দেউতাকৰ পৰা পাইছিল অৱহেলা, হতাশাত ভুগিয়েই নীৰজ শৰ্মাৰ ভয়ংকৰ কাণ্ড!

কণমানি গৌৰৱ-কৌশিকক কোনে হত্যা কৰিলে? ৰাজ্য কঁপোৱা ওদালগুৰিৰ হত্যাকাণ্ডৰ ন ন তথ্য পোহৰলৈ আহিছে। সতীয়া ভাতৃয়েই শেষ কৰিলে নিস্পাপ গৌৰৱ-কৌশিকক! মাত্ৰ ১৮বছৰ বয়সতেই ভাতৃ নীৰজ শৰ্মাই সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড। কিন্তু কিয়? কেনেকৈ ইমান কম বয়সতেই অপৰাধীৰ মানসিকতা গঢ়ি উঠিছিল নীৰজৰ?

নীৰজে কেনেকৈ সংঘটিত কৰিছিল এই জঘন্য কাণ্ড? সংবাদমেলযোগে জনালে IGP বিটিএডি বিবেকৰাজ সিঙে। ঘটনাৰ দিনা পুৱা পুৱা দুই কিশোৰ ওলাই গৈছিল স্কুললৈ। পিছে পিছে মোমায়েকৰ বাইক লৈ গৈছিল নীৰজ। আদবাটৰ পৰা বাইকত উঠাই লৈছিল ২ ভায়েকক। ২ ভায়েকক পোনে পোনে লৈ গৈছিল হত্যাকাণ্ড সংঘটিত কৰা স্থানলৈ। তাতে দুয়োকে হত্যা কৰিছিল নীৰজে। তাৰ পিছত তেজ লগা কাপোৰবোৰ ৰাখিছিল মোমায়েকৰ ঘৰত। মোমায়েকৰ ঘৰতে ৰাখিছিল হত্যাকাণ্ডত ব্যৱহৃত ডেগাৰখন। গা ধুই পুনৰ পিতৃৰ লগত দুই ভায়েকক বিচাৰি ফুৰিছিল নীৰজে। সকলো আৰক্ষীৰ আগত স্বীকাৰ কৰিছে নীৰজে। শনিবাৰে পুৱা এগৰাকী মহিলাই কচু কাটিবলৈ গৈ দেখিছিল মৃতদেহ দুটা। আৰক্ষী গৈ তদন্ত আৰম্ভ কৰিছিল ঘটনাৰ। ঘটনা সন্দৰ্ভত প্ৰায় ১০জনক সোধাপোছা আৰক্ষীৰ। নীৰজক জেৰা কৰাত সন্দেহ উপজিছিল আৰক্ষীৰ। কথাৰ উলট-পালট হৈছিল নীৰজৰ। ইজনৰ পিছত সিজন আৰক্ষী বিষয়াই জেৰা কৰাত সমগ্ৰ কথা স্বীকাৰ কৰে নীৰজে। নীৰজৰ ভাষ্যৰ ভিত্তিত আৰক্ষীয়ে উদ্ধাৰ কৰে বহু তথ্য প্ৰমাণ। দেওবাৰে হ’ব দুই মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা। বৰ্তমানলৈকে কোনো তৃতীয় লোক হত্যাকাণ্ডত জড়িতৰ প্ৰমাণ পোৱা নাই আৰক্ষীয়ে। কিন্তু কিয় নীৰজে হত্যা কৰিলে ২ ভাতৃক? মাত্ৰ ১৮বছৰ বয়সতেই এনে ভয়ংকৰ কাণ্ড কিয়? সেই কথাও জনালে আৰক্ষীয়ে। দেউতাকৰ পৰা প্ৰায়েই অৱহেলা পাইছিল নীৰজে! যাৰ বাবে হয়তো হতাশাত ভুগিছিল নীৰজ! যাৰ ফলশ্ৰুতিত সংঘটিত কৰিলে এই ভয়ংকৰ কাণ্ড।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...