সম্পত্তিৰ লালসাতে ২কণমানিক হত্যা কৰিলে ককায়েক নীৰজ শৰ্মাই?

প্ৰসংগঃ ওদালগুৰিত ২ শিশুক ডিঙি কাটি হত্যা। সময় বাগৰাৰ লগে লগে চাঞ্চল্যকৰ ঘটনাক লৈ পোহৰলৈ আহিছে ন ন তথ্য। সম্পত্তিকেন্দ্ৰিক লোভতে এই ঘটনাৰ সন্দেহ। কিছুদিন পূৰ্বে অভিযুক্তৰ বায়েকে ভাবুকি দিছিল পৰিয়ালক। আৰক্ষীয়ে জব্দ কৰিছে অভিযুক্তৰ ম’বাইল। ম’বাইলৰ হোৱাটছএপত ডিলিট কৰা মেছেজ লাভ আৰক্ষীৰ। ম’বাইলত অডিঅ’ কলৰো তথ্য লাভ কৰিছে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত তৃতীয় পক্ষ জড়িত থকাৰ সন্দেহ।

শুকুৰবাৰে পুৱা পুৱা দুই কিশোৰ ওলাই গৈছিল স্কুললৈ। পিছে পিছে মোমায়েকৰ বাইক লৈ গৈছিল তেওঁলোকৰ সতীয়া ভাতৃ নীৰজ শৰ্মা। আদবাটৰ পৰা বাইকত উঠাই লৈছিল ২ ভায়েকক। ২ ভায়েকক পোনে পোনে লৈ গৈছিল হত্যাকাণ্ড সংঘটিত কৰা স্থানলৈ। তাতে দুয়োকে হত্যা কৰিছিল নীৰজে। তাৰ পিছত তেজ লগা কাপোৰবোৰ ৰাখিছিল মোমায়েকৰ ঘৰত। মোমায়েকৰ ঘৰতে ৰাখিছিল হত্যাকাণ্ডত ব্যৱহৃত ডেগাৰখন। গা ধুই পুনৰ পিতৃৰ লগত দুই ভায়েকক বিচাৰি ফুৰিছিল নীৰজে। সকলো আৰক্ষীৰ আগত স্বীকাৰ কৰিছে নীৰজে। শনিবাৰে পুৱা এগৰাকী মহিলাই কচু কাটিবলৈ গৈ দেখিছিল মৃতদেহ দুটা। আৰক্ষী গৈ তদন্ত আৰম্ভ কৰিছিল ঘটনাৰ। ঘটনা সন্দৰ্ভত প্ৰায় ১০জনক সোধাপোছা আৰক্ষীৰ। নীৰজক জেৰা কৰাত সন্দেহ উপজিছিল আৰক্ষীৰ। কথাৰ উলট-পালট হৈছিল নীৰজৰ। ইজনৰ পিছত সিজন আৰক্ষী বিষয়াই জেৰা কৰাত সমগ্ৰ কথা স্বীকাৰ কৰে নীৰজে। নীৰজৰ ভাষ্যৰ ভিত্তিত আৰক্ষীয়ে উদ্ধাৰ কৰে বহু তথ্য প্ৰমাণ। আজি মৰণোত্তৰ পৰীক্ষা সম্পন্ন হ’ব ২ কিশোৰৰ মৃতদেহৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৮ বছৰে ৰক্ষা কৰিলে কাজিৰঙাৰ বন্যপ্ৰাণী, কৰ্তব্যৰ পৰা অৱসৰ কাজিৰঙাৰ K9 Leonৰ

কাজিৰঙাৰ বন্যপ্ৰাণী সুৰক্ষাত সুদীৰ্ঘ ৮ বছৰ ধৰি গুৰুত্বপূৰ্ণ ভূমিকা...

প্ৰতি আধাঘণ্টাত এজনৰ মৃত্যু, ভয়াৱহ ইব’লা সংক্ৰমণত কংগো গণৰাজ্য | ভাৰতলৈ বিয়পিব পাৰে নেকি ?

প্ৰতি আধাঘণ্টাত এজনৰ মৃত্যু। পুনৰ ভয়াবহ ৰূপ ধাৰণ কৰিছে...

ভাৰতীয় বেটাৰ ঋষভ পণ্টৰ ইতিহাস ৰচনা, ১০০টা ছয় সম্পূৰ্ণ কৰা প্ৰথমজন ভাৰতীয় বেটাৰ হিচাপে নতুন অভিলেখ

শ্ৰীলংকাৰ বিৰুদ্ধে গালেত চলি থকা প্ৰথমখন টেষ্টৰ চতুৰ্থ দিনা...