MBBSৰ ছাত্ৰক পাঠ কৰালে ‘মহৰ্ষি চৰক শপত’, দেশজুৰি তীব্ৰ বিতৰ্ক

এমবিবিএছ পাঠ্যক্ৰমৰ প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীসকলে নিয়ম অনুযায়ী শপত পাঠ কৰে। কিন্তু এইবাৰ ‘হিপ’ক্ৰেটিক ওৱাথ’ৰ সলনি ‘মহৰ্ষি চৰক শপত’ পাঠ কৰোৱাৰ বাবে দেশজুৰি বিতৰ্কৰ সূত্ৰপাত ঘটিছে। ঘটনা তামিলনাডুৰ মাদুৰাই মেডিকেল কলেজৰ। পূৰ্বৰ ধাৰা অনুসৰি শিক্ষাৰ্থীসকলে শপতবাক্য পাঠ কৰিবলৈ আৰম্ভ কৰিয়েই বুজিব পাৰিছিল যে কিবা এটা ভুল হৈছে। ‘হিপ’ক্ৰেটিক শপত’ৰ সলনি ‘মহৰ্ষি চৰক শপত’ পাঠ আৰম্ভ কৰে নৱাগত ছাত্ৰ-ছাত্ৰীসকলে। অৱশ্যে সকলোৱে আশ্চৰ্য প্ৰকাশৰ লগে লগে সেই শপত পাঠ আধাতে বন্ধ কৰি দিয়া হয়। এই শপত পাঠ অনুষ্ঠানত উপস্থিত আছিল ৰাজ্যখনৰ বিত্ত মন্ত্ৰী পিটিআই পালানিভেল থিয়াগা ৰাজন আৰু ৰাজহ মন্ত্ৰী পি মূৰ্তিও। এই ঘটনাৰ লগে লগে মাদুৰাই মেডিকেল কলেজৰ ডীন ডঃ ৰাথিনাভেলক অপসাৰণ কৰা হৈছে। দোষী প্ৰমাণিত হ’লে কঠোৰ শাস্তিৰো সন্মুখীন হ’ব পাৰে ডীনগৰাকী। ছাত্ৰ সংগঠনৰ সম্পাদকৰ ভুলৰ বাবেই এনে বেমেজালি হোৱা বুলি ডীনগৰাকীয়ে দাবী কৰিছে। ভুলকৈ সম্পাদকজনে বিপ’ক্ৰেটিক শপতৰ সলনি মহৰ্ষি চৰকৰ শপত ডাউনলোড কৰে আৰু সেইটোকে শপত গ্ৰহণৰ প্ৰেক্ষাগৃহত বজাই দিয়াৰ দাবী ডীনগৰাকীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰানলৈ অস্ত্ৰ সৰবৰাহ আৰম্ভ কৰিলে চীনে

ইজৰাইলৰ সৈতে যুদ্ধবিৰতিক ‘ঢাল’ হিচাপে ব্যৱহাৰ কৰি ইৰানে চীনৰ...

মহাকাশচাৰীসকলে মহাকাশত কিদৰে শুৱে, কিদৰে খায়?

মহাকাশত এদিনত ১৬ বাৰ সূৰ্য উদয় হয় আৰু ১৬...

চৰকাৰ বিৰোধী প্ৰতিবাদত উত্তাল কেনিয়া! আৰক্ষীৰ গুলীত নিহত ১১জন, সংঘৰ্ষত আহত আৰক্ষী

কেনিয়াত পুনৰ চৰকাৰবিৰোধী আন্দোলন গা কৰি উঠিছে। ৰাষ্ট্ৰপতি উইলিয়াম...

শান্তিৰ নোবেল বঁটাৰ বাবে ট্ৰাম্পক মনোনীত কৰিলে ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে

পাকিস্তানৰ পিছত এইবাৰ ইজৰাইলেও বিচাৰিছে যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড...