দৈৰ উপকাৰিতাসমূহৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

দৈ আৰু অসমীয়া সমাজৰ যেন এটা এৰাব ৱোনাৰা সম্পৰ্ক আছে৷ অসমত সকলোৰে এবিধ প্রিয় খাদ্য হৈছে দৈ। দৈ হৈছে গাখীৰৰ পৰা উৎপন্ন এবিধ দ্ৰব্য৷ কোৱা হয় যে গাখীৰতকৈও দৈ বেছি উপকাৰী। গাখীৰৰ ৰাসায়নিক পৰিৱৰ্তন ঘটি গোট মৰা ৰূপটোকে দৈ বুলি কোৱা হয়৷ স্বাস্থ্য আৰু সৌন্দর্য উভয়ৰ বাবেই ই উপকাৰী।

দৈৰ উপকাৰিতাসমূহৰ বিষয়ে জানো আহকচোন

১. ভিটামিন ডি সমৃদ্ধ দৈয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। লগতে ই হজম শক্তি বৃদ্ধি কৰাতো সহায় কৰে।

২. দৈত আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় সকলো পুষ্টি থাকে। দৈনিক প্ৰয়োজন হোৱা কেলচিয়ামৰ ৪৯%, ফছফৰাছৰ ৩৮%, মেগনেছিয়ামৰ ১২% আৰু পটাছিয়ামৰ ১৮% শতাংশ একাপ দৈ’ত পোৱা যায়।

৩. দৈ’য়ে হৃদযন্ত্ৰৰ সমস্যা প্ৰতিৰোধ আৰু হ্ৰাস কৰাত সহায় কৰে। দৈনিক আহাৰত দৈ’ৰ অন্তৰ্ভুক্তিয়ে কলেষ্টেৰলৰ স্তৰ হ্ৰাস কৰাত সহায় কৰে। ই হৃদযন্ত্ৰক স্বাস্থ্যৱান কৰাত সহায় কৰে। দৈ গ্ৰহণ কৰিলে হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগৰ বিপদাশংকা যথেষ্ট পৰিমাণে হ্ৰাস হয়।

৪. দৈ সৌন্দৰ্য বৃদ্ধিৰ বাবেও জনপ্ৰিয়। দৈ’ত থকা খনিজ পদাৰ্থই ছালখন স্বাস্থ্যৱান কৰি ৰাখে। মুখত দৈ ব্যৱহাৰ কৰিলে ছাল মসৃণ হোৱাৰ লগতে উজ্জ্বল আৰু কোমল হয়।

বি:দ্ৰ: এই প্ৰতিবেদন সাধাৰণ তথ্যৰ ওপৰতহে আধাৰিত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...