ফটাশিল আমবাৰীৰ হৰিজন কলনীৰ আৱাসীসকলৰ সৈতে দীপাৱলী উদযাপন মন্ত্ৰী সিংহলৰ

ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে পৱিত্ৰ দীপাৱলীৰ ভক্তিমধুৰ ক্ষণত মহানগৰীৰ ফটাশিল আমবাৰীৰ হৰিজন কলনীত উপস্থিত হৈ কলনীত বসবাস কৰা গুৱাহাটী পৌৰ নিগমৰ চাফাইকৰ্মীসকলৰ সৈতে আনন্দ উল্লাসেৰে দীপাৱলী উদযাপন কৰে। মন্ত্ৰীগৰাকীয়ে ফটাশিল আমবাৰীস্থিত সাই বাবা মন্দিৰ, শীতলা মন্দিৰতো উপস্থিত হৈ ৰাজ্যবাসীৰ মংগলৰ লগতে সুখ-শান্তি আৰু সমৃদ্ধিৰ বাবে পূজা-অৰ্চনা তথা প্ৰাৰ্থনা জনায়। তেওঁ কলনীস্থিত ভীমৰাও আম্বেদকাৰৰ প্ৰতিমূৰ্ত্তিতো মাল্যাৰ্পণ কৰি সংবিধান প্ৰণেতাগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে।

অনুষ্ঠানত অংশ লৈ মন্ত্ৰীগৰাকীয়ে কয় যে, গুৱাহাটী মহানগৰীক স্বচ্ছ আৰু নিকা কৰি ৰখাত হৰিজন কলনীৰ বাসিন্দাসকলে অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি আহিছে। সেয়ে এই উছৱৰ ক্ষণত তেওঁ কলনীৰ বাসিন্দাসকলৰ সৈতে দীপাৱলী উদযাপনত অংশগ্ৰহণ কৰাৰ লগতে একেলগে সন্ধিয়াৰ আহাৰ গ্ৰহণ কৰি অতিশয় সৌভাগ্যৱান অনুভৱ কৰিছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো আজি এই কাৰ্যসূচীত উপস্থিত হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল যদিও মধ্যপ্ৰদেশত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা বাবে সেয়া সম্ভৱ নোহোৱাত তেওঁৰ প্ৰতিনিধি হিচাপেও মন্ত্ৰী সিংহলে হৰিজন কলনীৰ আৱাসীসকলক দীপাৱলীৰ ওলগ আৰু শুভকামনা জ্ঞাপন কৰে।

এই কাৰ্যসূচীত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত-সচিব কবিতা পদ্মনাভন আৰু গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মেঘনিধি দাহালৰ লগতে অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুজৰাটৰ মুখ্যমন্ত্ৰীক কমনৱেল্থ গেমছৰ পতাকা প্ৰদান: ২০৩০চনৰ মেগা ইভেণ্টৰ প্ৰস্তুতিৰ আনুষ্ঠানিক শুভাৰম্ভ

গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলক (Bhupendra Patel) আনুষ্ঠানিকভাৱে ২০৩০ চনৰ...

“মই মৃত্যুমুখত পৰিলোহেঁতেন”: মমতা বেনাৰ্জীৰ গাড়ীলৈ শিলাবৰ্ষণ, প্ৰতিবাদকাৰীৰ “চোৰ” ধ্বনি

পশ্চিম বংগৰ পূৰ্বৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা...