গানেৰে স্বাস্থ্য সজাগতামূলক প্ৰচাৰৰ অভিনৱ পদক্ষেপ ডাঃ চন্দন মোদকৰ

সাধাৰণ মানুহক সংগীতেৰে স্বাস্থ্য সচেতন কৰাৰ এক অভিনৱ কাৰ্যক্ৰমণিকা হাতত লৈছে বিশিষ্ট হৃদৰোগ বিশেষজ্ঞ , ৰাজ্যখনৰ আগশাৰীৰ স্বেচ্ছাসেৱী সংস্থা “দ্য হাৰ্ট, সহৃদয় গোষ্ঠী”ৰ সভাপতি ডাঃ চন্দন মোদকে ৷ ইয়াৰ অংশৰূপে তেওঁৰ কথা, পৰিকল্পনা আৰু কণ্ঠৰে বাণীৱদ্ধ কৰা “গেছ হোৱা নাই” শীৰ্ষক গানটিৰ আজি শুভমুক্তি দিয়ে অনুৰাগীৰ “হাৰ্টথ্ৰ’ব” খ্যাত শিল্পী জুবিন গাৰ্গ ,বিশিষ্ট মনৰোগ বিশেষজ্ঞ ডাঃ দ্বীপেশ ভাগৱতী, বিশিষ্ট সংগীত পৰিচালক মানস হাজৰিকা আৰু জনপ্ৰিয় বাঁহীবাদক দীপক শৰ্মাই ৷ মহানগৰীৰ চিৰিয়াখানাৰ সমীপত ৰাধা গোবিন্দ বৰুৱা পথৰ ৪ নং উপ-পথস্থিত জুবিন গাৰ্গৰ জেড. জি. ষ্টুডিঅ’ত গানটিৰ শুভমুক্তি অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ দৃশ্যশ্ৰাব্য মাধ্যমত ব্যতিক্ৰমী গানটিৰ শুভমুক্তি দি জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে কয় যে চিকিৎসা সেৱাৰ সমান্তৰালভাৱে সংগীত সাধনাতো ব্ৰতী হৈ অহা ডাঃ চন্দন মোদকৰ চিন্তা-চৰ্চা সদায়ে সুকীয়া ৷ ইয়াৰ শেহতীয়া উদাহৰণ “গেছ হোৱা নাই” শীৰ্ষক গানটি ৷

মানুহক গানেৰে শৰীৰ-স্বাস্থ্যৰ প্ৰতি সজাগ কৰাৰ এয়া এক সুন্দৰ পদক্ষেপ ৷ একেদৰে বিশিষ্ট মনৰোগ বিশেষজ্ঞ ডাঃ দ্বীপেশ ভাগৱতীয়ে ডাঃ মোদকৰ এই পদক্ষেপক ভূয়সী প্ৰশংসা কৰি এয়া অসমৰ চিকিৎসা আৰু সংগীতৰ জগতত এক নতুন সংযোজন বুলি অভিহিত কৰে ৷ বিশিষ্ট সংগীত পৰিচালক মানস হাজৰিকাই কয়—“এই গানটিৰ ৰেকৰ্ডিং হৈ যোৱাৰ কিছুদিন পাছত এদিন মোৰ নিজৰে গেছ সদৃশ এক সমস্যা হয় ৷ সন্দেহ হোৱাত মই ডাঃ মোদকক ফোন কৰি সোধাত তেওঁ মোক তৎক্ষণাত মাতি পঠিয়াই ৷ সেই মৰ্মে মই তেওঁৰ চেম্বাৰলৈ যোৱাত পৰীক্ষা কৰি মোৰ হাৰ্ট এটেক হোৱাটো নিশ্চিত কৰে ৷ সেই মৰ্মে চিকিৎসা কৰাত এক প্ৰকাৰ মৃত্যুৰ মুখৰ পৰা উভতি আহিবলৈ সক্ষম হওঁ ৷ সেয়ে এই গানটিয়ে বহুতৰে উপকাৰ কৰিব বুলি মই আশা প্ৰকাশ কৰিছোঁ ৷” জনপ্ৰিয় বাঁহীবাদক দীপক শৰ্মায়ো “গেছ হোৱা নাই” গানটি চিকিৎসা আৰু সংগীত উভয় ক্ষেত্ৰৰ বাবেই এক নতুন সম্পৰীক্ষা বুলি উল্লেখ কৰে ৷ ডা: চন্দন মোদকে বিষয় প্ৰসংগত জনায় যে “দ্য হাৰ্ট, সহৃদয় গোষ্ঠী”ৰ জৰিয়তে গানৰ মাধ্যমেৰে সাধাৰণ মানুহৰ মাজত স্বাস্থ্য সজাগতা গঢ়ি তোলাৰ বাবে বহুদিনৰ আগতেই পৰিকল্পনা কৰা হৈছিল ৷ সেই মৰ্মে এই গানটি সম্পূৰ্ণ কৰাৰ পাছত আজি জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ, বিশিষ্ট মনৰোগ বিশেষজ্ঞ ডাঃ দ্বীপেশ ভাগৱতী, বিশিষ্ট সংগীত পৰিচালক মানস হাজৰিকা আৰু জনপ্ৰিয় বাঁহীবাদক দীপক শৰ্মাৰ হাতেৰে মুক্তি দিবলৈ পৰাটো পৰম সৌভাগ্য ৷

তেওঁ কয় যে আজিকালি মানুহে “গেছ” বেমাৰটো নিজে নিশ্চিত কৰে আৰু ফাৰ্মাচীৰ পৰা দৰৱ ক্ৰয় কৰি খায় ৷ কিন্তু এয়া স্বাস্থ্যৰ পক্ষে ভয়ংকৰ ক্ষতিকাৰক হৈ উঠিব পাৰে ৷ কিয়নো হৃদৰোগকে ধৰি আন কিছুমান ৰোগেও শৰীৰত গেছৰ দৰেই ক্ৰিয়া কৰে ৷ সেয়ে এনে পৰিস্থিতিত নিজে সিন্ধান্ত লোৱাতকৈ তেনে ৰোগীয়ে চিকিৎসকৰ ওচৰলৈ গৈ ই. চি. জি.কে ধৰি প্ৰয়োজনীয় পৰীক্ষা কৰি নিশ্চিত হোৱাৰ পাছতহে দৰৱ সেৱন কৰা উচিত । ইয়াকে বুজাবলৈ তেওঁ গানৰ সহায় লোৱা বুলি উল্লেখ কৰি এইক্ষেত্ৰত সংবাদ মাধ্যমৰ সহযোগিতাও কামনা কৰে ৷ “গেছ হোৱা নাই” গীতটিৰ সংগীত পৰিচালনা আৰু সুহুৰি ডাঃ চন্দন মোদকৰ নিজৰ ৷ সংগীত ব্যৱস্থাপনা আৰু গীতাৰ বাদন শান্তনু বৰুৱাৰ ৷ মিক্স এণ্ড মাষ্টাৰিং ভূপেশ শইকীয়াৰ ৷ ড্ৰাম আৰু পিয়ানো বজাইছে দীপক দাসে ৷ ভইচ টিউন নিতাই আৰু নিন্টুৰ ৷ অভিনয়ত আছে শুভ্ৰ চন্দন মোদক, নিৰঞ্জন মোদক, প্ৰণৱ কুমাৰ বৰ্মন, অৱিনাশ পাটোৱাৰী, দিব্যজ্যোতি বৰা, জয়ন্ত বৰ্মন, উৎপল কলিতা আদি ৷ “দ্য হাৰ্ট” প্ৰযোজিত গানটিৰ বাণীৱদ্ধন আৰু দৃশ্য সম্পাদনা কৰা হৈছে “তাল-মান” ষ্টুডিঅ’ত ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...