এইবাৰ উৎসৱকলৈও সিংঘলৰ হিন্দু-মুছলমান

দীপাৱলীৰ প্ৰদূষণৰ পৰা কেনেকৈ সুৰক্ষা দিব গুৱাহাটীক?
এইবাৰ উৎসৱকলৈও সিংঘলৰ হিন্দু-মুছলমান
ঈদত হোৱা প্ৰদূষণ কোনেও নেদেখে!

পোহৰৰ উৎসৱ দীপাৱলীক লৈ চৌদিশে আনন্দ-উল্লাস। ফটকা-আতচবাজীৰে উজ্জ্বল হৈ পৰে মহানগৰীৰ আকাশ। প্ৰকৃতিৰ ওপৰত পৰা প্ৰভাৱ প্ৰদূষণক লৈ উদ্বিগ্ন সচেনত ৰাইজ। প্ৰশাসনেও লৈছে উল্লেখনীয় ব্যৱস্থা। অশোক সিংঘল যিহেতো নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী। গুৱাহাটীত যিহেতো প্ৰদূষণ সৰ্বাধিক সেয়ে সাংবাদিকে বিষয়টোক লৈ প্ৰশ্ন কৰিলে মন্ত্ৰীজনক। তেতিয়াই এইদৰে জকি উঠিল মন্ত্ৰী সিংঘল।

ঈদত প্ৰদূষণ! মন্ত্ৰী সিংঘলৰ মন্তব্যত ছচিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া। বহুতেই সমালোচনা কৰিলে সিংঘলক। দীপাৱলী আৰু ঈদৰ তুলনা কৰাৰ প্ৰয়োজন কি। সিংঘলৰ দৰে মন্ত্ৰীয়েহে পৰিবেশ প্ৰদূষিত কৰিছে! চৰকাৰে নিজেই নিৰ্দেশনা জাৰি কৰিছে প্ৰদূষণমুক্ত দেৱালী উদযাপন কৰিবলৈ। তাৰ পাছতো মন্ত্ৰীৰ এই উদ্ভত মন্তব্যক লৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়া। প্ৰতিক্ৰিয়া আম আদমী পাৰ্টীৰো। ভাল সময়ত এইবোৰ মন্তব্য কিয় কৰে মন্ত্ৰীয়ে সিংঘলৰ মন্তব্যই সমাজ কলুষিত কৰিছে।

সকলো মিলি-জুলি থাকে অসমত। ধৰ্ম নিৰ্বিশেষে পালন কৰে দেৱালী। এনে মন্তব্য কৰি সমাজত বিভাজন অনাৰ চেষ্টা কৰাৰ অভিযোগ সিংঘলৰ বিৰুদ্ধে। পোনপটীয়া প্ৰশ্ন আছিল সাংবাদিকৰ। তাতেই সিংঘলৰ দীপাৱলী-ঈদক একাকাৰ কৰা চেষ্টা।

NKTV Digital
Author: NKTV Digital

543 COMMENTS

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...