এল্ট’ৰ তেলৰ টেংকীৰ ভিতৰত ৩ কোটি টকাৰ ড্ৰাগছ জব্দ, ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত অতৰ্কিতে চলিল অভিযান

এল্ট’ৰ তেলৰ টেংকীৰ ভিতৰত ৩ কোটি টকাৰ ড্ৰাগছ জব্দ, ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত অতৰ্কিতে চলিল অভিযান। হাইলাকান্দিত আৰক্ষীৰ বৃহৎ সাফল্য। আৰক্ষীৰ অভিযানত হাইলাকান্দিত জব্দ হৈছে ৩ কোটি টকাৰ ড্ৰ‍াগছ। প‍াঁচগ্ৰাম এলেক‍াৰ ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে তালাচী চলাই এখন ৰৈ থক‍া বাহনৰ পৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে এই নিচাজাতীয় সামগ্ৰী। যাৰ ভিতৰতে আছে ২.৬ কিলোগ্ৰ‍াম ইয়াবা টেবলেট ‌আৰু ৩৫৭ গ্ৰাম সন্দেহযুক্ত হেৰ’য়িন। ঘাইপথৰ কাষতে ৰৈ থক‍া MZ-02-9626 নম্বৰৰ এখন মাৰুতি এল্টো গাড়ীৰ তেলৰ টেংকীৰ ভিতৰত লুকুৱাই ৰখা অৱস্থাত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ড্ৰাগছখিনি। জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য আনুমানিক ৩ কোটি টকা হব বুলি ‌সদৰি কৰিছে হাইলাকান্দিৰ উপ আৰক্ষী অধীক্ষক নিৰ্মল ঘোষে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...