এইবাৰ উৎসৱকলৈও সিংঘলৰ হিন্দু-মুছলমান

দীপাৱলীৰ প্ৰদূষণৰ পৰা কেনেকৈ সুৰক্ষা দিব গুৱাহাটীক?
এইবাৰ উৎসৱকলৈও সিংঘলৰ হিন্দু-মুছলমান
ঈদত হোৱা প্ৰদূষণ কোনেও নেদেখে!

পোহৰৰ উৎসৱ দীপাৱলীক লৈ চৌদিশে আনন্দ-উল্লাস। ফটকা-আতচবাজীৰে উজ্জ্বল হৈ পৰে মহানগৰীৰ আকাশ। প্ৰকৃতিৰ ওপৰত পৰা প্ৰভাৱ প্ৰদূষণক লৈ উদ্বিগ্ন সচেনত ৰাইজ। প্ৰশাসনেও লৈছে উল্লেখনীয় ব্যৱস্থা। অশোক সিংঘল যিহেতো নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী। গুৱাহাটীত যিহেতো প্ৰদূষণ সৰ্বাধিক সেয়ে সাংবাদিকে বিষয়টোক লৈ প্ৰশ্ন কৰিলে মন্ত্ৰীজনক। তেতিয়াই এইদৰে জকি উঠিল মন্ত্ৰী সিংঘল।

ঈদত প্ৰদূষণ! মন্ত্ৰী সিংঘলৰ মন্তব্যত ছচিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া। বহুতেই সমালোচনা কৰিলে সিংঘলক। দীপাৱলী আৰু ঈদৰ তুলনা কৰাৰ প্ৰয়োজন কি। সিংঘলৰ দৰে মন্ত্ৰীয়েহে পৰিবেশ প্ৰদূষিত কৰিছে! চৰকাৰে নিজেই নিৰ্দেশনা জাৰি কৰিছে প্ৰদূষণমুক্ত দেৱালী উদযাপন কৰিবলৈ। তাৰ পাছতো মন্ত্ৰীৰ এই উদ্ভত মন্তব্যক লৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়া। প্ৰতিক্ৰিয়া আম আদমী পাৰ্টীৰো। ভাল সময়ত এইবোৰ মন্তব্য কিয় কৰে মন্ত্ৰীয়ে সিংঘলৰ মন্তব্যই সমাজ কলুষিত কৰিছে।

সকলো মিলি-জুলি থাকে অসমত। ধৰ্ম নিৰ্বিশেষে পালন কৰে দেৱালী। এনে মন্তব্য কৰি সমাজত বিভাজন অনাৰ চেষ্টা কৰাৰ অভিযোগ সিংঘলৰ বিৰুদ্ধে। পোনপটীয়া প্ৰশ্ন আছিল সাংবাদিকৰ। তাতেই সিংঘলৰ দীপাৱলী-ঈদক একাকাৰ কৰা চেষ্টা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

GMCHত উপলব্ধ হ’ব কেন্সাৰৰ উন্নত থেৰাপীৰ সঁজুলি,সঁজুলি ক্ৰয়ৰ বাবে কেবিনেটৰ অনুমোদন

অসমত কেন্সাৰ চিকিৎসাৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিবলৈ...

নেপালত কিয় পুতি পেলোৱা হৈছে চিনাক্ত নোহোৱা মৃতদেহ? কেনেকৈ হ’ব মৃতদেহৰ চিনাক্তকৰণ?

নেপালত ভয়াৱহ বানত মৃত্যু হোৱা চিনাক্ত নোহোৱা মৃতদেহসমূহ পুতি...

বয়স-ফিটনেছৰ বাবে সলনি হ’ব নেকি ভাৰতৰ বিশ্বকাপ দল?

২০২৭ৰ এদিনীয়া বিশ্বকাপৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে ভাৰতীয় ক্ৰিকেট...

১৫ বছৰীয়া বৈভৱৰ কান্ধত ইষ্ট জ’নৰ নেতৃত্বৰ দায়িত্ব

বেংগালুৰুৰ Centre of Excellence (CoE)ত দেওবাৰে অনুষ্ঠিত দুলীপ ট্ৰফীৰ...