাৰে সন্মানিত বিশিষ্ট কবি...