ৰাতিটোৰ ভিতৰতে নোহোৱা হ’ল এখন পাহাৰ

ৰাতিটোৰ ভিতৰতে নোহোৱা হ’ল এখন পাহাৰ
বনদস্যুৱে দিনে-নিশাই ধ্বংস কৰিছে প্ৰকৃতি
পথ বন্ধ কিৰ অহৰহ চলিছে পাহাৰ খনন
বিৰোধিতা কৰা গঞাক আৰক্ষীৰহে ধমক

ইয়াত পূৰ্বে এখন ধুনীয়া, সেউজীয়া পাহাৰ আছিল। সেই সেউজীয়াৰ ওপৰত চকু পৰিল বনদস্যুৰ। তাৰ পাছতেই আৰম্ভ হল ধ্বংসয়জ্ঞ। মহানগৰীৰ কাষৰীয়া ৰাণীৰ পাট হালধীয়াত থকা এই পাহাৰখনত এনেদৰেই চলিছে খনন। দিনে-নিশাই শ শ ডাম্পাৰে কঢ়িয়াইছে পাহাৰৰ মাটি। এই পাহাৰৰ দাতিতেই আছিল পাটহালধীয়াবাসীৰ শ্মশান। সেই শ্মশানলৈ যাবলৈ আছিল পথ। কিন্তু সেই পথ বন্ধ কৰি এতিয়া খনন চলিছে।

সুভাষ দাস আৰু অসীম ৰাভা
অসীম ৰাভা নামৰ এজন লোকে পাইছিল ২বিঘা ভূমিৰ আবন্টন

সেই ভূমিৰ সৈতে সংলগ্ন হৈ থকা পাহাৰখনৰ ৫২ বিঘা চৰকাৰী ভূমি এতিয়া এফালৰ পৰা কাটি প্ৰায় ৮০ শতাংশ নিশেষ কৰিলে। অসীম ৰাভাৰ সৈতে আছে বৃহত্তৰ ৰাণী অঞ্চলত বনদস্যু হিচাপে পৰিচিত সুভাষ দাস নামৰ এইজন লোক। বন বিভাগৰ বিষয়াক মেনেজ কৰি এতিয়া চলাইছে সন্ত্ৰাস। ৰাণীৰ বনাঞ্চলিক কাৰ্যালয়ৰ বিষয়া এওঁলোকৰ হাতৰ মুঠিত।

DFOৰ পৰ্যায়ত মেনেজ কৰাৰ অভিযোগ

প্ৰকৃতিৰ ওপৰত চলা এই অত্যাচাৰ সহিব নোৱাৰি বিৰোধিতা কৰিছিল পাটহালধীয়াবাসীয়ে। বছৰ বছৰ ধৰি অহা-যোৱা কৰি থকা পথটো বন্ধ হৈ যোৱাত সমস্যাত পৰিছিল এওঁলোক। তাকেই কবলৈ গৈ এওঁলোকহে পৰিছিল আৰক্ষীৰ ৰোষত।

দুজন লোকক ধৰি নিছিল আৰক্ষীয়ে

ইয়াৰ পৰাও বহু কথাই বুজিব পাৰি। মাফিয়াই পাহাৰ কাটিছে। বিৰোধিতা কৰা গঞাক পুলিচে ধৰিছে। মানে কি।

এতিয়া সেই পাহাৰ প্ৰায় নিঃশেষ

চৰকাৰী ভূমিত মাফিয়াৰ এক্সকেভেটৰ
অসহায় গঞা

কোন কোন বিষয়াক মেনেজ কৰিছে এই গেংটোৱে। কেনেকৈ ইমান দীঘল সুভাষ দাস এণ্ড কোম্পানীৰ হাত। কিবা ব্যৱস্থা লব নে বন বিভাগে। অপেক্ষাত পাট হালধীয়াবাসী।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...