জলফাইৰ উপকাৰিতাসমূহৰ বিষয়ে জানেনে?

জলফাই অতি পুষ্টিগুণসমৃদ্ধ ফল। আপুনি বাৰু জানেনে ইয়াৰ উপকাৰিতাসমূহ? জলফাইত প্ৰচুৰ পৰিমাণে ভিটামিন-A, B, C, K, আইৰণ, কেলছিয়াম, পটাছিয়াম বিটা কেৰাটিন, মেগনেছিয়াম, ফাইবাৰ, ফছফৰাছ আদি পোৱা যায়। জানো আহক ইয়াৰ উপকাৰিতাসমূহৰ বিষয়ে।

১. প্ৰচুৰ পৰিমাণে জলফাই খালে চর্দি, কাঁহৰ দৰে শীতকালীন ৰোগবোৰৰ পৰা বাচি থাকিব পৰা যায়।


২. শীতকালত ছাল-নিমজ আৰু কোমল কৰি ৰাখিবলৈ-জলফাই তেল বা অলিভ অইল অতি উপকাৰী।


৩. ডায়েৰিয়া, ডিচেণ্টী তথা দাঁতৰ গুৰি ফোলা ৰোগত জলফাই ব্যৱহাৰ কৰা হয়। গাঁঠিৰ বিষ তথা ডায়েবেটিচ ৰোগতো জলফাইক ব্যৱহাৰ কৰিব পাৰি।


৪. জলফাইৰ পৰা প্ৰস্তুত কৰা অলিভ অইল আমাৰ শৰীৰৰ বাবে বৰ উপকাৰী। অলিভ অইলে আমাৰ শৰীৰত ভাল কলেষ্ট্ৰ’ৰেলৰ পৰিমাণ বৃদ্ধি কৰে আৰু বেয়া কলেষ্ট্ৰ’ৰেলৰ পৰিমাণ হ্ৰাস কৰে। অলিভ অইলে আমাৰ শৰীৰত ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰখাতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।


৫. জলফাইত থকা মনোচেচ’ৰেটেট ফেটৰ বাবে ই হৃদপিণ্ডৰ বাবে বৰ উপকাৰী। শৰীৰত কলেষ্ট্ৰ’ৰেলৰ পৰিমাণ হ্ৰাস কৰি ৰখাত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে জলফাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...