ক’ভিড ভেকচিন লোৱা নাই নেকি? ভেকচিন নোলোৱা লোকৰ মৃত্যুৰ হাৰ ৮২.৯%

GMCHৰ সমীক্ষাত পোহৰলৈ আহিছে বিস্ফোৰক তথ্য। ক’ভিড ভেকচিন নোলোৱা লোকৰ মৃত্যুৰ হাৰ চিন্তনীয়ভাৱে বৃদ্ধি ৮২.৯ শতাংশলৈ। চলিত বৰ্ষৰ এপ্রিল মাহৰ পৰা GMCHত ভৰ্তি হোৱা ক’ভিড আক্রান্ত লোকৰ মাজত চলোৱা হৈছিল সমীক্ষা। NHMৰ তৎপৰতাত GMCHত চলোৱা সমীক্ষাত পোহৰলৈ আহিছে উদ্বেগজনক বিষয়। প্রতিষেধক গ্রহণ নকৰাকৈ ক’ভিড আক্রান্ত হোৱা লোকৰ GMCHত মৃত্যুৰ হাৰ চিন্তনীয়ভাৱে বৃদ্ধি। সেয়ে প্রতিষেধক গ্রহণ নকৰা প্রত্যেককে ক’ভিড প্রতিষেধক ল’বলৈ আহ্বান GMCHৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাৰ। ৰাজ্যত এতিয়াও শাম কটা নাই ক’ভিড পৰিস্থিতি। দৈনিক সংক্রমিত হৈয়েই আছে মানুহ। নিতৌ মানুহৰ শৰীৰত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি। দ্বিতীয়বাৰৰ বাবেও আক্রান্ত হৈছে বহু লোক। এনে সময়ত সকলোকে সজাগ–সচেতন হোৱাৰ আহ্বান অধীক্ষক ডাঃ শৰ্মাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...