হোলী গীতেৰে মুখৰিত বৰপেটা সত্ৰৰ চৌদিশ

0 38

ৰঙা জুই জ্বলি উঠিছে, পলাশৰ ডালত। ফাগুনৰ বা বৈ পৰিছে, নিকুঞ্জ বনত। ৰাজ্যৰ সৰ্বত্ৰ আকাশত উৰিছে আবিৰৰ ৰং। পীঠস্থান বৰপেটা সত্ৰত প্ৰতিবাৰৰ দৰে স্বকীয়তা অক্ষুণ্ণ ৰাখি এইবাৰো অনুষ্ঠিত হ’ল দৌল উত্সৱ। উপস্থিত হলগৈ মুখ্যমন্ত্ৰীও। হোলী গীতত মগন হ’ল বৰপেটাবাসী।

ৰঙে ৰঙীন ৰাজ্য
কিন্তু ফাকুৱা বুলিলেই যেন বৰপেটা সত্ৰ

আজি ৰঙৰ উৎসৱ ফাকুৱা। আবিৰৰ ৰঙেৰে ৰঙীন পৰিছে ৰাজ্যৰ আকাশ-বতাহ। বলিছে বতাহ-উৰিছে আবিৰ। চলিছে নাম প্ৰসংগ-সানিছে আবিৰ। গাইছে কৃষ্ণ প্ৰেমৰ বন্দনা- ললাটত ৰঙে ৰঙচুৱা আবিৰ আবিৰ আৰু আবিৰ। ৰাজ্যজুৰি ৰঙৰ উৎসৱ ফাকুৱাৰ আনন্দত মতলীয়া হৈছে সকলো। নিৰ্বাচনী প্ৰচাৰ, ব্যস্ততাৰ মাজতে আয়োজন কৰা হৈছে ৰঙৰ উত্‍সৱ। ৰাজ্যৰ সত্ৰসমূহত শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱৰ চলিছে বৰ্ণাঢ্য আয়োজন। হোলী গীতেৰে মুখৰিত হৈছে বৰপেটা সত্ৰৰ চৌদিশ।

সত্ৰনগৰী বৰপেটাত আজি ভৰদৌল
হোলী গীতেৰে মুখৰিত বৰপেটা সত্ৰৰ চৌদিশ
কৃষ্ণপ্ৰেমৰ বন্দনাৰে মুখৰিত হৈছে বটদ্ৰৱা, মাজুলীৰো চৌদিশ

দৌল উৎসৱক লৈ উখল-মাখল সমগ্ৰ ৰাজ্য। তাৰ মাজতে বৰপেটাৰ পৰিৱেশ আগৰ দৰেই সুকীয়া। আজি ভৰদৌলত উপস্থিত হলগৈ মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা। লাইখুটাত শুদ্ধচিত্তে কৰিলে প্ৰণাম। বন্দিত বৰপেটা সত্ৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে ভ্ৰমিলে চৌপাশ। সত্ৰীয়া সংস্কৃতি, অসমৰ সমৃদ্ধ পৰম্পৰাৰ কথা অনুভৱ কৰি মুখ্যমন্ত্ৰীয়ে ক’লে- বৰপেটালৈ নাহিলে আপুনি কিবা এটা হেৰুৱাব: মুখ্যমন্ত্ৰী

ইফালে, মুখ্যমন্ত্ৰীৰ আগমণৰ সমান্তৰালকৈ বৰপেটাত আন্তৰ্জাতিক কৃষ্ণভাৱনামৃত সংঘ ইসকনৰ উদ্যোগতো বিশাল ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়। ৭দিন জোৰা বিভিন্ন ধৰ্মীয় কাৰ্যসূচী ৰূপায়ন ইসকন বৰপেটা ৰোড আউটপোষ্ট মন্দিৰৰ ভক্তবৃন্দ উদ্যোগত। শোভাযাত্ৰাত দেখা যায় বাৰেহণীয়া সংস্কৃতি। সত্ৰৰ ভৰদৌলত উপস্থিত ৰাইজে লাভ কৰিলে সুখানুভূতি ব্যক্ত কৰিলে হোলীৰ আনন্দ।

ৰাইজে লগতে গালে হোলী গীত

বৰপেটাৰ পৰা গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা সত্ৰলৈ ৰাওনা হয় মুখ্যমন্ত্ৰী। বটদ্ৰৱাৰ নৰোৱা সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীৰ বাসগৃহত উপস্থিত হ’ল মুখ্যমন্ত্ৰীগৰাকী। শোকসন্তপ্ত পৰিয়ালবৰ্গৰ শোকত সমভাগী হৈ সমবেদনা জনাই সত্ৰাধিকাৰৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে । শ্ৰীশ্ৰী কৃষ্ণ দৌল যাত্ৰা উপলক্ষে বটদ্ৰৱা থানত সমবেত ভকত বৈষ্ণৱৰ লগতো কথা পাতিলে মুখ্যমন্ত্ৰীয়ে।

এনেদৰেই মূলতঃ বৰপেটা সত্ৰৰ ভৰদৌলৰ দিনটোত দেখা গল আনন্দৰ পৰিৱেশ। সমৃদ্ধ সংস্কৃতিৰ সোৱাদ লৈ কৃষ্ণ বন্দনাত মুখৰিত হল চৌপাশ। ৰঙা জুই জ্বলি উঠিল পলাশৰ ডালত। ফাগুনৰ বা বৈ পৰিল নিকুঞ্জ বনত।

Leave A Reply

Your email address will not be published.