সতীয়া ভাতৃয়েই শেষ কৰিলে নিস্পাপ গৌৰৱ-কৌশিকক! আৰক্ষীৰ তদন্তত পোহৰলৈ ন ন তথ্য

যিকোনো পিতৃ-মাতৃৰে বুকু কঁপি যোৱা ঘটনা। শুকুৰবাৰে পৰীক্ষা দিবলৈ গৈছিল গৌৰৱ আৰু কৌশিক। শনিবাৰে নৈৰ পাৰৰ অৰণ্যত উদ্ধাৰ মৃতদেহ। ওদালগুৰি জিলাৰ টংলাৰ বটাবাৰী ষষ্ঠ পাৰাৰ নাইকা নদীৰ পাৰত শনিবাৰে বিৰ দি বাট নোপোৱা অৱস্থা। ১০-১১ বছৰ বয়সতে অজ্ঞাত ঘাতকৰ জিঘাংসাৰ বলি গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মাৰ মৃতদেহ স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ হেতা-ওপৰা ৰাইজৰ। স্কুললৈ যোৱাৰ পথতে নিখোঁজ হৈছিল দুয়ো। তেতিয়াৰে পৰা আৰু কোনো খবৰেই নোলাল। টংলা যোৰ পুখুৰী নিবাসী মহেন্দ্ৰ শৰ্মা আৰু গীতা শৰ্মাৰ দুই পুত্ৰ গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা। টংলা কেন্দ্ৰীয় জাতীয় বিদ্যালয়ৰ ক্ৰমান্বয়ে ষষ্ঠ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ কণমানি গৌৰৱ আৰু কৌশিক। স্কুলত পৰীক্ষা চলি আছে। ঘৰৰ পৰা মাত্ৰ ১ কিঃমিঃ আঁতৰত স্কুল। খোজ কাঢ়িয়েই স্কুললৈ যায় দুয়ো। শুকুৰবাৰেও পুৱা ঘৰত মাকে সাজি দিয়া ভাত-পানী খাই হাতে হাত ধৰি স্কুলত পৰীক্ষা দিবলৈ গৈছিল দুই ককাই-ভাই। কিন্তু স্কুল গৈ নাপালে গৌৰৱ আৰু কৌশিক। স্কুল কৰ্তৃপক্ষই অভিভাৱকক জনালে কথাটো।

কণমানি দুই দেৱশিশু গৌৰৱ আৰু কৌশিকৰ সন্ধানত আৰম্ভ হ’ল বিচাৰ খোছাৰ। টংলা আৰক্ষী থানাতো লিখিতভাৱে জনোৱা হ’ল। কিন্তু নিশালৈ গৌৰৱ-কৌশিকৰ কোনো খবৰ নোলাল।

নিশালৈ দুই কণমানি দেৱশিশুৰ কোনো সন্ধান নোলোৱাত এক অজান আশংকাই হেঁচি ধৰিলে পৰিয়ালটোক। শোক আৰু আতংকই খুন্দা মাৰি ধৰিলে মাক-দেউতাকক। গৌৰৱ আৰু কৌশিকৰ চিন্তাত উজাগৰী নিশা পাৰ কৰা পৰিয়ালটোলৈ শনিবাৰে আহিল এক অকল্পনীয় খবৰ। দুই শিশুৰ মৃতদেহ উদ্ধাৰ হ’ল টংলাৰ বটাবাৰী ষষ্ঠ পাৰাৰ নাইকা নদীৰ পাৰৰ গভীৰ অৰণ্যত। ঘৰৰ পৰা মৃতদেহ উদ্ধাৰৰ স্থান প্ৰায় ১০ কিঃমিঃ আঁতৰত। স্কুলৰ দিশৰ পৰা সম্পূৰ্ণ বিপৰীত দিশত ঘটনাস্থলী। অজ্ঞাত ঘাতকে ডিঙি ৰেপি থৈ গৈছিল ২ দেৱশিশুৰ। অৰণ্যত পৃথকে পৃথকে পৰি আছিল ৰক্তাক্ত মৃতদেহ দুটা। টংলাত বনজুইৰ দৰে বিয়পি পৰিল এই শিহৰণকাৰী হত্যাকাণ্ডৰ খবৰ। ঘটনাস্থলীলৈ গৈ প্ৰায় সংজ্ঞাহীন হৈ পৰিল পিতৃ। ঘৰত মাকৰ অৱস্থাও বৰ্ণনাতীত। গৌৰৱ আৰু কৌশিকৰ মৃতদেহ প্ৰত্যক্ষ কৰিবলৈ নাইকা নদীৰ পৰাত শ শ লোকৰ হেতাওপৰা। আৰক্ষীয়ে ছীল কৰি দিলে মৃতদেহ উদ্ধাৰৰ স্থান। ফৰেনছিক বিশেষজ্ঞৰ দল আৰু দণ্ডাধীশেও ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিলে প্ৰাৰম্ভিক তদন্ত। কোনে কিয় হত্যা কৰিলে দুটিকৈ দেৱশিশুক?

ঘটনা সন্দৰ্ভত বিভিন্ন দিশত তদন্ত আৰম্ভ কৰিছে ওদালগুৰি আৰক্ষীয়ে। এয়া নৰবলিৰ ঘটনা নে পাৰিবাৰিক শত্ৰুতা? ৰাইজৰ মাজত চৰ্চা হৈছে নিহত দুই দেৱশিশুৰ পিতৃৰ বিয়া কৰাই থোৱা অন্য এগৰাকী মহিলাৰ কথা। সেই মহিলাগৰাকীৰ পিনৰ পৰাও হেনো এটি পুত্ৰ সন্তান আছে মহেন্দ্ৰ শৰ্মাৰ। অৱশ্যে বিষয়টোৰ সত্যাসত্য নিৰূপন এতিয়াও বাকী।

তাৰ মাজতে হত্যাকাৰীৰ গ্ৰেপ্তাৰ আৰু ফাঁচীৰ দাবীত টংলাৰ ৰাজপথত উত্তাল প্ৰতিবাদ স্থানীয় ৰাইজ আৰু দল-সংগঠনৰ। উত্তেজিত ৰাইজে টংলা চাৰিআলিত অৱৰোধ কৰিলে ৰাজপথ। দুই দেৱশিশুৰ হত্যাকাৰীৰ গ্ৰেপ্তাৰৰ দাবীত স্বত্বস্ফূৰ্তভাৱে ওলাই আহিল ওদালগুৰিৰ পুৰুষ মহিলা।

তাৰ মাজতে ঘটনাৰে জড়িত থকাৰ সন্দেহত দুজনক আটক ওদালগুৰি আৰক্ষীৰ। ডিজিপি জিপি সিঙেও X-হেণ্ডেলযোগে জনালে এই কথা। আটকাধীন ২ অভিযুক্তৰ পৰা হত্যাত ব্যৱহৃত মাৰণাস্ত্ৰ জব্দ কৰাৰো দাবী জি পি সিঙৰ। ওদালগুৰিত ২ শিশুক হত্যাৰ সন্দেহত দুজনক আটক। আটক কৰা দুই যুৱকৰ এজন দুই শিশুৰ সতীয়া ভাতৃ নীৰজ শৰ্মা। হত্যাত ব্যৱহৃত মাৰণাস্ত্ৰ, এখন মটৰ চাইকেলো জব্দ আৰক্ষীৰ। নিহত ভাতৃদ্বয়ৰ পিতৃ মহেন্দ্ৰ শৰ্মাৰ দুগৰাকী পত্নী। প্রথমা পত্নীৰ পুত্ৰ অভিযুক্ত নীৰজ শৰ্মা। মাতৃ আৰু ভগ্নীৰ সৈতে পঞ্জাৱত আছিল নীৰজ শৰ্মা। কিছুদিন পূর্বেহে টংলালৈ আহিছিল নীৰজ। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে জোৰদাৰ তদন্ত। দুই শিশুৰ হত্যাৰ আঁৰৰ কাহিনী এতিয়াও ৰহস্যৰ আৱৰ্তত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...