ৰাজ্যৰ ঠায়ে ঠায়ে দেখিবলৈ পোৱা গৈছে কাতিৰ গা ভৰা পথাৰ

আঘোণলৈ কেইদিন? তাৰ পূৰ্বেই এতিয়া ৰাজ্যৰ ঠায়ে ঠায়ে দেখিবলৈ পোৱা গৈছে কাতিৰ গা ভৰা পথাৰ। গাভৰু সোণগুটিয়ে সোণোৱালী সপোন সিঁচিছে কৃষকৰ মনত। চাৰিকৰীয়াৰ পাৰৰ ঢকুৱাখনাত কাঁচিৰ আগেৰে শৰ ফালি ফালি গুছি গৈছে কৃষক-দাৱনী। কান্ধ ভাৰ কৰি দাঙি নিছে বছৰটোৰ সাহস, পৰিয়ালটোৰ প্ৰত্যয়।

কাতিতে কলপকা দিছে ধানে
কৃষকৰ নাকেৰে উজাই আহিছে পকা ধানৰ ফুৰফুৰীয়া গোন্ধ
দাৱনীৰ খিলি খিলি জাকৈয়া হাঁহিৰ জোৱাৰ উঠিছে পথাৰত

গাভৰু সোণগুটিয়ে সোণোৱালী সপোন সিঁচিছে কৃষকৰ মনত। আঘোণৰ প্ৰাকক্ষণত ঢকুৱাখনাৰ পথাৰে পথাৰে দেখা গৈছে উছাহৰ ঢল। ঢকুৱাখনাৰ পিঠিয়াল গাঁৱৰ পথাৰত দেখা গৈছে চহা কৃষকৰ ভীষণ ব্যস্ততা। আনন্দ-ফুৰ্তিৰে পথাৰত ধান কটাৰ লগতে বিহুনামেৰে মুখৰিত হৈ পৰিছে ঢকুৱাখনাৰ পিঠিয়াল গাঁৱৰ কাতিমহীয়া পথাৰ।

বতাহত হালি-জালি নাচি থকা সোণালী ধাননি দৰাই কৃষকৰ মনলৈ কঢ়িয়াই আনিছে অপাৰ আনন্দ। জাক-জাক দাৱনীয়ে হাতত কাঁচি লৈ নামি পৰিছে পথাৰত। প্ৰখৰ ৰ’দকো নেওচি পুৱাৰ পৰা গধূলিলৈ কৃষক-দাৱনীৰ ব্যস্ত হৈ পৰিছে ধান কটাত। কাৰণ এইবাৰ ধান ভাল হৈছে!

পকা ধানে ৰিঙিয়াই মাতিছে কৃষক-দাৱনীক। শান দিয়া কাঁচিৰে ধানৰ আগ কাটি ৬ মুঠিৰে সাঁজিছে ঠৰ। পাহুৱালজনে আঠ ঠৰীয়া ডাঙৰি ল’লেও কোনোজনে সাধ্যানুসৰি বিৰিয়াত আঁটিছে ঠৰ। কোনোজনে তমাল চাঁচিছে। কাঁচিৰ আগেৰে শৰ ফালি ফালি গুছি গৈছে কৃষক-দাৱনী। কান্ধ ভাৰ কৰি দাঙি নিছে বছৰটোৰ সাহস, পৰিয়ালটোৰ প্ৰত্যয়। ঘৰমুৱা বেলিটো মূৰতে লৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মীৰাটৰ ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডত পত্নী মুস্কান ৰাস্তোগী আৰু প্ৰেমিক চাহিল শুক্লাক মৃত্যুদণ্ড

উত্তৰ প্ৰদেশৰ মীৰাটৰ বহুচৰ্চিত ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডৰ গোচৰত ডাঙৰ...

জুবিন গাৰ্গৰ ন্যায়ৰ স্বাৰ্থত মোৰ সাক্ষ্যই সহায় কৰিলে জীৱন সাৰ্থক হ’ব: ৰাজেশ ভূঞা

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক কেন্দ্ৰ কৰি আজি আদালতত সাক্ষ্যদানৰ...

‘লাঠিৰ প্ৰত্যুত্তৰ বাঁহীৰে…!’ প্ৰতিবাদকাৰীক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ অভিযোগৰ মাজতে বাঁহীৰে প্ৰতিবাদ ৰাহুল গান্ধীৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ...

দুৰ্গোৎসৱক লৈ মহানগৰ আৰক্ষীৰ কঠোৰ নিৰ্দেশনা; নিশা ১০ বজাৰ পাছত উচ্চস্বৰত বজাব নোৱাৰিব মাইক

গুৱাহাটী মহানগৰীত শাৰদীয় দুৰ্গোৎসৱ সুকলমে আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ...