ব্ৰেকফাষ্ট নোপোৱাৰ বাবেই মাতৃৰ লগত ভয়ংকৰ কাণ্ড…কলিযুগৰ পৰশুৰামৰ কাণ্ডই হতভম্ব কৰিব আপোনাকো!

ইটোৰ পাছত সিটোকৈ শিহৰণকাৰী ঘটনাই দেশ কঁপাই যোৱাৰ সময়তে এইবাৰ পোহৰলৈ আহিছে আন এক ভয়ংকৰ ঘটনা। শেহতীয়াকৈ পোহৰলৈ অহা এই ঘটনাই হতভম্ব কৰিব আপোনাকো। এই ঘটনাৰ সবিশেষ জানিলে গাৰ নোম শিয়ৰি উঠিব আপোনাৰ!

ঘটনা বেংগালুৰুৰ। য’ত এজন কিশোৰে ব্ৰেকফাষ্ট নোপোৱাৰ বাবেই মাতৃৰ লগত কৰিলে ভয়ংকৰ কাণ্ড। খবৰ অনুসৰি, অভিযুক্ত কিশোৰজনে কলেজলৈ যোৱাৰ আগতে মাতৃক ৰাতিপুৱাৰ আহাৰ বিচাৰিছিল আৰু তেওঁৰ মাতৃয়ে কৈছিল যে তেওঁ তেতিয়ালৈকে একো ৰন্ধা নাছিল। পৰৱৰ্তী সময়ত দুয়োৰে মাজত তৰ্কৰ সূত্ৰপাত হয় আৰু তেনেতেই কিশোৰজনে মাকৰ মূৰত ৰডেৰে প্ৰহাৰ কৰে। প্ৰহাৰৰ পাছতে বাগৰি পৰিছিল মাতৃ। আনফালে কিশোৰজনে ভাবে যে তেওঁ অচেতন হৈ পৰিছে। অৱশ্যে, কিছু সময়ৰ পিছত, অভিযুক্ত কিশোৰজনে অনুভৱ কৰে যে তেওঁৰ মাতৃৰ মৃত্যু হৈছে।

ঘটনাৰ পাছতে কিশোৰজন থানালৈ যায় আৰু আৰক্ষীক ঘটনাৰ বিষয়ে অৱগত কৰে। উল্লেখ্য যে ঘটনাৰ সময়ত অভিযুক্ত কিশোৰজনৰ পিতৃ ঘৰত নাছিল। আনফালে তেওঁলোকৰ ওচৰ চুবুৰীয়াই জনাই যে কিশোৰজনে মাতৃৰ লগত প্ৰায়ে কাজিয়াত লিপ্ত হৈছিল। ঘটনাৰ বিষয়ে অধিক জানিবলৈ আৰক্ষীয়ে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...