অধিনায়ক ৰিয়ানৰ সাহসে নিৰ্ভীক কৰিছে দলক: শ্বেন বণ্ড

‘যি ৰণনীতিৰে আমি ছিজনৰ আৰম্ভণি কৰিছিলো সেয়া প্ৰথম তিনিখন মেচত আমাৰ দলে এশ শতাংশই খেলপথাৰত সফল কৰিবলৈ সক্ষম হৈছে৷ স্বাভাৱিকতে এয়া দলৰ বাবে প্ৰত্যয়জনক আৰম্ভনি যিয়ে প্ৰতিজন যুৱ খেলুৱৈক মানসিকৰূপত শক্তিশালী কৰি তুলিছে৷’ এই মন্তব্য ৰাজস্থান ৰয়েলছৰ পেচ বলিং প্ৰশিক্ষক শ্বেন বণ্ডৰ৷ চলিত ১৯ সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল-২০২৬] ৰ গুৱাহাটীত অনুষ্ঠিত হোৱা তিনিখন হাইভল্টেজ মেচৰ কাইলৈ অন্তিমখন খেলত ঘৰুৱা দল ৰাজস্থান ৰয়েলছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে মুখামুখি হ’ব৷ চমকপ্ৰদ প্ৰদৰ্শনৰে জয়ৰ হেট্ৰিক অৰ্জন কৰি ছিজনৰ প্ৰত্যাশিত আৰম্ভনি কৰা ৰিয়ানৰ দল আৰ আৰে কাইলৈ ডিফেণ্ডিং চেম্পিয়ন আৰ চি বিৰ বিৰুদ্ধেও আত্মবিশ্বাসৰে এ চি এ ষ্টেডিয়ামত নামিব৷ আজি সংবাদমেলত অংশ লৈ নিউজিলেণ্ডৰ প্ৰাক্তন পেচাৰগৰাকীয়ে দলৰ নবাগত পেচাৰৰ নিখুত বলিঙকো উচ্ছ প্ৰশংসা কৰে৷ বিশেষকৈ গুজৰাটৰ বিৰুদ্ধে তুষাৰ দেশপাণ্ডেৰ প্ৰদৰ্শনক অনন্য বুলি কোৱা বণ্ডে আৰ্চাৰ, বাৰ্গাৰ আৰু সন্দিপৰ ধাৰাবাহিক প্ৰদৰ্শনো চমকপ্ৰদ বুলি কয়৷ ইফালে, যুৱ দলৰ নিৰ্ভিক প্ৰদৰ্শন সন্দৰ্ভৰ প্ৰশ্নৰ উত্তৰ দি বণ্ডে কয় ‘এয়া অধিনায়ক ৰিয়ান পৰাগৰ সাহস৷ তেওঁ দলটোক অতি সুন্দৰকৈ খেলপথাৰত পৰিচালনা কৰিবলৈ সক্ষম হৈছে৷ যুৱ অধিনায়কৰ দৃঢ়তাই দলক নিৰ্ভিকৰূপত খেলিবলৈ অনুপ্ৰানিত কৰিছে৷’ ইফালে কাইলৈৰ মেচৰ কিছু টিকট এতিয়াও বাকী থকাত দৰ্শকৰ বাবে ইতিমধ্যে অনলাইনত মুকলি কৰা হৈছে৷ ক্ৰিকেটপ্ৰেমীয়ে ডিষ্টিক্ট-জ’মাটো এপৰ লগতে জি এছ ৰ’ডৰ চিটী চেণ্টাৰত দিনৰ ১১ বজাৰ পৰা নিশা সাত বজালৈ আৰু ছাউথ পইণ্ট স্কুলত দিনৰ ৯ বজাৰ পৰা তিনি বজালৈ ক্ৰয় কৰিব পাৰিব৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেৰাপানীত প্ৰাক্তন আলফা কেডাৰৰ ঘৰত আৰক্ষীৰ অভিযান; উদ্ধাৰ বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলী-বাৰুদ

গোলাঘাট জিলাৰ মেৰাপানীত এগৰাকী আত্মসমৰ্পণকাৰী প্ৰাক্তন আলফা কেডাৰৰ বাসগৃহত...

শ্বি জিনপিঙৰ সন্মানত ড’নাল্ড ট্ৰাম্পৰ ষ্টেট ডিনাৰ; অতিথিৰ তালিকাত প্ৰযুক্তি জগতৰ ৰথী-মহাৰথী

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ সন্মানত বৃহস্পতিবাৰে হোৱাইট হাউছত আমেৰিকাৰ...

পৰ্যটকৰ বাবে সুখবৰ, ২ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

ৰাজ্যৰ পৰ্যটনপ্ৰেমীসকলৰ বাবে সুখবৰ। বাৰিষাৰ বন্ধৰ অন্তত অহা ২...