জাতিষ্কাৰ হৈ উঠিছে কাজিৰঙাৰ জাতীয় অৰ্কিড উদ্যান

সমাগত বসন্ত। বসন্তৰ আগমনত ন-ৰূপ লৈছে প্ৰকৃতিয়ে। চাৰিওফালে জকমকাই ফুলি উঠিছে না-না ৰঙী ফুলবোৰ। বসন্তৰ প্ৰাক-ক্ষণতে কাজিৰঙা অৰ্কিড উদ্যানত ফুলি উঠিছে ভিন্ন প্ৰজাতিৰ অৰ্কিডসমূহ। দেশী-বিদেশী পৰ্যটকৰ আগমন ঘটিছে উদ্যানখনলৈ। নানা তৰহৰ অৰ্কিডৰ সৌন্দৰ্যত মন্ত্ৰমুগ্ধ হৈছে পৰ্যটকসকল। বিশ্বৰ আটাইতকৈ সৰু প্ৰজাতিৰ অৰ্কিডৰ পৰা সুগন্ধি বোৱাৰী কপৌলৈকে একেলগে দেখি অৰ্কিড উদ্যানখনৰ প্ৰেমত পৰিছে পৰ্যটক।

প্ৰায় ১৬০০ প্ৰজাতিৰ অৰ্কিডৰ সমাহাৰ বাগিচাখনত
অৰ্কিডৰ না-না ৰঙে মনোমোহা কৰি তুলিছে বাগিচাখন
বাগিচাখনে আকৰ্ষণ কৰিছে দেশী-বিদেশী পৰ্যটকক

বসন্তৰ আগমনত ৰঙ-বিৰঙী অৰ্কিডেৰে জাতিস্কাৰ হৈ উঠিছে কাজিৰঙাৰ জাতীয় অৰ্কিড উদ্যান। সম্প্ৰতি ফুলেৰে সমাহিত অৰ্কিড উদ্যানখনখনত ভিৰ বাঢ়িছে পৰ্যটকৰ ৷ দুষ্প্ৰাপ্য প্ৰজাতিৰ অৰ্কিডৰ সৌন্দৰ্যই মুগ্ধ কৰিছে অৰ্কিড পাৰ্কলৈ অহা পৰ্যটকসকলক।

অৰ্কিডৰ নয়নাভিৰাম দৃশ্যই মন-প্ৰাণ জুৰাইছে উদ্যানখনলৈ অহা প্ৰতিগৰাকী পৰ্যটকৰ ৷ ইপাহৰ পিছত সিপাহকৈ ফুলি উঠা দুষ্প্ৰাপ্য প্ৰজাতিৰ অৰ্কিডসমূহে দুগুণে উচাহ বঢ়াইছে উদ্যানখনৰ কৰ্মচাৰীৰ মনত। বিশ্বৰ আটাইতকৈ সৰু প্ৰজাতিৰ অৰ্কিডৰ পৰা সুগন্ধি বোৱাৰী কপৌলৈকে উপলব্ধ এই অৰ্কিড উদ্যানত।

সম্প্ৰতি উদ্যানখনত ফুলি আছে ৭০ শতাংশ অৰ্কিড
ন-ৰূপে জাতিষ্কাৰ হৈছে অৰ্কিডসমূহ

যেন ৰঙৰহে মেলা পাতিছে প্ৰতিপাহ অৰ্কিডে। এই সৌন্দৰ্যৰ আঁৰত আছে উদ্যানখনৰ কৰ্মচাৰীসকলৰ বছৰজোৰা আপদাল, শ্ৰম আৰু হেঁপাহ। উদ্যানখনৰ সৌন্দৰ্যই আনন্দ দিছে পৰ্যটকসকলক। ব’হাগৰ প্ৰাকক্ষণত উদ্যানখনৰ এই মনোমোহা পৰিৱেশে হাঁহি বিৰিঙাইছে উদ্যানৰ প্ৰতিগৰাকী কৰ্মচাৰীৰ মুখত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আতচবাজী ব্যৱহাৰক লৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত; নিৰ্দিষ্ট সময়তহে ব্যৱহাৰ কৰিব পাৰিব আতচবাজী

আতচবাজীৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ নকৰে উচ্চতম ন্যায়ালয়ে। অৱশ্যে...

২৩ বছৰৰ পাছত ইৰাক এৰিলে আমেৰিকান সেনাই; নিৰাপত্তাক লৈ সৃষ্টি হৈছে নতুন শংকা

২৩ বছৰৰ পাছত ইৰাকৰ পৰা সম্পূৰ্ণৰূপে আমেৰিকান সেনা প্ৰত্যাহাৰ...

ফ্লাইডুবাই নামৰ যাত্ৰীবাহী বিমানত পাইলটৰ মাজত মাৰপিট, ছৌদি আৰৱত জৰুৰী অৱতৰণ

ফ্লাইডুবাই FZ1073 বিমানখনত সংঘটিত হোৱা ভয়ংকৰ ঘটনাক লৈ চাঞ্চল্যকৰ...