প্রবল ভূমিকম্পই শুকুৰবাৰে নিশা জোকাৰি গ’ল নেপাল

পুনৰ পাহাৰীয়া ৰাজ্য নেপাল জোকাৰি গৈছে এক বৃহৎ ভূমিকম্পই। শুকুৰবাৰে নিশা হোৱা এই ভূমিকম্পৰ ফলত ডেৰ শতাধিক লোকৰ প্রাণ হেৰুৱাৰ বাতৰি আহিছে। এতিয়াও বহু লোক ধ্বংসস্তূপৰ মাজত আবদ্ধ হৈ থকাৰ বাতিৰ আহিছে। ফলত ভূমিকম্পত নিহত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে।

প্রবল ভূমিকম্পই শুকুৰবাৰে নিশা জোকাৰি গ’ল নেপাল

ৰিখতাৰ স্কেলত ৬.৪ প্রাবল্যৰ ভূমিকম্পত তচনচ নেপালৰ পশ্চিম প্রান্ত

ভূমিকম্পত নিহতৰ সংখ্যা ডেৰ শতাধিক, আহত বহু লোক

ভূমিকম্পই জোকাৰি গ’ল দিল্লী, লক্ষ্ণৌ চহৰসহ উত্তৰ ভাৰতৰ বিস্তীৰ্ণ এলেকা

পুনৰ আন এক ভূমিকম্পই জোকাৰি গ’ল পাহাৰীয়া দেশ নেপাল। এই ভূমিকম্পত নেপালৰ পশ্চিম প্ৰান্তৰ দুৰ্গম পাহাৰীয়া এলেকাত বিস্তৰ ক্ষতিসাধন হৈছে। নেপালৰ জাজাৰকোট এলেকা অধিক ক্ষতিগ্রস্ত হোৱাৰ বাতৰি আহিছে। ইতিমধ্যে নেপালৰ কেইবাখনো হাস্পতাল ভূমিকম্পত আঘাতপ্ৰাপ্ত লোকৰ বাবে উৎসৰ্গিত কৰা হৈছে। ভূমিকম্পৰ ফলত ভালেসংখ্যক ঘৰ–দুৱাৰৰ বিস্তৰ ক্ষতিসাধন হৈছে। এই ভূমিকম্পই অভিকেন্দ্রৰ পৰা প্রায় ৫০০ কিলোমিটাৰ নিলগত থকা কাঠমাণ্ডু মহানগৰকো জোকাৰি যায়। ভূমিকম্পৰ জোকাৰণি অনুভূত হয় উত্তৰ ভাৰতৰ দিল্লী, চণ্ডীগড়, লক্ষ্ণৌ আদি মহানগৰসমূহত।

ভূমিকম্পত নিহত নালগাড পৌৰসভাৰ ডেপুটী মেয়ৰ সৰিতা সিং

জাজাৰকোট এলেকাৰ পৰা এতিয়ালৈ ৫৫টা মৃতদেহ উদ্ধাৰ

নেপালৰ পশ্চিম ৰুকুম এলেকাৰ পৰা ৩৬টা মৃতদেহ উদ্ধাৰ

আঠবিছকট এলেকাতো উদ্ধাৰ হ’ল ৩৬গৰাকী লোকৰ মৃতদেহ

ইতিমধ্যে, ঘটনাস্থলীত উপস্থিত হৈছে নেপালৰ প্রধানমন্ত্ৰী পুষ্পকমল দাহাল প্রচণ্ড। উদ্ধাৰকাৰী দলে সম্প্ৰতি এলেকাটোত অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। এতিয়াও বহু লোক ধ্বংসস্তূপৰ মাজত আবদ্ধ হৈ থকাৰ বাতৰি আহিছে। ভাৰতৰ প্রধানমন্ত্ৰী নৰেন্দ্র মোদীয়েও ভূমিকম্পত নিহত লোকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰাৰ উপৰিও নেপালক সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস দিছে।  উল্লেখ যে, ভূমিকম্পপ্রৱণ নেপালত সঘনে ভূমিকম্প উদ্ভৱ হোৱা পৰিলক্ষিত হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...