আলোকৰ উৎসৱ দীপাৱলী উপলক্ষে মুখ্যমন্ত্ৰীৰ শুভেচ্ছা

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালী পূজা আৰু আলোকৰ উৎসৱ দীপাৱলী উপলক্ষে অসমবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।

এক বিবৃতিৰ জৰিয়তে মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে, ভাৰতীয় আধ্যাত্মিক জীৱনবোধত ধৰ্মীয় উৎসৱ সমূহৰ এক গভীৰ প্ৰভাৱ আছে। পোহৰৰ উৎসৱ দীপাৱলীয়ে এন্ধাৰ বিনাশী আগুৱাই যাবলৈ প্ৰেৰণা যোগায়। আলোকৰ জয় যাত্ৰাৰ এক পৱিত্ৰ উৎসৱে আমাক সকলোকে প্ৰমূল্যবোধৰ ভিত্তিত সমাজ গঢ়িবলৈ অনুপ্ৰাণিত কৰে। মুখ্যমন্ত্ৰীয়ে এই উৎসৱৰ সময়ত প্রাকৃতিক পৰিবেশ অক্ষুণ্ণ ৰাখিবলৈ আহ্বান জনায়। আনহাতে কালী পূজা উদ্‌যাপনে অপশক্তি আৰু অপসংস্কৃতিৰ বিৰুদ্ধে যুঁজিবলৈ সকলোকে সাহস যোগায়।

মুখ্যমন্ত্রীয়ে দীপাৱলী উদযাপনৰ জৰিয়তে সমাজ জীৱনত একতাৰ বান্ধোন আৰু অধিক শক্তিশালী হৈ উঠিব বুলি আশা প্রকাশ কৰে। মুখ্যমন্ত্ৰীয়ে দীপাৱলীৰ এই শুভক্ষণত অপশক্তিৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হৈ সমাজখনক ভাতৃত্ববোধৰ বান্ধোনেৰে আগুৱাই নিয়াৰ বাবে সংকল্প ল’বলৈ সকলোকে আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে কালী পূজা আৰু দীপাৱলী উদযাপনৰ জৰিয়তে সকলোৰে জীৱন আলোকময় হৈ উঠিব বুলিও আশা প্রকাশ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছ’চিয়েল মিডিয়াত ভাইৰেল অফাৰ, ১ টকাৰ SALEৰ বাবে মুম্বাইত হাহাকাৰ

মুম্বাইৰ মালাডস্থিত ইনফিনিটি মলত শনিবাৰে এক অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি...

মূৰত চুলি নথকাৰ বাবে বাগদত্তাই হত্যা কৰিছিল নেকি কেতন আগৰৱালক?

মূৰত চুলি নথকাৰ বাবে বাগদত্তাই হত্যা কৰিছিল নেকি কেতন...

৩ মহীয়া শিশুক লৈ ইউৰোপীয় ইউনিয়নৰ জলবায়ু বৈঠকত উপস্থিত ছুইডেনৰ জলবায়ু মন্ত্ৰী

ছুইডেনৰ জলবায়ু মন্ত্ৰী ৰোমিনা পৌৰমোখতাৰীয়ে তিনিমহীয়া পুত্ৰ আদামক লৈ...