বন্ধুত্বমূলক ক্ৰিকেট: তিতাবৰ সাংবাদিক একাদশৰ ১০ উইকেটত জয়লাভ

তিতাবৰৰ চৈকটা মাজগাঁৱৰ প্ৰয়াত বিশ্বজিৎ বণিয়া আৰু সিদ্ধাৰ্থ হাজৰিকা সোঁৱৰণি ক্ষেত্ৰত স্থানীয় ৰেইনব’ ক্ৰীড়া সন্থাই আয়োজন কৰা দিবা-নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা যোৰহাট সাংবাদিক একাদশ আৰু তিতাবৰ সাংবাদিক একাদশৰ মাজৰ এখন বন্ধুত্বমূলক মেটচত তিতাবৰ সাংবাদিক একাদশ ১০ উইকেটৰ ব্যৱধানত জয়লাভ কৰিছে। বন্ধুত্বপূৰ্ণ মেচখনত টচত জয়ী হৈ তিতাবৰ সাংবাদিক একাদশে যোৰহাট সাংবাদিক একাদশক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। তিতাবৰ সাংবাদিক একাদশৰ নিয়ন্ত্ৰিত বলিঙৰ ফলত যোৰহাট সাংবাদিক একাদশে পাঁচ অভাৰত ৪৬ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। যোৰহাট সাংবাদিক একাদশৰ হৈ শুভাষীস শৰ্মাই মূল্যবান ২০ আৰু পূৰ্ণ বিকাশ বৰাই ১৩ ৰাণৰ বৰঙণি আগবঢ়াই। তিতাবৰ সাংবাদিক একাদশৰ হৈ চিত্তকমল বেজবৰাই ৫টা, অমৰজিৎ সিং ৰাজপুত আৰু অনুপম গগৈয়ে এটাকৈ উইকেট লাভ কৰে। ইয়াৰ পাছতে ৪৭ ৰাণৰ বিজয় লক্ষ্যৰে বেটিং কৰিবলৈ আহি তিতাবৰ সাংবাদিক একাদশে কোনো উইকেট নেহেৰুৱাকৈয়ে মাত্ৰ তিনি অভাৰত বিজয় লক্ষ্যত উপনীত হয়। দলৰ হৈ চিত্তকমল বেজবৰাই অনবদ্য ৩৮ ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ ৰয়। খেল খনত চিত্তকমল বেজবৰাই মেন অৱ দা মেটচৰ সন্মান লাভ কৰে। বঁটা বিতৰণি অনুষ্ঠানত উপস্থিত হৈ যোৰহাট ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰী আৰু ৰাষ্ট্ৰীয় বঁটা প্ৰাপক অৱসৰপ্ৰাপ্ত শিক্ষক যোগেন দত্তই অংশগ্ৰহণ কৰি দুইটা দলকে বঁটা প্ৰদান কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSত ভাৰতৰ অৱস্থান: সম্ভাৱনা, প্ৰত্যাহ্বান আৰু বাস্তৱতা

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলনে ভাৰতৰ বৈদেশিক...

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...