বন্ধুত্বমূলক ক্ৰিকেট: তিতাবৰ সাংবাদিক একাদশৰ ১০ উইকেটত জয়লাভ

তিতাবৰৰ চৈকটা মাজগাঁৱৰ প্ৰয়াত বিশ্বজিৎ বণিয়া আৰু সিদ্ধাৰ্থ হাজৰিকা সোঁৱৰণি ক্ষেত্ৰত স্থানীয় ৰেইনব’ ক্ৰীড়া সন্থাই আয়োজন কৰা দিবা-নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা যোৰহাট সাংবাদিক একাদশ আৰু তিতাবৰ সাংবাদিক একাদশৰ মাজৰ এখন বন্ধুত্বমূলক মেটচত তিতাবৰ সাংবাদিক একাদশ ১০ উইকেটৰ ব্যৱধানত জয়লাভ কৰিছে। বন্ধুত্বপূৰ্ণ মেচখনত টচত জয়ী হৈ তিতাবৰ সাংবাদিক একাদশে যোৰহাট সাংবাদিক একাদশক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। তিতাবৰ সাংবাদিক একাদশৰ নিয়ন্ত্ৰিত বলিঙৰ ফলত যোৰহাট সাংবাদিক একাদশে পাঁচ অভাৰত ৪৬ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। যোৰহাট সাংবাদিক একাদশৰ হৈ শুভাষীস শৰ্মাই মূল্যবান ২০ আৰু পূৰ্ণ বিকাশ বৰাই ১৩ ৰাণৰ বৰঙণি আগবঢ়াই। তিতাবৰ সাংবাদিক একাদশৰ হৈ চিত্তকমল বেজবৰাই ৫টা, অমৰজিৎ সিং ৰাজপুত আৰু অনুপম গগৈয়ে এটাকৈ উইকেট লাভ কৰে। ইয়াৰ পাছতে ৪৭ ৰাণৰ বিজয় লক্ষ্যৰে বেটিং কৰিবলৈ আহি তিতাবৰ সাংবাদিক একাদশে কোনো উইকেট নেহেৰুৱাকৈয়ে মাত্ৰ তিনি অভাৰত বিজয় লক্ষ্যত উপনীত হয়। দলৰ হৈ চিত্তকমল বেজবৰাই অনবদ্য ৩৮ ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ ৰয়। খেল খনত চিত্তকমল বেজবৰাই মেন অৱ দা মেটচৰ সন্মান লাভ কৰে। বঁটা বিতৰণি অনুষ্ঠানত উপস্থিত হৈ যোৰহাট ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰী আৰু ৰাষ্ট্ৰীয় বঁটা প্ৰাপক অৱসৰপ্ৰাপ্ত শিক্ষক যোগেন দত্তই অংশগ্ৰহণ কৰি দুইটা দলকে বঁটা প্ৰদান কৰে।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ভাৰতৰ আক্ৰমণৰ পিছত সেনাৰ মুখ্য কাৰ্যালয় স্থানান্তৰিত কৰাৰ পৰিকল্পনা পাকিস্তানৰ

ভাৰতৰ আক্ৰমণত পাকিস্তানৰ নুৰ খান বিমান ঘাটিত হোৱা ব্যাপক...

আমেৰিকাক শূন্য শুল্ক দ্বিপাক্ষিক বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ পাকিস্তানৰ

পাকিস্তানে আমেৰিকাক নিৰ্বাচিত পণ্যৰ ওপৰত শূন্য শুল্কৰ দ্বিপাক্ষিক বাণিজ্য...

ভাৰত-ভূটান সীমান্ত এলেকাত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে তৎপৰতাৰে পদক্ষেপ ল’বলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ

জনতা ভৱনত স্বাস্থ্য বিভাগৰ কাম-কাজৰ পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ স্বাস্থ্যমন্ত্ৰী...

ভাৰতত এপলৰ সামগ্ৰী বনোৱা বন্ধ কৰিবলৈ ট্ৰাম্পৰ প্ৰস্তাৱ

মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে Appleৰ CEO টিম কুকক ভাৰতত...