কাজিৰঙাত বলীউডৰ মোহময়ী অভিনেত্ৰী দিয়া মিৰ্জা

কাজিৰঙালৈ আহিল বলীউডৰ মোহময়ী অভিনেত্ৰী দিয়া মিৰ্জা। কেৱল কাজিৰঙা দৰ্শনেই নহয়। লৈ আহিছে মহৎ উদ্দেশ্য। কাজিৰঙাৰ পানবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃসংস্থাপন কেন্দ্ৰটোৰ বিষয়ববীয়াৰ সৈতে এক আলোচনাত বহে অভিনেত্ৰীগৰাকী। ৰুচিশীল ব্যক্তিত্বৰে সমৃদ্ধ বলীউডৰ অভিনেত্ৰীগৰাকীয়ে সততে দেখুৱাই আহিছে সমাজ সচেতনতা।

দীপাৱলীৰ আগতেই যেন চাকি জ্বলিছে!
কাজিৰঙালৈ বলীউডৰ পৰা আহিছে দিয়া মিৰ্জা
WTIৰ ব্ৰেণ্ড এম্বেচাদৰ অভিনেত্ৰী দিয়া মিৰ্জা
এচাম ৰুচিশীল দৰ্শকৰ অতিকৈ আপোন এইগৰাকী অভিনেত্ৰী
পৰিদৰ্শন কৰিলে কাজিৰঙাৰ অগৰাতলী বনাঞ্চল
প্ৰকৃতিৰ প্ৰতি তেওঁৰ অপাৰ প্ৰেম আৰু দায়বদ্ধতা

দীপাৱলীৰ আগতেই যেন চাকি জ্বলিছে!
কাজিৰঙালৈ বলীউডৰ পৰা আহিছে দীয়া মিৰ্জা

আজি পুৱা কাজিৰঙাৰ পানবাৰীতস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃ সংস্থাপন কেন্দ্ৰটোৰ বিষয় ববীয়াৰ সৈতে এক আলোচনাত বহে অভিনেত্ৰীগৰাকী। বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃ সংস্থাপন কেন্দ্ৰ পৰিদৰ্শনো কৰে অভিনেত্ৰীগৰাকীয়ে। বিষয়ববীয়া আৰু কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰাৰ ওপৰিও একেলগে ফটো উঠিলে এক ৰুচিশীল ব্যক্তিত্বৰে সমৃদ্ধ বলীউডৰ অভিনেত্ৰীগৰাকীয়ে। উল্লেখ্য যে,
WTIৰ ব্ৰেণ্ড এম্বেচাদৰ অভিনেত্ৰী দিয়া মিৰ্জা

সেই উপলক্ষে দীয়াৰ এই কাজিৰঙা ভ্ৰমণ। REHNA HAI TERE DIL MEIN, TUMKO NA BHOOL PAYENGE, SANJU আদি ছবিত সাৱলীল অভিনয়েৰে এচাম ৰুচিশীল দৰ্শকৰ অতিকৈ আপোন এইগৰাকী অভিনেত্ৰী। দীৰ্ঘ দিনৰে পৰা বলীউডৰ অভিনেত্ৰীসকলৰ মাজৰ এগৰাকী অন্যতম লেখত লবলগীয়া অভিনেত্ৰীগৰাকীৰ আছে প্ৰকৃতিৰ প্ৰতি অপাৰ প্ৰেম আৰু দায়বদ্ধতা। সেয়ে কেতিয়াবা হিমালয়ৰ কোনো জনবসতিপূৰ্ণ ঠাইতো স্বচ্ছতাৰ বাবে হাত উজান দিয়া দেখা যায় দীয়াক।

কাজিৰঙা ভ্ৰমণ কালত আঘাত প্ৰাপ্ত বন্য জীৱকূলক পৰিদৰ্শন কৰে অভিনেত্ৰীগৰাকীয়ে। আনহাতে পৰিদৰ্শন কৰে কাজিৰঙাৰ অগৰাতলী বনাঞ্চল। জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ আগমণে সুখী কৰিল কাজিৰঙাৰ পুনঃ সংস্থাপন কেন্দ্ৰটোৰ বিষয়ববীয়াকো।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুজৰাটৰ মুখ্যমন্ত্ৰীক কমনৱেল্থ গেমছৰ পতাকা প্ৰদান: ২০৩০চনৰ মেগা ইভেণ্টৰ প্ৰস্তুতিৰ আনুষ্ঠানিক শুভাৰম্ভ

গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলক (Bhupendra Patel) আনুষ্ঠানিকভাৱে ২০৩০ চনৰ...

“মই মৃত্যুমুখত পৰিলোহেঁতেন”: মমতা বেনাৰ্জীৰ গাড়ীলৈ শিলাবৰ্ষণ, প্ৰতিবাদকাৰীৰ “চোৰ” ধ্বনি

পশ্চিম বংগৰ পূৰ্বৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা...