ৰাজ্যৰ ঠায়ে ঠায়ে দেখিবলৈ পোৱা গৈছে কাতিৰ গা ভৰা পথাৰ

আঘোণলৈ কেইদিন? তাৰ পূৰ্বেই এতিয়া ৰাজ্যৰ ঠায়ে ঠায়ে দেখিবলৈ পোৱা গৈছে কাতিৰ গা ভৰা পথাৰ। গাভৰু সোণগুটিয়ে সোণোৱালী সপোন সিঁচিছে কৃষকৰ মনত। চাৰিকৰীয়াৰ পাৰৰ ঢকুৱাখনাত কাঁচিৰ আগেৰে শৰ ফালি ফালি গুছি গৈছে কৃষক-দাৱনী। কান্ধ ভাৰ কৰি দাঙি নিছে বছৰটোৰ সাহস, পৰিয়ালটোৰ প্ৰত্যয়।

কাতিতে কলপকা দিছে ধানে
কৃষকৰ নাকেৰে উজাই আহিছে পকা ধানৰ ফুৰফুৰীয়া গোন্ধ
দাৱনীৰ খিলি খিলি জাকৈয়া হাঁহিৰ জোৱাৰ উঠিছে পথাৰত

গাভৰু সোণগুটিয়ে সোণোৱালী সপোন সিঁচিছে কৃষকৰ মনত। আঘোণৰ প্ৰাকক্ষণত ঢকুৱাখনাৰ পথাৰে পথাৰে দেখা গৈছে উছাহৰ ঢল। ঢকুৱাখনাৰ পিঠিয়াল গাঁৱৰ পথাৰত দেখা গৈছে চহা কৃষকৰ ভীষণ ব্যস্ততা। আনন্দ-ফুৰ্তিৰে পথাৰত ধান কটাৰ লগতে বিহুনামেৰে মুখৰিত হৈ পৰিছে ঢকুৱাখনাৰ পিঠিয়াল গাঁৱৰ কাতিমহীয়া পথাৰ।

বতাহত হালি-জালি নাচি থকা সোণালী ধাননি দৰাই কৃষকৰ মনলৈ কঢ়িয়াই আনিছে অপাৰ আনন্দ। জাক-জাক দাৱনীয়ে হাতত কাঁচি লৈ নামি পৰিছে পথাৰত। প্ৰখৰ ৰ’দকো নেওচি পুৱাৰ পৰা গধূলিলৈ কৃষক-দাৱনীৰ ব্যস্ত হৈ পৰিছে ধান কটাত। কাৰণ এইবাৰ ধান ভাল হৈছে!

পকা ধানে ৰিঙিয়াই মাতিছে কৃষক-দাৱনীক। শান দিয়া কাঁচিৰে ধানৰ আগ কাটি ৬ মুঠিৰে সাঁজিছে ঠৰ। পাহুৱালজনে আঠ ঠৰীয়া ডাঙৰি ল’লেও কোনোজনে সাধ্যানুসৰি বিৰিয়াত আঁটিছে ঠৰ। কোনোজনে তমাল চাঁচিছে। কাঁচিৰ আগেৰে শৰ ফালি ফালি গুছি গৈছে কৃষক-দাৱনী। কান্ধ ভাৰ কৰি দাঙি নিছে বছৰটোৰ সাহস, পৰিয়ালটোৰ প্ৰত্যয়। ঘৰমুৱা বেলিটো মূৰতে লৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২৫ বছৰৰ মূৰত গ্ৰেপ্তাৰ হ’ল মণিকা! চৰকাৰক প্ৰতাৰণা কৰি ১৯৯৯চনত দেশ এৰি গৈছিল মণিকা

২৫ বছৰ! কেন্দ্ৰীয় চৰকাৰৰ সৈতে প্ৰৱঞ্চনা আৰু ব্যৱসায়িক কেলেংকাৰীৰ...

ইৰানলৈ অস্ত্ৰ সৰবৰাহ আৰম্ভ কৰিলে চীনে

ইজৰাইলৰ সৈতে যুদ্ধবিৰতিক ‘ঢাল’ হিচাপে ব্যৱহাৰ কৰি ইৰানে চীনৰ...

মহাকাশচাৰীসকলে মহাকাশত কিদৰে শুৱে, কিদৰে খায়?

মহাকাশত এদিনত ১৬ বাৰ সূৰ্য উদয় হয় আৰু ১৬...

চৰকাৰ বিৰোধী প্ৰতিবাদত উত্তাল কেনিয়া! আৰক্ষীৰ গুলীত নিহত ১১জন, সংঘৰ্ষত আহত আৰক্ষী

কেনিয়াত পুনৰ চৰকাৰবিৰোধী আন্দোলন গা কৰি উঠিছে। ৰাষ্ট্ৰপতি উইলিয়াম...