অৰুণাচলত স্বাধীনতাৰ পিছত প্ৰথমবাৰলৈ মুকলি হল 3D চিনেমা হল

অৰুণাচলবাসীয়ে লাভ কৰিলে প্ৰথমটো 3D চলচ্চিত্ৰ গৃহ। ৰাজধানী ইটানগৰৰ আবাসীয়ে এতিয়া উপভোগ কৰিব পাৰিব চিনেমা। নাহৰলগুনৰ কেপিটেল কমপ্লেক্সত নিৰ্মাণ কৰা হৈছে চলচ্চিত্ৰগৃহ। আজি এই চিনেমা হলটো উদ্বোধন কৰে ৰিনচিন কাৰু ৰিজিজুৱে। কাইলৈৰ পৰা ৩০০ আসন বিশিষ্ট চিনেমা হলটোত বহি উপভোগ কৰিব পাৰিব দেশ-বিদেশৰ চিনেমা। শ্বহাম শ্বৰুম মলৰ সমীপতে অৱস্থিত কাৰ্নিভেল চাকাং চিনেমা হলটোত চলচ্চিত্ৰ মুক্তিৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে স্বত্ত্বাধিকাৰীয়ে। উল্লেখ্য যে, পাহাৰীয়া ৰাজ্যখনত চিনেমা হলৰ অভাৱত জনপ্ৰিয় আৰু তাৰকাৰে সমৃদ্ধ চিনেমা উপভোগৰ পৰা বঞ্চিত হৈ আছিল। সময় বাগৰাৰ লগে লগে অৰুণাচলবাসীয়ে উচ্চপ্ৰযুক্তি সমৃদ্ধ চিনেমা উপভোগৰ সুযোগ আহিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বজাৰলৈ আহি আছে FASTag বাৰ্ষিক পাছ!

কেন্দ্ৰীয় চৰকাৰে ফাষ্টটেগৰ বাৰ্ষিক পাছৰ ব্যৱস্থা আৰম্ভ কৰিবলৈ গৈ...

ধুবুৰীৰ সমান্তৰালকৈ লক্ষীমপুৰতো ইছলামিকস্তানৰ আখৰাৰ অভিযোগ হিন্দু যুৱ-ছাত্ৰৰ

ধুবুৰীৰ সমান্তৰালকৈ লক্ষীমপুৰতো ইছলামিকস্তানৰ আখৰা চলোৱা অভিযোগ উত্থাপন কৰিছে...

ট্ৰাম্পৰ সৈতে ৩৫ মিনিট সময় কথা পাতিলে মোদীয়ে

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে ফোনত কথা-বতৰা হৈছে ভাৰতৰ...

কেদাৰনাথ যাত্ৰা পথত ভূমিস্খলন! মূৰত শিল পৰি ২ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু, ৩ জন আহত

কেদাৰনাথ যাত্ৰাৰ পথত বিপৰ্যয়! বুধবাৰে কেদাৰনাথত ভূমিস্খলনৰ ফলত দুজন...