নামত পৰিৱৰ্তন, হাতে-কামে অধঃপতন!

নামত পৰিৱৰ্তন
হাতে-কামে অধঃপতন!
লোৰ সাকোৰে নৈৰ ওপৰেৰে মৰণপণ যাতায়াত

দৃশ্যটো সোণতলীৰ জাওকাটাৰ কলহী নৈৰ৷ স্বৰাজোত্তৰ কালৰ পৰাই জাওকাটাৰ কলহী নৈত বাৰিষাত টুলুঙা নাও তথা খৰালিত লোৰ জইছৰ ওপৰেদি এনেদৰে বিপদসংকুল যাতায়াত অব্যাহত ৰাখিছে বৃহত্তৰ অঞ্চলবাসীয়ে৷ লোৰ জইছৰ ওপৰেদিয়েই মৰণক শৰণ দি পাৰাপাৰ হ’বলগীয়া হৈছে শিক্ষাৰ্থীও৷ কলহীৰ পাৰ বজাৰৰ পাৰঘাটত দৈনিক বিপদসংকুলভাৱে শ শ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ জনতাই এনেদৰেই দেখিছে পৰিৱৰ্তনৰ স্থবিৰ মুখ! মাজে মাজে সংঘটিত হৈছে দুৰ্ঘটনা।

কিন্তু ইমানৰ পিছতো কলহী নৈত পকী দলং নিৰ্মাণৰ বাবে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাৰ লগতে স্থানীয় বিধায়িকা নন্দিতা দাসক বাৰম্বাৰ আবেদন-নিবেদন কৰিও ৰাইজে কোনোধৰণৰ সুফল নাপালে৷ জাওকাটাৰ কলহী নৈত এখন পকী দলং নিৰ্মাণ কৰিবলৈ ৰাইজে চৰকাৰক আহ্বান জনাই আহিছে। অন্ততঃ দৈনিক ওলাই যোৱা একোজন লোকে নিৰ্ভয়ে যাতে পাৰ হব পাৰে যোগাযোগৰ একমাত্ৰ পথচোৱাৰ এই বিপদসংকুল ঠাই।

চৰকাৰ আহে যায়। কিন্তু কলহী নৈৰ ওপৰৰ এই ঠাইখিনিত এখন দলং নিৰ্মাণ কৰি দিবলৈহো কোনোৱে আহৰি নাপায়। ফলত উপায়ন্তৰ হৈ বছৰৰ পিছত বছৰ ধৰি দুৰ্ভোগ ভুগিছে সাধাৰণ জনতাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...