এল্ট’ৰ তেলৰ টেংকীৰ ভিতৰত ৩ কোটি টকাৰ ড্ৰাগছ জব্দ, ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত অতৰ্কিতে চলিল অভিযান

এল্ট’ৰ তেলৰ টেংকীৰ ভিতৰত ৩ কোটি টকাৰ ড্ৰাগছ জব্দ, ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত অতৰ্কিতে চলিল অভিযান। হাইলাকান্দিত আৰক্ষীৰ বৃহৎ সাফল্য। আৰক্ষীৰ অভিযানত হাইলাকান্দিত জব্দ হৈছে ৩ কোটি টকাৰ ড্ৰ‍াগছ। প‍াঁচগ্ৰাম এলেক‍াৰ ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে তালাচী চলাই এখন ৰৈ থক‍া বাহনৰ পৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে এই নিচাজাতীয় সামগ্ৰী। যাৰ ভিতৰতে আছে ২.৬ কিলোগ্ৰ‍াম ইয়াবা টেবলেট ‌আৰু ৩৫৭ গ্ৰাম সন্দেহযুক্ত হেৰ’য়িন। ঘাইপথৰ কাষতে ৰৈ থক‍া MZ-02-9626 নম্বৰৰ এখন মাৰুতি এল্টো গাড়ীৰ তেলৰ টেংকীৰ ভিতৰত লুকুৱাই ৰখা অৱস্থাত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ড্ৰাগছখিনি। জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য আনুমানিক ৩ কোটি টকা হব বুলি ‌সদৰি কৰিছে হাইলাকান্দিৰ উপ আৰক্ষী অধীক্ষক নিৰ্মল ঘোষে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...