MBBSৰ ছাত্ৰক পাঠ কৰালে ‘মহৰ্ষি চৰক শপত’, দেশজুৰি তীব্ৰ বিতৰ্ক

এমবিবিএছ পাঠ্যক্ৰমৰ প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীসকলে নিয়ম অনুযায়ী শপত পাঠ কৰে। কিন্তু এইবাৰ ‘হিপ’ক্ৰেটিক ওৱাথ’ৰ সলনি ‘মহৰ্ষি চৰক শপত’ পাঠ কৰোৱাৰ বাবে দেশজুৰি বিতৰ্কৰ সূত্ৰপাত ঘটিছে। ঘটনা তামিলনাডুৰ মাদুৰাই মেডিকেল কলেজৰ। পূৰ্বৰ ধাৰা অনুসৰি শিক্ষাৰ্থীসকলে শপতবাক্য পাঠ কৰিবলৈ আৰম্ভ কৰিয়েই বুজিব পাৰিছিল যে কিবা এটা ভুল হৈছে। ‘হিপ’ক্ৰেটিক শপত’ৰ সলনি ‘মহৰ্ষি চৰক শপত’ পাঠ আৰম্ভ কৰে নৱাগত ছাত্ৰ-ছাত্ৰীসকলে। অৱশ্যে সকলোৱে আশ্চৰ্য প্ৰকাশৰ লগে লগে সেই শপত পাঠ আধাতে বন্ধ কৰি দিয়া হয়। এই শপত পাঠ অনুষ্ঠানত উপস্থিত আছিল ৰাজ্যখনৰ বিত্ত মন্ত্ৰী পিটিআই পালানিভেল থিয়াগা ৰাজন আৰু ৰাজহ মন্ত্ৰী পি মূৰ্তিও। এই ঘটনাৰ লগে লগে মাদুৰাই মেডিকেল কলেজৰ ডীন ডঃ ৰাথিনাভেলক অপসাৰণ কৰা হৈছে। দোষী প্ৰমাণিত হ’লে কঠোৰ শাস্তিৰো সন্মুখীন হ’ব পাৰে ডীনগৰাকী। ছাত্ৰ সংগঠনৰ সম্পাদকৰ ভুলৰ বাবেই এনে বেমেজালি হোৱা বুলি ডীনগৰাকীয়ে দাবী কৰিছে। ভুলকৈ সম্পাদকজনে বিপ’ক্ৰেটিক শপতৰ সলনি মহৰ্ষি চৰকৰ শপত ডাউনলোড কৰে আৰু সেইটোকে শপত গ্ৰহণৰ প্ৰেক্ষাগৃহত বজাই দিয়াৰ দাবী ডীনগৰাকীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰ পৰা ‘জুবিন সপ্তাহ’ পালন অজাপৰ; ‘নাহৰৰ দিন’ত ৰাজ্যজুৰি ১ লাখ গছপুলি ৰোপণৰ লক্ষ্য

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে...

কৰ্ণাটকত শিশু শ্ৰমিকৰ বিৰুদ্ধে বৃহৎ অভিযান, উদ্ধাৰ ৮০০টা শিশু

শিশু শ্ৰমিকৰ বিৰুদ্ধে কৰ্ণাটক আৰক্ষীয়ে শনিবাৰে ৰাজ্যজুৰি চলোৱা আকস্মিক...

অসমত নল গাহৰিৰ আশাব্যঞ্জক পুনৰুত্থান: ৬ৰ পৰা ১৯৪লৈ বৃদ্ধি সংখ্যা

অসমৰ সংৰক্ষণমূলক প্ৰচেষ্টাই লাভ কৰিছে এক উল্লেখযোগ্য সফলতা। বিলুপ্তিৰ...

‘এইবাৰ মই টাৰ্গেট নেকি?’ জুবিন গাৰ্গৰ বন্ধু তথা সংগীতজ্ঞ পাৰ্থপ্ৰতিম গোস্বামীৰ বিস্ফোৰক পোষ্ট

জুবিন গাৰ্গৰ ন্যায় বিচাৰি মাত মাতি অহা বন্ধু পাৰ্থপ্ৰতিম...